Logo
image

টকাৰ মূল্যৰ অভিলেখ খহনীয়া

আমাৰ অসম, ১০ জুনঃ পুনৰ অৰ্থনৈতিক চাপৰ সন্মুখীন হ’ব লগা হৈছে ভাৰত৷ কৰ’না আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখন প্ৰচণ্ড চাপত পৰিছে৷ ইয়াৰ পাছতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ  বাবে আন্তৰ্জাতিক বাণিজ্য ক্ষেত্ৰত নতুন সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে ভাৰত৷ এইবাৰ  ভাৰতীয় টকাৰ মূল্যত পতন ঘটিল৷ সেই অনুসৰি আজিৰ তাৰিখত এক মাৰ্কিন ডলাৰৰ নিৰিখত ভাৰতীয় টকাৰ মূল্য হৈছে ৭৭.৮১ টকা৷ স্বাভাৱিকতে ভাৰতীয় টকাৰ মূল্যত হোৱা এই  অস্বাভাৱিক পতনক লৈ অৰ্থনীতিবিদসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহৰ আৰম্ভণিতে এক ডলাৰৰ বিপৰীতে  ভাৰতীয় টকাৰ মূল্য ৭৭ টকা হৈছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২৭ মে’ত  টকাৰ মূল্যৰ পতন ঘটি ১ ডলাৰৰ বিপৰীতে ই হৈছিল ৭৭.৭৩ টকা৷ আজি পুৱা শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ সময়ত এক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৭৭.৭৪ টকা আছিল৷ কিন্তু কিছুসময় পাছত হঠাৎ একেঢাপে ৰ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ পতন ঘটি ই ৭৭.৮১ টকালৈ নামি আহে৷ ভাৰতৰ অৰ্থনীতিৰ বাবে ই অতি চিন্তাৰ বিষয় বুলি অভিহিত কৰিছে অৰ্থনীতিবিদসকলে৷