Logo
image

শ্বটছ বডী স্প্ৰেৰ বিজ্ঞাপন বন্ধ

যৌন উদ্দীপক আৰু ধৰ্ষণক উচতনি!
আমাৰ অসম, ৭ জুনঃ লেয়াৰ কোম্পানীৰ ‘শ্বটছ’ নামৰ বডী স্প্ৰেৰ শেহতীয়া বিজ্ঞাপনক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে ‘এডভাৰটাইজমেণ্ট ষ্টেণ্ডাৰ্ডছ কাউন্সিল অৱ ইণ্ডিয়া’ চমুকৈ ‘এএছচিআই’ৰ দ্বাৰা এই বডী স্প্ৰেটোৰ বিতৰ্কিত বিজ্ঞাপন বন্ধ কৰি দিয়া হয়৷ তদুপৰি বিজ্ঞাপন পৰিষদে এই বিজ্ঞাপনটোৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ‘ছাছপেণ্ডেড পেণ্ডিং ইনভেষ্টিগেশ্বন’ৰো ব্যৱস্থা কৰে আৰু লেয়াৰ কোম্পানীৰ পৰা সবিশেষ তথ্য বিচাৰে৷ লেয়াৰ ব্ৰেণ্ডৰ এই বিজ্ঞাপনটোৱে বিজ্ঞাপনৰ মানদণ্ডৰ সকলো নিয়ম ভংগ কৰিছে বুলিও পৰিষদে মন্তব্য কৰে৷ উক্ত বিজ্ঞাপনটো চোৱাৰ পাছতে ‘এএছচিআই’ৰ বিষয়াসকল ক্ষুব্ধ হৈ পৰে আৰু বিজ্ঞাপনটো বন্ধ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে৷ উক্ত বিজ্ঞাপনে ‘এএছচিআই’ৰ ২ নং ধাৰাৰ সকলো নিয়ম ভংগ কৰিছে৷ উল্লেখ্য, উক্ত যৌন উদ্দীপক বিজ্ঞাপনটোৱে মহিলাক অপমান কৰাৰ লগতে ধৰ্ষণৰ দৰে ঘটনাক উচতনি দিয়া বুলি দেশজুৰি ব্যাপক সমালোচনা হৈছে৷ দিল্লী মহিলা আয়োগৰ দ্বাৰা লেয়াৰ ব্ৰেণ্ডলৈ জাননীও জাৰি কৰা হৈছে৷ শনিবাৰে ভাৰত চৰকাৰে টুইটাৰ আৰু ইউটিউবক নিৰ্দেশ দিছিল এই বিজ্ঞাপনটো মচি পেলাবলৈ৷