Logo
image

দুপৰতে হ’ব অন্ধকাৰ

বতৰ বিজ্ঞানৰ ৰেড এলাৰ্ট

পুনৰ কলহৰ কাণেৰে ঢালিব পানী

আমাৰ অসম, ১৫ জুনঃ আগন্তুক দুদিনত যিকোনো মুহূৰ্তত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ বৰুণ দেৱতাই যেন পুনৰ কলহৰ কাণেৰে ঢালিব পানী৷ মঙলবাৰৰ তুলনাত বুধবাৰ আৰু বৃহস্পতিবাৰে গুৱাহাটী আৰু পাশ্বৰ্ৱৰ্তী অঞ্চলত বেছি বৰষুণ হ’ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰি দিছে৷ দিনতেই অন্ধকাৰাচ্ছন্ন হৈ পৰিব পাৰে গুৱাহাটী মহানগৰী৷ দক্ষিণ পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবত প্ৰৱেশ কৰাৰ ১১টা দিন অতিক্ৰম কৰাৰ পাছতেই কেবা বছৰৰ বিৰতিৰ অন্তত মৌচুমীয়ে নিজৰ প্ৰকৃত ক্ষমতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷  মৌচুমী বায়ু ২ জুনত উত্তৰ পূবত প্ৰৱেশ কৰাৰ পাছত বিগত ১১ দিন ধৰি অসমসহ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে আকাশ ডাৱৰীয়া হৈ বেছিভাগ ঠাইতে কম বেছি পৰিমাণে বৰষুণ হৈ আছে৷ আনকি মঙলবাৰ বিয়লি পৰ্যন্ত বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ নামনি অসম, পশ্চিম অসম আৰু বি টি এ ডিৰ আটাইকেইখন জিলাতে গাজনী, ঢেৰেকনীৰ সৈতে প্ৰবল বৃষ্টিপাত হৈছে৷ ইফালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা ১৮ জুন পৰ্যন্ত বতৰ অপৰিবৰ্তনীয় হৈ থাকিব৷  আনকি গুৱাহাটীকে ধৰি বহু নগৰ চহৰত বৰষুণৰ ফলতা কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে দ ঠাইসমূহ জলমগ্ন হৈ পৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি মঙলবাৰ বিয়লি পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰতে অসমৰ বৰপেটা জিলাত অভিলেখ পৰিমাণৰ ১৭০.৮ মিলিমিটাৰ বৰষুণৰ বৰষুণ হৈছে৷ গুৱাহাটী মহানগৰীত মঙলবাৰে বেছিভাগ ঠাইতে অভিলেখ পৰিমাণৰ ৮১ মিলিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছে৷ গুৱাহাটীৰ ভিতৰত পাণ্ডুত সৰ্বাধিক পৰিমাণৰ ১৩১.৩ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে চানমাৰী অঞ্চলত ১২১.৯ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷  আনকি বাংলাদেশ আৰু পশ্চিমবংগ সীমান্তৱৰ্তী পশ্চিম অসমৰ বঙাইগাঁও আৰু ধুবুৰী, গোসাইগাঁৱৰ উপৰি ওদালগুৰি পৰ্যন্ত বি টি এ ডিৰ চাৰিওখন জিলাত ৭৫ মিলিমিটাৰৰ পৰা ১৬৮ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷ উল্লেখ্য বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিলিমিটাৰ বা ৬.৫ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ বা মুষলধাৰ পৰিমাণৰ বৰষুণ তথা প্ৰবল বৃষ্টিপাত হোৱা বুলি কোৱা হয়৷ আনহাতে আগন্তুক চাৰিটা দিনতো বতৰ অপৰিৱৰ্তনীয় হৈ থাকিলে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত কিয়নো ভূটান, অৰুণাচল প্ৰদেশ, তিব্বত বা চীনত প্ৰবল বৃষ্টিপাত হলে, ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ লৈ উপনৈ ওফন্দি উঠাটো নিশ্চিত ইফালে কেন্দ্ৰীয় জল আয়োগৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি বিগত দুটা দিনত অৰুণাচল প্ৰদেশ আৰু ভূটানতো প্ৰবল বৃষ্টিপাত হৈছে৷  ফলত ভূটান আৰু অৰুণাচল প্ৰদেশ সংযোগী নদী সমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ আনহাতে বৰষুণৰ ফলত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনী নিম্নগামী হোৱাত উৎকট গৰমৰ পৰা ৰাইজ বহুখিনি সকাহ পাইছে৷ ইতিমধ্যে বংগোপ সাগৰৰ দিশৰ পৰা অহা জলীয় বাষ্পই অসমসহ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ বেছিভাগ ৰাইজৰ আকাশ চানি ধৰিছে৷ এই জনীয় বাষ্পৰ ফলত সৃষ্টি হোৱা মেঘ সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ৯০০ মিটাৰ উচ্ছতাত বলি থকাত গাজনী, ঢেৰেকনী, বজ্ৰপাতৰ সৈতে প্ৰবল পৰিমাণৰ বৃষ্টিপাত হঅব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷  আনকি আকাশত অধিক মেঘ বা ডাৱৰ জমা হৈ থকাৰ সূত্ৰে অসমৰ আকাশত সূৰ্য দেৱতাই অহা তিনি - চাৰিদিন ভূমুকি মৰাৰ সম্ভাৱনা ক্ষীণ৷ যাৰ বাবে দিনতে আন্ধাৰ সদৃশ পৰিবেশ বিৰাজমান হোৱাৰ বিপৰীতে স্বাভাৱিকতকৈ অলপ সোনকালে আন্ধাৰ নামি আহিব৷  ইফালে বতৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সংশ্লিষ্ট বিভাগ তথা কতৃৰ্পক্ষসমূহকে অৱগত কৰা হৈছে৷ উল্লেখযোগ্য যে গুৱাহাটীত মঙলবাৰে হোৱা প্ৰবল বৰষুণ বিগত কেবা বছৰৰ ভিতৰতে অভিলেখ ভংগ কৰাৰ লগতে বানপানীয়েও অভিলেখ গঢ়াৰ আকাংশা কৰা হৈছে৷ কিয়নো ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে মঙলবাৰে গুৱাহাটীত প্ৰথম এন ডি আৰ এফ বাহিনীয়ে অনিলনগৰ আৰু নবীননগৰত উদ্ধাৰ অভিযান চলাই বহু আৱদ্ধ লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷  আনহাতে অহা চাৰিদিনতো গুৱাহাটীত বৰষুণৰ পৰিমাণ পুনৰ বৃদ্ধি পাব বুলি আগতীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ যদি কেন্দ্ৰৰ সতৰ্কবাণী বাস্তৱত পৰিণত হয় তেন্তে গুৱাহাটীত দিন দুপৰতে আন্ধাৰ নামি অহাৰ লগতে কলহৰ কাণে ঢলা বৰষুণ হলে গুৱাহাটীৰ বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাটো নিশ্চিত৷