Logo
image

নূপুৰ শৰ্মাৰ নিৰাপত্তা বৃদ্ধি মুম্বাইত গোচৰ

আমাৰ অসম, ৮ জুনঃ পয়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি সমগ্ৰ বিশ্বৰ ১৪ খনৰো অধিক ইছলামিক দেশৰ ৰোষত পৰা বিজেপিৰ নিলম্বিত বিতৰ্কিত নেত্ৰী নুপূৰ শৰ্মাৰ নিৰাপত্তা হঠাৎ বৃদ্ধি কৰিলে দিল্লী আৰক্ষীয়ে৷ লক্ষণীয় যে পয়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপূৰ শৰ্মাৰ মন্তব্যকলৈ উত্তাল হৈছে সমগ্ৰ মধ্যপ্ৰাচ্য৷ নিজৰ মাজৰ বৈৰিতা পাহৰি একেমুখে এতিয়া ভাৰতক ভৎৰ্সনা কৰিছে কাটাৰ, কুয়েইট, বাহৰোইন, ছৌদি আৰব, ইৰান আৰু পাকিস্তানে৷ কুৱেইট, কাটাৰ আৰু ইৰানে ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰি নিজৰ বিৰোধ সাব্যস্ত কৰিছে৷ নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কাটাৰে ভাৰতক সাৰ্বজনীনভাৱে ক্ষমা খুজিবলৈ কৈছে আৰু এনে বিষয়ত যদিহে দৃষ্টান্তমূলক শাস্তি নিদিয়ে তেন্তে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আৰু ঘৃণা বাঢ়ি যাব বুলি মন্তব্য কৰিছে৷ লক্ষণীয় যে পয়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ সংবিধানৰ ১০ [এ] ধাৰাৰ পৰিপন্থী বুলি মন্তব্য কৰি দলটোৰ কেন্দ্ৰীয় অনুশাসন কমিটীয়ে নুপূৰ শৰ্মাক সাময়িকভাৱে বিজেপিৰ পৰা নিলম্বন কৰিছে৷ ইয়াৰ লগতে দিল্লী বিজেপিৰ মিডিয়া কোষৰ প্ৰমুখ নবীন কুমাৰ জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰিছে৷ উল্লেখ্য নবীন কুমাৰ জিন্দালেও টুইটাৰত একেধৰণৰ মন্তব্য লিখিছিল৷ চৌদি আৰবে নুপূৰ শৰ্মাৰ নিলম্বনক আদৰণি জনোৱাৰ লগতে সতৰ্ক কৰি দিছে যে ধাৰ্মিক আস্থা আৰু ধৰ্মক সন্মান কৰিব লাগে৷ পাকিস্তানৰ প্ৰধান মন্ত্ৰী শ্বাহবাজ শ্বৰীফেও কটাক্ষ কৰিছে যে ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বাঢ়িছে৷ অৰ্গেনাইজেশ্বন অব ইছলামিক কাণ্ট্ৰিয়ে [অ আই চি] বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়া পোৱাইছে গৈ আৰু ভাৰতত মুছলামক অত্যচাৰ কৰা বুলি অভিযোগ কৰি ইয়াৰ বন্ধৰ দাবী জনাইছে৷ এক কথাত ক’বলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এতিয়া নুপূৰ শৰ্মাৰ মন্তব্যৰ সন্দৰ্ভত স্পষ্টীকৰণ দি তত পোৱা নাই ভাৰত চৰকাৰে৷ ইয়াৰ মাজতে আহিছে মধ্যপ্ৰাচ্যত ভাৰতীয় সামগ্ৰীৰ বৰ্জনৰ হুংকাৰ৷ কাটাৰত ইতিমধ্যে কেতবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে বন্ধ কৰিছে ভাৰতীয় সামগ্ৰীৰ বিক্ৰী৷ মধ্য প্ৰাচ্যৰ দেশসমূহৰ সৈতে ভাৰতৰ ৮৭ আৰব ডলাৰৰ বাণিজ্য জড়িত হৈ আছে৷ লক্ষণীয় যে পায়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি দেশে-বিদেশে সমালোচিত হোৱা বিজেপি নেত্ৰী নুপূৰ শৰ্মাই নিয়মমাফিক তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলেও এতিয়াও যেন তেওঁ নিজৰ স্থিতিত বাহাল আছে৷ বিজেপি দলে নুপূৰ শৰ্মাক কৰা নিলম্বনো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ নেত্ৰীগৰাকীয়ে এতিয়াও সামাজিক মাধ্যমৰ টেগত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপেই পৰিচয় বাহাল ৰাখিছে৷ বিজেপিৰ একাংশ কৰ্মকৰ্তাৰ লগতে একাংশ হিন্দু সংগঠনৰ সমৰ্থন লাভ কৰিছে নুপূৰ শৰ্মাই৷ তেওঁলোকে নুপূৰ শৰ্মাৰ ওপৰত আৰোপ কৰা দলীয় অনুশাসন উঠাই লোৱাৰ দাবী তুলিছে৷ ইয়াৰ মাজতে নুপূৰ শৰ্মাই মৃত্যুৰ ভাবুকি পোৱা বুলি দিল্লী আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰাত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰিছে দিল্লী আৰক্ষীয়ে৷ ইফালে পয়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে মুম্বাই আৰক্ষীয়ে নুপূৰ শৰ্মালৈ চমন জাৰি কৰিছে৷ ২২ জুনৰ পূৰ্বে নুপূৰ শৰ্মাই মুম্বাই আৰক্ষীৰ এই চমনৰ উত্তৰ দিব লাগিব৷