Logo
image

নামাজৰ পাছত সমাৱেশ, সংঘৰ্ষ

নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল দিল্লী, ৰাঁচী, কলকাতা, ঢাকা

আমাৰ অসম, ১১ জুনঃ তুঁহ জুইৰ দৰে উমি উমি জ্বলি থকা জুইকুৰা আজি হঠাৎ দেশৰ ঠায়ে ঠায়ে দপদপকৈ জ্বলি উঠিল৷ যোৱা ২৬ মে’ত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাই এটা টেলিভিছন টক শ্ব’ত জ্বলাইছিল এইকুৰা জুই৷ সেই জুইত মধ্যপ্ৰাচ্যৰ সকলো আৰৱ দেশ দহাৰ পাছত এইবাৰ ব্যাপক হাৰত প্ৰতিবাদ আৰম্ভ হৈছে ভাৰতত৷ হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ ঘটনাই এপষেক অতিক্ৰম কৰাৰ পাছত আজি শুকুৰবাৰে দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি কমেও পাঁচখন চহৰত বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মা তথা নবীন জিন্দালৰ গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত ইছলামধৰ্মী লোকে ব্যাপক হাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ নতুন দিল্লীৰ উপৰি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, অন্ধ্ৰপ্ৰদেশৰ তেলেংগানা, পশ্চিমবংগৰ কলকাতা তথা আৰু কেইবাখনো চহৰ, ঝাৰখণ্ডৰ ৰাঁচীত এই ঘটনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ হয়৷ প্ৰায় আটাইকেইখন চহৰতে জুম্মাৰ নামাজৰ পাছত হাজাৰে হাজাৰে ইছলামধৰ্মী লোক ৰাজপথলৈ ওলাই আহে আৰু হজৰত মহম্মদৰ বিৰুদ্ধে বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাই কৰা অপমানজনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবী কৰে৷ ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষীলৈ শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হয়৷ এনে প্ৰতিবাদৰ বিষয়ে এখন চহৰতো আৰক্ষী অথবা নিৰাপত্তাৰক্ষীয়ে আগতীয়াকৈ উমান পোৱা নাছিল৷ ধাৰণা কৰা হৈছে এই প্ৰতিবাদ সংগঠিত নাছিল কিয়নো কোনো সংগঠনেই এনে  প্ৰতিবাদৰ কাৰ্যসূচী আগতীয়াকৈ ঘোষণা কৰা নাছিল৷ জুম্মাৰ নামাজত সমৱেত হোৱা ইছলামধৰ্মী লোকৰ মনত বিগত এপষেক ধৰি যি ক্ষোভ পুঞ্জীভূত হৈ আছিল, এই প্ৰতিবাদ তাৰেই বহিঃপ্ৰকাশ বুলি ধাৰণা কৰা হৈছে৷ একেদিনাই বাংলাদেশৰ ৰাজধানী ঢাকাতো ছাত্ৰ সংগঠন আৰু অন্যান্য সংগঠনে বিজেপিৰ নেত্ৰীগৰাকীৰ অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে৷ বাংলাদেশত শুকুৰবাৰে হোৱা বৃহৎ প্ৰতিবাদক নিৰাপত্তাৰক্ষীয়ে ক্ষান্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ বাংলাদেশৰ একাধিক ছাত্ৰ সংগঠনে এই ঘটনাৰ বাবে পোনপটীয়াকৈ শাসনাধিষ্ঠিত বিজেপিক দোষাৰোপ কৰিছে আৰু ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ দেশৰ নাগৰিকক আহ্বান জনাইছে৷ ঢাকাৰ মুখ্য মছজিদ বাইটুল মুক্কাৰামৰ পৰা কমেও ১০ হাজাৰ লোকে সমদল উলিয়াই ভাৰত চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্ল’গান দিয়ে৷ অহা ১৬ জুনত প্ৰতিবাদকাৰীয়ে ঢাকাত থকা ভাৰতীয় দূতাবাস ঘেৰাও কৰাৰ কাৰ্যসূচী লৈছে৷ 

এই ঘটনাৰ গুৰি ক’ত? সেই সন্দৰ্ভত এতিয়া সকলোৱেই জ্ঞাত৷ উল্লেখ্য বিজেপিৰ কেন্দ্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাই ‘টাইমছ নাও’ৰ এটা টক শ্ব’ত ভাগ লৈ যোৱা ২৬ মে’ত হজৰত মহম্মদৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছিল৷ কাশীৰ জ্ঞানব্যাপী মছজিদত কুঁৱাৰ ভিতৰত থকা এটা লৌহখণ্ডক হিন্দুত্ববাদীয়ে শিৱলিংগ বুলি কৰা দাবীৰ সন্দৰ্ভত হোৱা টকশ্ব’ত এজন ইছলাম ধৰ্মীয় আলোচক তছলিম ৰহমানীক উদ্দেশ্যি নূপুৰ শৰ্মাই কৈছিল–‘তোমালোকেতো আমাৰ ধৰ্মক উপহাস কৰিয়েই থাকা৷ ময়ো কৰো নেকি, কৰো নেকি? তুমি উৰণীয়া ঘোঁৰাত উঠা আৰু ইয়াৰ পৰা পলায়ন কৰা৷ তোমালোকৰ ধৰ্মগুৰু হজৰত মহম্মদে কি কৰিছিল? তেওঁ ৬ বছৰীয়া আয়েশাক বিয়া কৰাইছিল আৰু ৯ বছৰত তেওঁৰ সৈতে সহবাস কৰিছিল৷ সেইবোৰ মিছা নেকি? সেয়া পাপ নহয় নেকি?’ নূপুৰ শৰ্মাৰ এই অপমানজনক মন্তব্য শুনি তছলিম ৰহমানীয়ে কৈছিল, তেওঁ ইছলামৰ প্ৰতি এনে অসন্মানজনক মন্তব্যৰ উত্তৰ নিদিয়ে৷ নূপুৰ শৰ্মাৰ এই মন্তব্যৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো বিজেপিয়ে তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল৷ অথচ নূপুৰ শৰ্মাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ, পুনে, মুম্বাই, হায়দৰাবাদকে ধৰি দেশৰ কমেও চাৰিখন স্থানত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে তেতিয়াই গোচৰ ৰুজু হৈছিল আৰু কানপুৰ, হায়দৰাবাদ ইত্যাদিত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হৈছিল৷ ইপিনে এনে প্ৰতিকুল পৰিস্থিতি সত্বেও নূপুৰ শৰ্মাই তেওঁৰ প্ৰতি স্বয়ং নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সমৰ্থন থকা বুলি দাবী কৰি ঘটনাৰ ১১ দিন পৰ্যন্ত কোনো ক্ষতিৰ সন্মুখীন নোহোৱাকৈ নিৰ্ভয়ে আছিল৷ ৫ জুন পৰ্যন্ত বিগত ১১ দিনত বিজেপিয়ে নূপুৰ শৰ্মাৰ কোনো দোষ দেখা নাছিল৷ অৱশেষত মধ্যপ্ৰাচ্যৰ সকলো আৰৱ দেশে এই বক্তব্যৰ বিৰুদ্ধে চৰকাৰীভাৱে আপত্তি জনোৱা আৰু  প্ৰভাৱশালী মুৰব্বীয়ে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱাৰ পাছত মোদী চৰকাৰে সাৰ পায়৷ ফলত বিজেপিয়ে ৫ জুনত নূপুৰ শৰ্মাক দলীয় অনুসন্ধান সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিলম্বিত কৰে৷  ছ’চিয়েল মিডিয়াত অনুৰূপ অপমানজনক মন্তব্য কৰা দিল্লীৰ মিডিয়া চেলৰ মুৰব্বী নবীন কুমাৰ জিন্দালক বিজেপিয়ে বৰ্খাস্ত কৰে৷

বিদেশী ৰাষ্ট্ৰৰ সৈতে থকা ভাৰতৰ বাণিজ্যিক ক্ষতিৰ ভয়ত যদিও মোদী চৰকাৰে আৰৱ ৰাষ্ট্ৰসমূহক ভাৰতত ধৰ্মীয় সহনশীলতা থকা বুলি পতিয়ন নিয়াবৰ চেষ্টা কৰিছে, দেশত মোদী চৰকাৰে এই বিষয়টোক লৈ কোনো চকুত পৰা পদক্ষেপ গ্ৰহণ কৰা নাই৷ ইয়াৰ ফলতে ভাৰতত বাস কৰা মুছলিম সম্প্ৰদায়ৰ লোকৰ ক্ষোভ প্ৰশমিত হোৱা নাই৷ শুকুৰবাৰে একেলগে দেশৰ কেইবাখনো  চহৰত হোৱা প্ৰতিবাদ তাৰেই প্ৰতিফলন বুলি কোৱা হৈছে৷  শুকুৰবাৰে দুপৰীয়া জুম্মাৰ নামাজৰ পাছত দিল্লীৰ জামা মছজিদৰ বাহিৰত কেইবাহাজাৰ লোকে নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ আৰু শাস্তি প্ৰদান কৰিব লাগে বুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদীসকল জামা মছজিদৰ পৰাই ওলাই আহিছিল যদিও মছজিদ কতৃৰ্পক্ষই জনোৱা অনুসৰি তেওঁলোকে এই প্ৰতিবাদৰ আহ্বান জনোৱা নাছিল৷ দিল্লী আৰক্ষীৰ মতে স্বতঃস্ফূৰ্তভাৱেই নামাজৰ পাছত তেওঁলোকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজতো নামাজৰ পাছত একেদৰে বৃহৎসংখ্যক জনতাই নূপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদীক ছত্ৰভংগ দিয়াবলৈ যোৱা আৰক্ষীলৈ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতিৰ অৱনতি ঘটে৷ অৱশ্যে ঝাৰখণ্ডৰ ৰাঁচীত প্ৰয়াগৰাজতকৈও  পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠায়ে ঠায়ে খণ্ডযুদ্ধৰ সৃষ্টি হয়৷ সেই খণ্ডযুদ্ধত বহু প্ৰতিবাদকাৰী আৰু কেইবাজনো আৰক্ষী আহত হয়৷ সন্ধিয়ালৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলেও এতিয়াও ৰাঁচী চহৰত প্ৰৱল উত্তেজনাই বিৰাজ কৰি আছে৷ উল্লেখ্য, এই ঘটনাৰ বিৰুদ্ধে প্ৰথমে প্ৰতিবাদ হৈছিল উত্তৰ প্ৰদেশৰ কানপুৰত৷ চলিত মাহৰ আৰম্ভণিৰ পৰাই কানপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আন এক সম্প্ৰদায়ৰ লোক ওলাই অহাত চহৰখনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ ছেগাচোৰোগাকৈ সেই সংঘৰ্ষ এতিয়াও চলি আছে৷  ইপিনে শুকুৰবাৰে কলকাতাত কেইবাহাজাৰ লোকে নূপুৰ শৰ্মা আৰু নবীন জিন্দালক কঠোৰ শাস্তি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ খড়গপুৰ-হাওৰা ৰে’লপথ প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰি ৰাখে আৰু প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ তথা লাঠীচালনা কৰে৷ হাওৰাৰ উলুবেৰিয়াত প্ৰতিবাদকাৰীয়ে এটা বিজেপিৰ কাৰ্যালয় জ্বলাই ভস্মীভূত কৰে৷  ৰে’ল অৱৰোধৰ ফলত বাংলাদেশৰ পৰা অহা মৈত্ৰী এক্সপ্ৰেছ কেইবাঘণ্টাও একেঠাইতে থিয় হৈ থাকিবলগীয়া হয়৷ একে সময়তে জম্মু-কাশ্মীৰৰ ভদৰৱাহ, কিষ্টৱাৰ অঞ্চলত গুজৰাটৰ আহমেদাবাদ, অন্ধ্ৰপ্ৰদেশৰ তেলেংগানা, মহাৰাষ্ট˜ৰ মুম্বাইকে ধৰি কেইবাঠাইতো শুকুৰবাৰে ইছলামধৰ্মী প্ৰতিবাদকাৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ সাময়িকভাৱে নিৰাপত্তাৰক্ষীয়ে সকলো কেইখন চহৰতে শুকুৰবাৰে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লেও লাহে লাহে এই ঘটনাই সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে৷