Logo
image

আম্বানিৰ বাবে ৭ ট্ৰাক হাতী

নামচাইৰ পৰা গুজৰাটৰ ‘এনিমেল কিংডম’ক বিক্ৰী

আমাৰ অসম, ৭ জুনঃ দেশৰ আটাইতকৈ চহকী উদ্যোগী মুকেশ আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰবৰাহ কৰিছে এটাৰ পাছত এটাকৈ বন্য জীৱ-জন্তু৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ব্লেংক পেন্থাৰ অৰ্থাৎ ঘোং গুজৰাটৰ জাম নগৰস্থিত ৰিলায়েঞ্চ গ্ৰুপৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰাৰ পাছত এইবাৰ অসমৰ মাজেৰে ওলাই গ’ল অৰুণাচলৰ ১৪ টা হাতী৷ উদ্যোগী মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰই গুজৰাটত ২৮০ এক ভূমিত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ব বৃহৎ চিৰিয়াখানলৈ অৰুণাচলৰ নামচাইৰ পৰা প্ৰেৰণ কৰা হয় হাতী কেইটা৷ ৭ খন বৃহৎ ট্ৰাকত হাতী কেইটাকৈ সৰবৰাহ কৰা দেখা পাই দেওবাৰে নিশা অৰুণাচলৰ পাচিঘাটত স্থানীয় লোকে ট্ৰাক কেইখন আৱদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ পাছতেই অৰুণাচলৰ বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰাত বৈধ প্ৰক্ৰিয়াই ঘৰচীয়া হাতী কেইটা আম্বানিয়ে ক্ৰয় কৰাটো নিশ্চিত হয়৷ ফলত অৰুণাচলৰ বন বিভাগে হাতী ভৰ্তি ৭ খন ট্ৰাককে যাবলৈ দিয়াত সোমবাৰে অসমৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হয় ১৪ টাকৈ হাতী৷ উল্লেখ্য, পূৰ্বতে অৰুণাচলত বনাঞ্চলৰ পৰা গছ কঢ়িওৱা কামত হাতী ব্যৱহাৰ কৰাৰ লগতে খামতি জনগোষ্ঠীয় লোকসকলে হাতীৰ সহায়ত কৃষি কৰ্মও কৰিছিল৷ কিন্তু হাতীক কামত নিয়োজিত কৰা নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই আৰ্থিক সমস্যাৰ সন্মুখীন হয় হাতীৰ মালিক আৰু মাউতসকল৷ হাতীৰগৰাকীৰ এই অসহায় অৱস্থাৰ সুযোগ লৈ মুকেশ আম্বানীৰ পুত্ৰৰ মালিকাধীন গ্ৰীণ জুল, জিকেল ৰেছকিউ এণ্ড ৰিহেবিলিটেশ্বন কিংডম কতৃৰ্পক্ষই উত্তৰ-পূবৰ পৰা কম দামত ঘৰচীয়া হাতীসমূহ ক্ৰয় কৰিছে৷ ইয়াৰ পূৰ্বেও আম্বানিৰ উক্ত চিৰিয়াখানালৈ অৰুণাচলৰ পৰা কেইবাটাও হাতী প্ৰেৰণ কৰিছিল৷ এক কথা অসমৰ ঘোং আৰু অৰুণাচলৰ হাতীক প্ৰদৰ্শন কৰি আম্বানিয়ে গুজৰাটত প্ৰকৃতি প্ৰেমৰ অচিলাৰে চিৰিয়াখানা ব্যৱসায়ৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকৰ পৰা কোটি কোটি টকা আয় উপাৰ্জন কৰিব৷