Logo
image

গুৱাহাটীত উভৈনদী তেজপুৰৰ হাই প্ৰ’ফাইল লিচু

আমাৰ অসম, ১৪ জুনঃ এটা লিচুৰ মূল্য কিমান হ’ব পাৰে বাৰু? খুব বেছি ৫ টকা, ১০ টকা৷ এতিয়া এবিধ বিশেষ লিচুৰ বজাৰ মূল্যই গুৱাহাটীত বিশেষ চৰ্চা লাভ কৰিছে৷ গুৱাহাটীৰ পৰা প্ৰায় ৪ ঘণ্টা দূৰত্বৰ পৰা অহা তেজপুৰৰ বিখ্যাত লিচু এতিয়া গুৱাহাটীৰ বজাৰত বিক্ৰী হৈছে আকাশলংঘী মূল্যত৷ গুৱাহাটীৰ বজাৰত উভৈনদী হৈ পৰা তেজপুৰৰ বিখ্যাত বোম্বেইয়া লিচু প্ৰতিটো বিক্ৰী কৰা হৈছে ৫০ টকা মূল্যত৷ সেইদৰে বোম্বেইয়া লিচু ১০০টা থকা একোটা থোপা ৫ ৰ পৰা ৬ হাজাৰ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ গুৱাহাটীৰ বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰত এতিয়া প্ৰতি পুৱাই তেজপুৰৰ সু-স্বাদু লিচু বিচাৰি হাইপ্ৰফাইল গ্ৰাহকে ভিৰ কৰিছে৷ ইয়াৰ ফলত একাংশ খুচুৰা ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙি উঠিছে৷ এই সম্পৰ্কে বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰত খুচুৰা ব্যৱসায় কৰিবলৈ দৈনিক ছয়গাঁৱৰ পৰা অহা ব্যৱসায়ী আমিদ আলিয়ে ‘আমাৰ অসম’ক কয়–বিগত কেইবাদিন ধৰি গুৱাহাটীত তেজপুৰৰ লিচুৱে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি মই তেজপুৰৰ বোম্বেইয়া লিচু বিক্ৰী কৰি আছো৷ ইয়াৰ বাবে পুৱাই ফাঁচি বজাৰৰ পুৰণা জেলৰ কাষৰ পৰা পাইকাৰী ব্যৱসায়ীৰ পৰা লিচু ভত্তিৰ্ কেইবাটাও পাচি ক্ৰয় কৰি সেই সমূহ অৰ্ডাৰ অনুসৰি বিক্ৰী কৰোঁ৷ সোমবাৰৰ পুৱাৰ ভাগত লিচু বিক্ৰী কৰি ৩০ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ ক্ৰেতাৰ পৰা এইবাৰ বিশেষ সঁহাৰি লাভ কৰিছোঁ৷ এতিয়া গুৱাহাটীৰ বজাৰত উভৈনদী হৈ পৰিছে তেজপুৰৰ হাই প্ৰফাইল লিচু৷ সঠিক বজাৰ মূল্য লাভ কৰিবলৈ সক্ষম হৈছে খুচুৰা লিচু ব্যৱসায়ীসকলে৷ তেজপুৰৰ সমান্তৰালকৈ বিহাৰৰ মুজাফ্‌ফুৰবাদৰ লিচুও বিক্ৰী হৈছে ফাঁচি বজাৰৰ লগতে গুৱাহাটীৰ অলিয়ে গলিয়ে৷ অৱশ্যে মুজাফ্‌ফুৰবাদৰ বিখ্যাত শ্বাহি লিচু ৫০টা থকা একোটা থোপা ১৫০ টকাৰ পৰা ৩০০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ উল্লেখ্য, তেজপুৰৰ সুস্বাদু লিচু লণ্ডনলৈ ৰপ্তানি কৰা খবৰে ৰাজ্যবাসীৰ লগতে তেজপুৰবাসীক আনন্দিত কৰি তুলিছে৷ তেজপুৰত ১১জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰাৰ লগতে তেজপুৰৰ লিচুৰ জুতি লৈছিল৷ তাৰপাছত যেন তেজপুৰৰ লিচুৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বজাৰত এক ব্ৰেণ্ড হৈ পৰে আৰু বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ লিচুৰ সোৱাদ অনন্য ইতিমধ্যে তেজপুৰৰ লিচুৱে ভৌগোলিক স্বীকৃতি লাভ কৰিছে৷ উন্নত জাতৰ সৰ্বাধিক মঙহযুক্ত, ৰসাল সুস্বাদু হোৱা বাবেই তেজপুৰৰ লিচুৰ সুকীয়া চাহিদা আছে৷ তেজপুৰ পৰুৱাৰ লিচু বাগানত উন্নত ৬ জাতৰ লিচু আছে৷ বোম্বেইয়া, বিলাতী, ইলাচী, পিঁয়াজী, ৰঙীয়া আৰু হালধীয়া৷ এই ৬ জাতৰ ভিতৰত বোম্বেইয়া লিচুৰ মূল্য সৰ্বাধিক৷ তেজপুৰৰ লিচুৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে৷ ইলাছি, বিলাতী, বোম্বাইয়া, পিয়াজী, হালধীয়া আদি হৈছে স্থানীয়ভাৱে উৎপাদন কৰা তেজপুৰ লিচুৰ কিছুমান প্ৰকাৰ৷ অসমৰ প্ৰায় প্ৰতিখন জিলাতেই লিচু উৎপন্ন হয়, যদিও শোণিতপুৰ জিলাতেই সৰ্বাধিক লিচু উৎপাদন কৰা হয়৷ তেজপুৰ লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত বোম্বাইয়া আৰু ইলাছিয়েই সৰ্বোৎকৃষ্ট প্ৰকাৰ৷ কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়৷ মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ ফলৰ বজাৰত তেজপুৰ লিচুৰ সমাদৰ থকাৰ লগতে আমেৰিকা, ছুইজাৰলেণ্ড আদি দেশতো অতি জনপ্ৰিয়৷ তেজপুৰ লিচু শোণিতপুৰ জিলাৰ পৰুৱা, ডাৰিকাটি, ভালুকপুং, ওপৰ কছাৰী গাঁও, বান্দৰমাৰী, তামোলবাৰী, খনামুখ, মইলাগাঁও অঞ্চলত উৎপাদন কৰা হয়৷ উল্লেখ্য, উত্তৰ-পূৰ্বনাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকৰ বাবে তেজুপুৰৰ সু-স্বাদু লিচুৰ জুতি লোৱা এতিয়া অলিক স্বপ্ন মাথোঁ৷