Logo
image

কফিৰ বাবে বিখ্যাত অসমৰ গাঁওখন

আমাৰ অসম, ৪ ডিচেম্বৰঃ সুদুৰ কৰ্ণাটক, কেৰেলা, তামিলনাডুৰ গাঁৱৰ দৰেই কফি খেতিৰ বাবে বিখ্যাত হৈ পৰিছে অসমৰ এখন গাঁও৷ গাঁওখনৰ প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীয়ে বাৰীয়ে কেৱল কফিৰ গছ আৰু গছত থকা কফিৰ ফলসমূহ সম্প্ৰতি পকিবলৈ আৰম্ভ কৰিছে৷ গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ দুধনৈৰ নিকটৱৰ্তী ‘ডামাছ’ নামৰ গাঁওখনেই কফি খেতিৰ বাবে বিখ্যাত হৈ পৰিছে৷ দুধনৈৰ পৰা মাত্ৰ এঘাৰ কিলোমিটাৰ নিলগৰ এইখন গাঁৱৰ ৪০টাকৈ পৰিয়ালে কৰিছে আপোনাৰ-মোৰ প্ৰিয় এই কফিৰ খেতি৷ গাঁওখনৰ প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীয়ে বাৰীয়ে কেৱল কফিৰ গছ  এতিয়া কফি পকাৰ বতৰ, গছত থকা কফিৰ ফলসমূহ পকিবলৈ আৰম্ভ কৰিছে৷ গাঁওখনত আছে ছয় হাজাৰৰো অধিক কফিৰ গছ৷ প্ৰায় তেৰ বছৰ আগৰ পৰাই গাঁওখনৰ লোকসকলে কৰি আহিছে এই কফি খেতি৷ কিন্তু অতি পৰিতাপৰ কথা, অসম আৰু মেঘালয়ৰ বাবে অৰ্থনৈতিকভাৱে যথেষ্ট সম্ভাৱনা থকা এই কফিৰ খেতিয়কসকলে নাপায় উচিত মূল্য আৰু উৎপাদিত কফি বিক্ৰী কৰিবলৈ নাই এখন বজাৰ৷ যাৰ বাবে হতাশাত ভূগিছে এই কৃষকসকল৷ কফি গছৰ পৰা ফল ঠিকেই উৎপাদন হয়, কিন্তু এই ফলবোৰ কিনিবলৈ নাই কোনো ব্যৱসায়ী৷ কৃষকসকলে নিজেই এশ কিলোমিটাৰ অতিক্ৰম কৰি মেঘালয়ৰ তুৰাত থকা কফি ব’ৰ্ডৰ কাৰ্যালয়ত দি আহিব লাগে এই কফি৷ তাৰ পাছতো নাপায় উচিত বজাৰ মূল্য৷ যাৰ বাবে উপায়ন্তৰ হৈ কৃষকসকলে ইতিমধ্যে নষ্ট কৰিছে বহু কফিৰ গছ৷ আশ্বৰ্যৰ কথা যে আমাৰ কাপটোত গৰম কফি বাকি দিয়াৰ সময়ত দোকানৰ পৰা কফিবোৰ অত্যন্ত দামত কিনিব লগা হয় কিন্তু এই কফি কৃষকে বিক্ৰী কৰে প্ৰতি কিলোগ্ৰামত কেঁচা অৱস্থাত মাত্ৰ ত্ৰিশ টকাত আৰু শুকুৱাৰ পিছত ৭০ টকাত৷ এই গাঁওখন সীমান্তত হোৱাৰ বাবে অসম আৰু মেঘালয় দুয়োখন চৰকাৰৰ কৃষকক উপকৃত কৰিব পৰা কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই৷ যাৰ বাবে শেহতীয়াকৈ হাহাকাৰ কৰিবলগা হৈছে কফি খেতিয়কসকলে৷ কোনো ব্যৱসায়ী বা কোনো প্ৰতিষ্ঠানে যদি এই কফিৰ এখন বজাৰ দিব পাৰে তেন্তে এই খেতিয়কসকলৰ লগতে অসম তথা চুবুৰীয়া ৰাজ্য মেঘালয়তো গঢ় লৈ উঠিব এখন সুন্দৰ কফিৰ বজাৰ৷ অন্যথা ইতিহাস হৈ ৰ’ব এই খেতি আৰু কৃষকসকল৷ উল্লেখ্য যে, শীতৰ বতৰত একাপ গৰম কফিৰ আমেজেই সুকীয়া আমাৰ ব্যস্ততাৰে ভৰা জীৱনত কামৰ অন্তত অৱসাদ দূৰ কৰিবলৈ প্ৰতিজনে অনুভৱ কৰে একাপ গৰম কফিৰ প্ৰয়োজনীয়তা৷