Logo
image

তিনি দিনত চাহ-ভাততে উৰিল ১৭ লাখ

গঁড় জৰীপৰ ‘চমক’

আমাৰ অসম, ১৪ জুনঃ ৩৭০জন মানুহৰ ৪ দিনত কিমান টকাৰ আহাৰ খাব পাৰে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ৩৭০জন মানুহে ৪ দিনত ১৬.৭৯ লাখ টকা খাদ্য খাবলৈ সক্ষম হৈছে৷ বকাসুৰ যেন লগা এই মানুহ কেইজনে বন বিভাগৰ পুঁজিৰ পৰা ৪ দিনত১৬.৭৯ লাখ টকাৰ খাদ্য খোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ জৰীপৰ নামত বন বিভাগৰ আমোলা-বিষয়াসকলে ৰাজহুৱা ধনৰ অপচয় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়া গঁড় জৰীপ অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ৷ ইয়াৰ আগতে ২০১৮ চনত হোৱা জৰীপত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা পোৱা গৈছিল ২৪১৩টা৷ এই গঁড় গণনাৰ চাৰি বছৰৰ পাছত শেহতীয়াকৈ হোৱা গণনাত ২,৬১৩টা গঁড়ৰ উপস্থিতি পোৱা গৈছে বুলি উদ্যান কতৃৰ্পক্ষই ৰাজহুৱা কৰিছিল৷ কিন্তু এই গঁড় জৰীপৰ নামত কাজিৰঙা কতৃৰ্পক্ষই ব্যয় কৰা ধনৰ পৰিমাণেহে সচেতন নাগৰিকৰ চকু কঁপালত তুলিছে৷ অভিযোগ অনুসৰি জৰীপৰ চাৰিটা দিনত বিভাগটোৱে ত্ৰিশ লাখৰো অধিক ধন ব্যয় কৰিলে৷ প্ৰকৃতিপ্ৰেমী তথা আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে কৰা এক আৰ টি আইৰ উত্তৰত বিভাগটোৱে দিয়া তথ্যতে স্পষ্ট হৈ পৰিছে যে বিগত মাৰ্চ মাহত হোৱা গঁড় গণনাৰ তিনিদিনীয়া কাৰ্যসূচীত মুঠ ৩০.৮৬ লাখ টকা ব্যয় কৰা হৈছিল৷ ইয়াৰে ১৬.৭৯ লাখ টকাই ব্যয় কৰা হৈছিল খাদ্যৰ বিল পৰিশোধত৷ লক্ষণীয়ভাৱে এই কাৰ্যসূচীৰ ২৭ মাৰ্চৰ দিনা গঁড় গণনাকাৰী আৰু পৰ্যবেক্ষকক দিয়া ৰাতিৰ পাৰ্টিৰ নামত ব্যয় দেখুওৱা হৈছে ২.৮৭ লাখ টকা৷ হ্লআৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা প্ৰশ্নৰ বিপৰীতে বোকাখাত ডিভিজনৰ ডিহ্লএফ অঅ ই দিয়া উত্তৰত এই তথ্য দিয়া হৈছে৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই তেওঁৰ বিবৃতিত উল্লেখ কৰিছিল যে গঁড় জৰীপৰ এই তিনিদিনীয়া কাৰ্যসূচীত ৬৪ গৰাকী গণনাকাৰী, ১২জন স্বতন্ত্ৰ পৰ্যবেক্ষক আৰু ৪৯ জনহ্ল সংবাদহ্ল মাধ্যমৰ লোকক জড়িত কৰোৱা হৈছিল৷ তদুপৰি ২৫২জন বন কৰ্মীকো নিয়োজিত কৰা হৈছিল৷কাজিৰঙাৰ ২৬টা অঞ্চলত আচলতে ২৬ আৰু ২৭ মাৰ্চতহে গণনাৰ কাম কৰা হৈছিল৷ কেৱল গঁড়ৰ জৰীপেই নহয়, কাজিৰঙাৰ পৰা গঁড় আন অৰণ্যত সংস্থাপন কৰাৰ নামতো ব্যাপক হাৰত ৰাজহুৱা পুঁজিৰ অপচয় কৰাৰ গুৰুৰত অভিযোগ উঠিছে৷