Logo
image

মাহিন্দ্ৰাৰ সস্তীয়া ইলেক্‌ট্ৰিক কাৰ শীঘ্ৰেই বজাৰত

আমাৰ অসম, ১৪ জুনঃ ভাৰতৰ প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী মাহিন্দ্ৰই অচিৰেই এখন সৰু আৰু সকলোৱে ক্ৰয় কৰিব পৰা ইলেকট্ৰিক কাৰ বজাৰলৈ উলিয়াই দিব৷ কোৱা হৈছে, দেশৰ পথত এতিয়া চলি থকা সকলো ইলেকট্ৰিক গাড়ীতকৈ মাহিন্দ্ৰাৰ এই গাড়ীখন সস্তা হ’ব৷ মাহিন্দ্ৰাৰ নতুনকৈ বজাৰলৈ আহিবলগীয়া এই গাড়ীখনৰ নাম হৈছে ‘মাহিন্দ্ৰা এ’ ইউ ভি ৪০০ ই ভি’৷ ইতিমধ্যে গাড়ী নিৰ্মাতা কোম্পানীটোৱে এই গাড়ীখন নিৰ্মাণ কৰি সকলো পৰীক্ষা সম্পন্ন কৰিছে৷ কোম্পানীটোৱে নতুন গাড়ীখনৰ দুই-এখন ফটো সংবাদ মাধ্যমত এৰি দিছে৷ কোম্পানীৰ সূত্ৰই জনোৱা মতে ‘এ’ ইউ ভি ৩০০’ তকৈ নতুন এই গাড়ীখনৰ চেহেৰা পৃথক হ’ব৷ উল্লেখ্য ইলেকট্ৰিক গাড়ী হোৱাৰ বাবে দেশৰ প্ৰায় সকলো ৰাজ্যতে এই গাড়ীৰ ক্ৰেতাই পঞ্জীয়নৰ ক্ষেত্ৰত পথশুল্ক ভৰিব নালাগিব৷ সাধাৰণ গাড়ীতকৈ ইলেকট্ৰিক গাড়ীৰ মূল্য বেছি হয়৷ এইখন গাড়ীৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ’ব৷ কিন্তু পথশুল্ক ৰেহাই পোৱাৰ ফলত গ্ৰাহকে সামগ্ৰিকভাৱে কৰা ব্যয় প্ৰায় আন গাড়ীৰ সমানেই হ’ব৷ অন্যান্য ইলেকট্ৰিক গাড়ীতকৈ মাহিন্দ্ৰাৰ এইখন গাড়ীৰ কিছুমান বৈশিষ্ট্য পৃথক হ’ব৷ সেই সকলোবোৰ বৈশিষ্ট্য কোম্পানীটোৱে গাড়ীখন বজাৰলৈ উলিয়াই দিয়াৰ ঠিক আগমুহূৰ্ততহে প্ৰকাশ কৰিব৷