Logo
image

আৰবৰ ৰোষত ভাৰত ব্যাপক বাণিজ্যিক ক্ষতি

দুই বিজেপি নেতাৰ বৰ্খাস্ততো সন্তুষ্ট হোৱা নাই মধ্যপ্ৰাচ্য

আমাৰ অসম, ৭ জুনঃ পাৰস্য উপ-সাগৰীয় দেশৰ ৰঙাচকুৰ সন্মুখত ত্ৰস্তমান মোদী চৰকাৰ৷ পশ্চিম এছিয়াৰ এই আৰৱীয় দেশসমূহ অৰ্থাৎ ছৌদি আৰৱ, কুৱেইট, কাটাৰ, ওমান, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইৰানৰ ৰোষত পৰি শাসনাধিষ্ঠিত দল বিজেপিয়ে তেওঁলোকৰ ইছলামপ্ৰীতি কিমান বেছি সেয়া ৰাজহুৱা ঘোষণাৰে প্ৰকাশ কৰিবলৈ বাধ্য হৈছে৷ বিজেপিয়ে জনাইছে–[১] ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰ্মকে সন্মান কৰে, [২] বিজেপিয়ে কোনো ধৰ্মৰ প্ৰতি আৰু কোনো ধৰ্মৰ লোকৰ প্ৰতি অসন্মান হোৱাতো কোনোপধ্যে সমৰ্থন নকৰে, [৩] কোনো ধৰ্ম আৰু ধৰ্মীয় ভাৱাবেগৰ আৰু আদৰ্শৰ প্ৰতি অসন্মান হোৱাতো বিজেপিয়ে কোনোপধ্যে সমৰ্থন নকৰে আৰু [৪] ভাৰতীয় সংবিধানে প্ৰত্যেক নাগৰিকক তেওঁলোকৰ ইচ্ছানুসৰি ধৰ্ম আৰু ধৰ্মীয় ৰীতি-নীতি পালনৰ স্বাধীনতা প্ৰদান কৰিছে আৰু সকলো ধৰ্মকে সন্মান কৰিবলৈ অধিকাৰ দিছে৷

যোৱা ৮ বছৰ মহাপ্ৰতাপেৰে ৰাজত্ব কৰাৰ পাছত, দেশত ইছলামধৰ্মীৰ প্ৰতি শংকা আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাৰ পাছত কিয় বিজেপিয়ে ৰাজহুৱাকৈ দলৰ মতাদৰ্শ প্ৰচাৰ কৰিবলগীয়া হ’ল, সেই বিষয়ে সম্প্ৰতি সকলোৱেই জ্ঞাত৷ বিজেপিৰ কেন্দ্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাই ‘টাইমছ নাও’ৰ এটা টক শ্ব’ত ভাগ লৈ যোৱা ২৫ মে’ত হজৰত মহম্মদৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছিল৷ কাশীৰ জ্ঞানব্যাপী মছজিদত কুঁৱাৰ ভিতৰত থকা এটা লৌহখণ্ডক হিন্দুত্ববাদীয়ে শিৱলিংগ বুলি কৰা দাবীৰ সন্দৰ্ভত হোৱা টক শ্ব’ত এজন ইছলাম ধৰ্মীয় আলোচক তছলিম ৰহমানীক উদ্দেশ্যি নুপুৰ শৰ্মাই কৈছিল–‘তোমালোকে আমাৰ ধৰ্মক উপহাস কৰা৷ ময়ো কৰো নেকি, কৰো নেকি? তুমি উৰণীয়া ঘোঁৰাত উঠা আৰু ইয়াৰ পৰা পলায়ন কৰা৷ তোমালোকৰ ধৰ্মগুৰু হজৰত মহম্মদে কি কৰিছিল? তেওঁ ৬ বছৰীয়া আয়েশাক বিয়া কৰাইছিল আৰু জ্ঝ বছৰত তেওঁৰ সৈতে সহবাস কৰিছিল৷ সেইবোৰ মিছা নেকি? সেয়া পাপ নহয় নেকি?’ নুপুৰ শৰ্মাৰ এই অপমানজনক মন্তব্য শুনি তছলিম ৰহমানীয়ে কৈছিল, তেওঁ ইছলামৰ প্ৰতি এনে অসন্মানজনক মন্তব্যৰ উত্তৰ দিব নোৱাৰে৷ নুপুৰ শৰ্মাৰ এই মন্তব্যৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো বিজেপিয়ে তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল৷ অথচ নুপুৰ শৰ্মাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ, পুনে, মুম্বাই, হায়দৰাবাদকে ধৰি দেশৰ কমেও চাৰিখন স্থানত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে গোচৰ ৰুজু হৈছিল আৰু কানপুৰ, হায়দৰাবাদ ইত্যাদিত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হৈছিল৷ ইপিনে এনে প্ৰতিকুল পৰিস্থিতি সত্বেও নুপুৰ শৰ্মাই তেওঁৰ প্ৰতি স্বয়ং নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সমৰ্থন থকা বুলি দাবী কৰি ঘটনাৰ ১২ দিন পৰ্যন্ত কোনো ক্ষতিৰ সন্মুখীন নোহোৱাকৈ নিৰ্ভয়ে আছিল৷ প্ত জুন পৰ্যন্ত বিগত ১২ দিনত বিজেপিয়ে নুপুৰ শৰ্মাৰ কোনো দোষ দেখা নাছিল৷ অৱশেষত বিজেপিয়ে প্ত জুনত নুপুৰ শৰ্মাক দলীয় অনুসন্ধান নোহোৱা পৰ্যন্ত নিলম্বিত কৰিছে৷ বিভিন্ন বাতৰিত প্ৰচাৰ হোৱাৰ দৰে দলৰ পৰা বৰ্খাস্ত কৰা নাই৷ প্ৰায় অনুৰূপ অপমানজনক মন্তব্য কৰা দিল্লীৰ মিডিয়া চেলৰ মুৰব্বী নবীন কুমাৰ জিন্দালকহে বিজেপিয়ে বৰ্খাস্ত কৰিছে৷ প্ৰকৃততে বিজেপিয়ে এতিয়াও নুপুৰ শৰ্মাক দোষাৰোপ কৰা নাই৷ কিয়নো বিজেপিৰ বিবৃতিত নুপুৰ শৰ্মাৰ বিৰুদ্ধে বা তেওঁ ভুল কৰা বুলি দলে এটা শব্দও উল্লেখ কৰা নাই৷ দলীয় আভ্যন্তৰীণ তদন্তৰ অন্তত যিকোনো সময়তে অগ্নিবৰ্ষী নেত্ৰী নুপুৰ শৰ্মা বিজেপিলৈ উভটিব৷ 

বিজেপিয়ে হঠাতে তেওঁলোকৰ দল আৰু ভাৰতীয় সংবিধান ধৰ্মনিৰপেক্ষ আৰু সকলো ধৰ্মৰ প্ৰতি সহনশীল বুলি সমগ্ৰ বিশ্বক জনাই বিবৃতি দিয়াৰ প্ৰকৃত কাৰণ কি? দেশৰ অনেককে, আনকি বিজেপিৰ বহু সদস্যকো এই প্ৰশ্নই বিব্ৰত কৰিছে৷ নুপুৰ শৰ্মাই ভাৰতীয় টিভিত মুছলমানক কি ক’লে সেই লৈ বিজেপিয়ে মূৰ ঘমোৱা নাই৷ কিয়নো এনে মন্তব্য বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিয়েই থাকে৷ স্বয়ং কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দিল্লীৰ শ্বাহিনবাগৰ মুছলিম ‘কা’ আন্দোলনকাৰীক দেশৰ গাড্ডাৰ আৰু তেওঁলোকক গুলীয়াই মাৰিব লাগে বুলি দিল্লীৰ নিৰ্বাচনী সভাত কৈছিল৷ তেওঁ কৈছিল–‘দেশ কি গাড্ডাৰোকো, গুলী মাৰো ছালেকো৷’ অনুৰাগ ঠাকুৰ এতিয়াও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বাহাল তবিয়তে আছে৷ এনে ক্ষেত্ৰত টিভিত হোৱা বিতৰ্কত নুপুৰ শৰ্মাই কৰা মন্তব্যক লৈ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিয়ে মূৰ ঘমোৱাৰ প্ৰয়োজন ক’ত? নুপুৰ শৰ্মাৰ মন্তব্যই দেশত বিজেপিৰ নোম এডালো লৰাব নোৱাৰে৷ সেয়ে যোৱা ১২ দিন এই বিষয়ক লৈ দেশত প্ৰতিবাদ আৰু সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা সত্ত্বেও মুঠেই গুৰুত্ব দিয়া নাছিল আৰু নুপুৰ শৰ্মাৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰি আছিল৷  

বিজেপিৰ এই পদক্ষেপ কেৱল নুপুৰ শৰ্মা আৰু নবীন জিন্দালে কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত নহয়৷ বৰং তেওঁলোকৰ মন্তব্যই পাৰস্য উপ-সাগৰীয় আৰৱ দেশত ভাৰতৰ বিৰুদ্ধে সৃষ্টি কৰা প্ৰতিকূল বাতাবৰণৰ বাবে বিজেপিয়ে নুপুৰ শৰ্মাক নিলম্বন আৰু জিন্দালক বৰ্খাস্ত কৰি সকলো ধৰ্মৰ প্ৰতি বিজেপি কিমান সহনশীল সেয়া বুজাবলৈ বাধ্য হৈছে৷ অন্যথা বিজেপিৰ ইছলাম ধৰ্মৰ প্ৰতি এনে সংবেদনশীল স্থিতিক লৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছিল৷ এইক্ষেত্ৰত ধৰ্ম মূল কথা নহয়, বাণিজ্যহে মূল কথা৷ মধ্যপ্ৰাচ্যৰ এই ইছলামিক দেশ কেইখনে বিজেপিৰ মুখপাত্ৰৰ হজৰত মহম্মদ বিৰোধী বক্তব্যক লৈ প্ৰৱল আপত্তি উত্থাপন কৰিছে৷ তদুপৰি কেইবাখনো দেশে ইতিমধ্যে তেওঁলোকৰ দেশত থকা ভাৰতীয় ৰাষ্ট˜দূতক চমন জনাই আনুষ্ঠানিকভাৱে নিজৰ আপত্তি আৰু অসন্তুষ্টি দাখিল কৰিছে৷ আনহাতে এজন প্ৰভাৱশালী মুফটিয়ে আৰৱ দেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ৩ান জনাইছে৷ এই আহ৩ান শুনি কুৱেইট, কাতাৰকে ধৰি কেইবাখনো দেশৰ মল আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় সামগ্ৰী অপসাৰণ কৰা হৈছে৷ পৰিস্থিতি প্ৰতিকূল হ’লে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত থকা প্ৰবাসী ভাৰতীয়সকল গভীৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ 

বিজেপিয়ে মূলতঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ ব্যাপক বাণিজ্যিক ক্ষতি ৰোধ কৰাৰ বাবেই দুজন মুখপাত্ৰক নিলম্বিত তথা বৰ্খাস্ত কৰাৰ লগতে নিজৰ সকলো ধৰ্মৰ প্ৰতি সহনশীল নীতিৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ ভাৰত হৈছে তৃতীয় সৰ্বাধিক মুছলিম প্ৰধান দেশ৷ ভাৰতৰ এটা বৃহৎ অংশৰ নাগৰিকে ঘাইকৈ মধ্যপ্ৰাচ্যৰ দেশত বসবাস কৰে আৰু ব্যৱসায়-বাণিজ্য কৰে৷ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ ভাৰতীয়৷ ছৌদিআৰৱ, কুৱেইট, কাতাৰ, ওমানত বৃহৎসংখ্যক প্ৰবাসী ভাৰতীয় আছে৷ সেই সংখ্যা আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়কে ধৰি জ্জ.৬ নিযুত৷ ইয়াৰে সৰ্বাধিক ভাৰতীয়ই বাস কৰে মধ্যপ্ৰাচ্যৰ ইছলাম ধম¹য় দেশ কেইখনত৷ তেওঁলোকৰ পৰা ভাৰত চৰকাৰে বছৰি বৃহৎ অংকত এই প্ৰবাসী ভাৰতীয়ৰ পৰা ৰাজহ সংগ্ৰহ কৰে৷ ২০২১ চনত প্ৰবাসী ভাৰতীয়ই দেশলৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণ হৈছে বিশাল ৮৭ বিলিয়ন মাৰ্কিন ডলাৰ৷ এই অংক দেশৰ জিডিপিৰ  ৩.১ শতাংশ৷ ১৯৮০ চনত এই সংখ্যা আছিল ১.৪৫ শতাংশ৷ এই ধনৰ সিংহভাগ আহে আমেৰিকাৰ উপৰি ছৌদিআৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহী, কাতাৰ আৰু ওমানৰ পৰা৷ স্বাভাৱিকতে বিজেপিৰ মুখপাত্ৰৰ বক্তব্যত সেই দেশকেইখনৰ চৰকাৰ আৰু ধৰ্মীয় নেতা জাঙুৰ খাই উঠিলে বিজেপি নেতৃত্বাধীন চৰকাৰখন বিপদত পৰাৰে কথা৷   যিকোনো প্ৰকাৰে এনে পৰিস্থিতিত বিজেপি চৰকাৰে সেই দেশৰ ৰোষ প্ৰশমিত কৰিবই লাগিব৷ লাগিলে দেশৰ মুছলিম বিজেপিৰ  প্ৰতি বিগত আঠ বছৰৰ দৰে সৰ্বদা অসন্তুষ্ট হৈয়েই থাকক, আৰৱ দেশক অসন্তুষ্ট কৰাটো অসম্ভৱ কথা৷ 

বিজেপিৰ এই পদক্ষেপৰ সৈতে মোদী চৰকাৰৰ বাণিজ্যিক দৃষ্টিকোণ প্ৰত্যক্ষভাৱে জড়িত হৈ আছে৷ ভাৰতে ‘গাŒফ কো-অপাৰেচন কাউন্সিলৰ [জিচিচি] সৈতে বাণিজ্যিক চুক্তিত আৱদ্ধ হৈ আছে৷ জিচিচিত অন্তৰ্ভুক্ত হৈ আছে কুৱেইট, কাতাৰ, ওমান, ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী৷ জিচিচিৰ সৈতে ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ বাণিজ্যিক লেনদেনৰ পৰিমাণ ৮৭ বিলিয়ন মাৰ্কিন ডলাৰ৷ শেহতীয়াকৈ ভাৰতে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ সৈতে মুক্ত বাণিজ্যৰ চুত্তিস্ত স্বাক্ষৰ কৰিছে৷ যদিহে এই দেশকেইখন ভাৰতৰ প্ৰতি অসন্তুষ্ট হয় তেন্তে ভাৰতৰ ব্যাপক বাণিজ্যিক ক্ষতি হ’ব৷ ইতিমধ্যে প্ৰভাৱশালী মুফটিয়ে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ৩ান জনোৱাৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে ভাৰত৷ দেশত মুছলিমক মুঠেই গুৰুত্ব নিদিলেও পাৰস্য উপ-সাগৰৰ তীৰত থকা এই ইছলামিক দেশকেইখনক মোদী চৰকাৰে তুষ্ট কৰি ৰাখিবই লাগিব৷ সেই বাবেই বিজেপিয়ে হঠাতে তেওঁলোকৰ ধৰ্মীয় সহনশীলতাৰ বিষয়ে আৰু ভাৰতীয় সংবিধানৰ সকলো ধৰ্মৰ প্ৰতি উদাৰতাৰ ব্যাখ্যা ৰাজহুৱাভাৱে দিবলগীয়া হৈছে৷