Logo
image

এজমা থাকিলে কৰ’নাৰ ভয় কম, গৱেষণাত চাঞ্চল্যকৰ তথ্য

আমাৰ অসম, ৪ ডিচেম্বৰঃ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে কোনো লোক যদি এজমাত আক্ৰান্ত তেওঁক সহজে কৰ’নাই স্পৰ্শ কৰিব নোৱাৰে৷ ‘দ্যা জাৰ্ণেল অৱ এলাৰ্জি এণ্ড ক্লিনিকেল ইউম’ন’লজী’ শীৰ্ষক জাৰ্ণেলত প্ৰকাশ পোৱা এক গৱেষণামূলক প্ৰৱন্ধত এই তথ্য প্ৰকাশ কৰা হৈছে৷ ইজৰাইলত এজমা আক্ৰান্ত লোকৰ মাজত চলোৱা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য ইজৰাইলত ৩৭,৪৭০ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে ৩,৩৩৮ জন কৰ’নাত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়৷ ইয়াৰ ভিতৰত ১৫০ জন আছিল এজমা ৰোগী৷ এই সমীক্ষাৰ আঁত ধৰি গৱেষকে এজমাত আক্ৰান্ত লোক কৰ’নাত তুলনামূলকভাৱে কমকৈ আক্ৰান্ত  হয় বুলি দাবী কৰিছে৷