Logo
image

অস্বাভাৱিক ভিৰ আৰু গৰমেই প্ৰাণ ল’লে কেকেৰ!

ইমান গৰমতো কিয় বিকল আছিল কলকাতাৰ নজৰুল মঞ্চৰ প্ৰেক্ষাগৃহৰ এচি! প্ৰশ্ন অনুৰাগীৰ

আমাৰ অসম, ২ জুনঃ মঙলবাৰে সন্ধিয়া দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত বলীউডৰ জনপ্ৰিয় গায়ক কেকেই গীত পৰিৱেশন কৰাৰ সময়তে প্ৰচণ্ড গৰমৰ বাবে অসুস্থ হৈ পৰিছিল আৰু ইয়াৰ বাবেই হাৰ্ট এটেকৰ বলি হৈ কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যুক সাবটি লয়৷ কলকাতাৰ বিবেকানন্দ কলেজৰ দ্বাৰা নজৰুল মঞ্চৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সংগীতানুষ্ঠানত আমন্ত্ৰণ কৰি অনা হৈছিল প্ৰখ্যাত গায়কজনক৷ কিন্তু এই অনুষ্ঠানলৈ আহিয়েই কেকেই মৃত্যুক সাবটি লয়৷ গতিকে তেওঁৰ অনুৰাগীসকলে মহাবিদ্যালয় আৰু নজৰুল মঞ্চৰ কতৃৰ্পক্ষকে ইয়াৰ বাবে দোষ জাপি দিয়ে৷ কাৰণ প্ৰেক্ষাগৃহত যিমান মানুহ হ’ব লাগিছিল, তাতকৈ অধিক সমাগম হৈছিল৷ তাতকৈ ডাঙৰ কথা হ’ল প্ৰেক্ষগৃহ আৰু মঞ্চৰ এচিবোৰে কাম কৰা নাছিল৷ গতিকে মঞ্চত গীত গাই থকাৰ সময়ত বাৰে বাৰে ঘামি উঠিছিল কেকে৷ ৰুমালেৰে কেইবাবাৰো মুখ মোহাৰিছিল আৰু অধিক গৰম সৃষ্টি কৰা মঞ্চৰ লাইটবোৰ কম কৰিবলৈ ইংগিত দিছিল৷ কিন্তু তেওঁৰ ইংগিত বুজি পোৱা নাছিল মঞ্চ পৰিচালনা কৰা লোকসকলে৷ গতিকে সকলোৱে এতিয়া ক’বলৈ ধৰিছে যে অনুষ্ঠানৰ উদ্যেক্তাসকলো বহু পৰিমাণে দায়ী৷ তেওঁলোকৰ অদূৰদৰ্শিতাৰ বাবেই প্ৰখ্যাত গায়কজনে মৃত্যুক সাবটি ল’বলগীয়া হ’ল৷ নজৰুল মঞ্চৰ অনুষ্ঠানত উপস্থিত থকা লোকসকলেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে আয়োজকৰ বিৰুদ্ধে এনে অভিযোগ আনে৷ প্ৰয়োজনতকৈ বহু বেছি লোকৰ সমাগম দেখি প্ৰথমে কেকেই গাড়ীৰ পৰা নামিবলৈকে দ্বিধাবোধ কৰিছিল৷ কেনোমতে ভিৰৰ মাজেৰে তেওঁক গ্ৰীনৰূমলৈ অনা হৈছিল৷ প্ৰেক্ষাগৃহৰ ভিতৰত ইমান বেছি ভিৰ হোৱাৰ বাবেও গৰম যথেষ্ট হয়৷ গীত গোৱা মঞ্চৰ আশে-পাশেও বহু লোকৰ ভিৰ হৈছিল৷ গতিকে কেকেক চিকিৎসা কৰা ডাঃ কুনাল সৰকাৰেও দুখ প্ৰকাশ কৰি কয় যে ইমান ভিৰ আৰু গৰমৰ মাজত অনুষ্ঠান পৰিৱেশন কৰাটোৱেই ভুল আছিল৷ তাতকৈ ডাঙৰ কথা হ’ল দুঘণ্টা পলমকৈ হাস্পতাললৈ নিয়া হৈছিল কেকেক৷