Logo
image

পৰৱৰ্তী ৰাষ্ট্ৰপতি-উপৰাষ্ট্ৰপতিৰ বাবে চৰ্চাত নাকভিৰ নাম

আমাৰ অসম, ৭ জুনঃ পাৰস্য উপ-সাগৰীয় আৰৱ দেশৰ সৈতে ভাৰতৰ সংঘাত সৃষ্টি হোৱাৰ সময়তে সেই সংঘাত নিৰসন আৰু পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে একাংশ ভাৰতীয় ইছলাম ভোটাৰৰ বিজেপিৰ প্ৰতি বিশ্বাস ঘূৰাই অনাৰ স্বাৰ্থত এইবাৰ দেশে এজন মুছলিম উপ-ৰাষ্ট্ৰপতি পাব পাৰে৷ শেহতীয়াকৈ বিজেপিয়ে ৰাজ্যসভাৰ নিজৰ দলৰ উপ- দলপতি আৰু কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ আব্বাচ নকভিক ৰাজ্যসভাৰ টিকট প্ৰদান নকৰাত তেওঁৰ প্ৰতি দলটোৱে আন বিশেষ পৰিকল্পনা ৰচনা কৰা বুলি দেশৰ ৰাজনীতিত চৰ্চা হৈছে৷ মুছলমান হৈও বিজেপি আৰু আৰএছএছৰ সৈতে ঘনিষ্ঠতাৰ সুবাদত যোৱা আঠ বছৰ ধৰি কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে মুখতাৰ আব্বাচ নকভি৷ দেশৰ ২৫খন ৰাজ্যত খালী হ’বলগীয়া মুঠতে ৫৭খন ৰাজ্যসভাৰ আসনৰ বাবে অহা ১০ জুনত নিৰ্বাচন অনুষ্ঠিত  হ’ব৷ তাৰ বাবে বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ সেই তালিকাত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাচ নকভিৰ নাম নাই৷ ধাৰণা কৰা হৈছিল উত্তৰপ্ৰদেশৰ ৰামপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত তেওঁক প্ৰাৰ্থী কৰি বিজেপিয়ে লোকসভালৈ নিৰ্বাচিত কৰি আনিব৷ কিন্তু সমাজবাদী পাৰ্টীৰ বিয়াগোম নেতা আজম খানৰ সমষ্টিত বিজেপিয়ে মুখতাৰ আব্বাচ নকভিক প্ৰাৰ্থী নকৰিলে৷ তাৰ পাছতে মুখতাৰ আব্বাচ নকভিৰ ভৱিষ্যতক লৈ বিজেপিৰ অভ্যন্তৰ আৰু দেশৰ ৰাজনীতিত প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো অহা ৬ জুলাইত মুখতাৰ আব্বাচ নকভিৰ ৰাজ্যসভাৰ কাৰ্যকাল শেষ হ’ব৷ যদিও সংবিধান অনুসৰি তেওঁ পৰৱৰ্তী ছমাহ মন্ত্ৰী হৈ থকাৰ সুযোগ আছে কিন্তু তাৰ পাছত মুখতাৰ আব্বাচ নকভিৰ ভৱিষ্যত কি হ’ব!

সম্প্ৰতি দেশৰ ৰাজনীতিত আৰু দিল্লীৰ ক্ষমতা কৰিডৰত ব্যাপক চৰ্চা হৈছে, বিজেপিয়ে মুখতাৰ আব্বাচ নকভিক ৰাজ্যসভা কিম্বা লোকসভালৈ নিৰ্বাচিত কৰি ননাৰ আঁৰত এক ডাঙৰ পৰিকল্পনা আছে৷ সেই পৰিকল্পনা অনুসৰি বিজেপিয়ে তেওঁক অচিৰেই দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ  পৰিকল্পনা কৰিছে৷ কেইমাহমানৰ ভিতৰতে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি উভয়ৰে কাৰ্যকালৰ সমাপ্তি ঘটিব৷ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেয়ে বিজেপিয়ে ৰাষ্ট্ৰপতিৰ আসনত এগৰাকী পিছপৰা সম্প্ৰদায়ৰ মহিলা আৰু উপ-ৰাষ্ট্ৰপতিৰ আসনত মুছলিম নেতাক অধিষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে৷ যাতে বিজেপিয়ে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলিত ভোটাৰ আৰু মুছলমান ভোটাৰৰ পৰা বিশ্বাস অৰ্জন কৰিব পাৰে৷ বিজেপি আৰু আৰএছএছৰ আটাইতকৈ আস্থাভাজন মুছলিম নেতা মুখতাৰ আব্বাচ নকভিৰ বাহিৰে আন কোনো নাই৷ সেয়ে বিজেপিয়ে তেওঁক দেশৰ উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত কৰিবলৈ একপ্ৰকাৰ সিদ্ধান্ত লৈ পেলাইছে৷ এনে পৰিকল্পনাৰ অংশ হিচাপেই কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাচ নকভিক লোকসভা কিম্বা ৰাজ্যসভাৰ বাবে  বিজেপিয়ে নিৰ্বাচিত কৰাৰ পৰা দূৰত আছে৷ সম্প্ৰতি তেওঁ ঝাৰখণ্ডৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ আহি দুটা কাৰ্যকাল একেৰাহে সম্পূৰ্ণ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দীৰ্ঘদিন অতিবাহিত কৰিছে মুখতাৰ আব্বাচ নকভিয়ে৷ বিজেপিৰ প্ৰতি মুছলমান বিৰোধী বুলি উঠা সকলো বিষয়তে গেৰুৱা দলটোৰ হৈ প্ৰতিৰোধ কৰে স্বয়ং মুখতাৰ আব্বাচ নকভিয়ে৷ বিজেপিৰ প্ৰতি  তেওঁ আগবঢ়োৱা এই নিৰন্তৰ সেৱাৰ প্ৰতিদান হিচাপে গেৰুৱা দলটোৱে তেওঁক উপ-ৰাষ্ট্ৰপতিৰ পদ দিবলৈ সাজু হৈ আছে৷ এনে সময়তে বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ হজৰত মহম্মদ বিৰোধী অসন্মানজনক বক্তব্যই মুছলিমপ্ৰধান দেশ, ঘাইকৈ আৰৱ দেশৰ ওচৰত ভাৰতক অস্বস্তিত পেলাইছে৷ এনে পৰিস্থিতিত বিজেপি চৰকাৰৰ বাবে মুখতাৰ আব্বাচ নকভিক দেশৰ উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত কৰাটো তেনে দেশৰ প্ৰতিও বিশ্বাস অৰ্জনৰ পদক্ষেপ হৈ পৰিব৷ এই সকলো সমীকৰণৰ ফল হ’ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাচ নকভিৰ উপ-ৰাষ্ট্ৰপতি পদলৈ উত্তৰণ৷