Logo
image

ঘৰে ঘৰে পানী

গুৱাহাটীবাসীৰ কাষত মন্ত্ৰী-সাংসদ নাই, নাই উপায়ুক্ত-মেয়ৰো

আমাৰ অসম, ১৫ জুনঃ নামত স্মাৰ্ট চিটি গুৱাহাটী৷ উত্তৰ-পূবৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে কোটি কোটি টকীয়া চৰকাৰৰ আঁচনিৰ যেন অন্ত নাই৷ পৌৰ নিৰ্বাচনেই হওঁক বা বিধান সভা নিৰ্বাচনেই হওঁক গুৱাহাটীক সমস্যামুক্ত কৰি গঢ়ি তোলাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰো অন্ত নাই শাসক পক্ষৰ৷ বিশেষকৈ শেহতীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শাসকীয় বিজেপি দলৰ নেতা-মন্ত্ৰীসকলে জয়ী হ’লেই মহানগৰীক কৃত্ৰিম বানমুক্ত কৰি গঢ়ি তোলাৰ উদাত্ত ভাষণ যেন আজিও পাহৰা নাই নাগৰিকে৷ বিজেপি মিত্ৰজোঁট  ক্ষমতালৈ আহি গুৱাহাটী পৌৰ নিগমৰ পৰিষদ গঠন কৰে যদিও বাস্তৱত কৃত্ৰিম বান সমস্যাৰ সমাধানত কোনো গুৰুত্বই নিদিলে৷ বৰঞ্চ নতুন পাৰিষদে দায়িত্ব লোৱাৰ পাছত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাই অধিক জটিল পৰ্যায়লৈহে গতি কৰিছে৷ সোমবাৰৰে পৰা অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ মহানগৰীৰ অধিকাংশ পথ, উপ-পথ পানীৰ তলত বুৰ যোৱাৰ বিপৰীতে বেলতলা, হাতীগাঁও, নবীন নগৰ, অনিল নগৰ, ৰুক্মীনিগাঁও, চানমাৰি, জু-ৰোড, ৰাজগড় আদিকে ধৰি সকলো এলেকাতে নাগৰিকৰ বাসগৃহতো একাঁঠু পৰ্যন্ত ঘোলা পানী সোমোৱা পৰিলক্ষিত হয়৷ অৰ্থাৎ সোমবাৰে মাজ নিশাৰে পৰা মহানগৰীৰ বিভিন্ন অঞ্চলত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ ইপিনে, বৰাগাঁৱত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত চাৰিজন শ্ৰমিকৰো কৰুণ মৃত্যু হয়৷ পুৱা একাংশ নাগৰিকে গন্তব্য স্থানলৈ ওলাই আহে যদিও কৃত্ৰিম বানৰ বাবে বিভিন্ন স্থানত আৱদ্ধ হৈ পৰাৰ লগতে মহানগৰীৰ ৰাজপথত ঘণ্টা ঘণ্টা ধৰি যান-জটত বন্দী হৈ পৰিবলগীয়া হয়৷ দুই-এটা স্থানত কলৰ ভুঁৰ চলোৱাৰ বিপৰীতে নবীন নগৰত এছডিআৰএফে দুখনকৈ ৰাবাৰ বোটৰ জৰিয়তে উদ্ধাৰ কৰে আবদ্ধ নাগৰিকক৷ গুৱাহাটী মহানগৰী কৃত্ৰিম বানত ডুব যোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে জুনৰ ভিতৰত ঘৰে ঘৰে খোৱা পানী লাভ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিক যেন আজি বৰুণ দেৱতাই পূৰণ কৰা বুলিও বিভিন্নজনে ছ’চিয়েল মিডিয়াযোগে সমালোচনা কৰা দেখা যায়৷ বিগত বৰ্ষত গুৱাহাটীত জাইকাৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি ২০২২ চনত  মহানগৰীবাসীয়ে ঘৰে ঘৰে খোৱাপানী লাভ কৰিব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এমাহ পূৰ্বে চলিত জুন মাহৰ পৰাই গুৱাহাটীবাসীয়ে ২৪ ঘণ্টাই ঘৰে ঘৰে পানী লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ আনকি মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে প্ৰাক্তন মন্ত্ৰী তথা পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মহানগৰবাসীয়ে ছুইচ টিপিলেই ঘৰতে পানী উপলব্ধ হ’ব বুলিও মন্তব্য কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰা বিধায়কলৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী লাভ কৰিব বুলি কোৱা প্ৰতিশ্ৰুতি মঙলবাৰে পূৰণ হোৱা বুলিও ছ’চিয়েল মিডিয়াত বিভিন্নজনে টিপ্পনী দিয়া দেখা গ’ল৷ ছুইচ টিপিলে খোৱাপানী লাভ নকৰিলেও শুই উঠিয়েই যে মঙলবাৰে বিচনাৰ তলতে একাংশ নাগৰিকে পানীৰ স্পৰ্শ পাইছে সেয়া ধ্ৰুৱ সত্য৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে গুৱাহাটীৰ নাগৰিক একপ্ৰকাৰ জলবন্দী হৈ পৰিছে যদিও এই মুহূৰ্তলৈ গুৱাহাটীবাসীক উদ্ধাৰ আৰু সহায়ৰ বাবে কাষত নাই কোনো ত্ৰাণকৰ্তা৷ মঙলবাৰে গুৱাহাটীবাসীয়ে কৃত্ৰিম বানত কক্‌বকাই থকাৰ সময়ত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই  কাৰ্বি পাহাৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ব্যস্ত থকা দেখা গ’ল৷ অথচ এইজন মেয়ৰে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ ফটা-ঢোল কোবাই অন্ত নাই৷ মেয়ৰৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তজনো মঙলবাৰে বিয়লি পৰ্যন্ত মহানগৰবাসীৰ কাষত থিয় দিবলৈ সক্ষম হোৱা নাছিল৷ শোণিতপুৰত ডি চি সন্মিলনত অংশ লৈ মঙলবাৰে আন আন উপায়ুক্তসকলৰ সৈতে দিনটো প্ৰমোদ ভ্ৰমণতে ব্যস্ত থাকে উপায়ুক্ত পল্লৱ গোপাল ঝা৷ অৱশ্যে বিয়লিলৈ উপায়ুক্তই গুৱাহাটী উপস্থিত হৈ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰা দেখা যায়৷ লক্ষণীয়ভাৱে মেয়ৰ আৰু উপায়ুক্তৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই পুৱাৰে পৰা বানত হাবুডুবু খোৱা নাগৰিকক উদ্ধাৰৰ বাবে নিজেই ৰাজপথত নামি পৰা দেখা যায়৷ কৃত্ৰিম বানৰ মাজতে অনিল নগৰত মৃত্যু হোৱা এগৰাকী লোকৰ মৃতদেহ আয়ুক্ত শৰ্মাৰ তৎপৰতাত উদ্ধাৰ কৰি আয়ুক্তৰ গাড়ীতে হাস্পতাললৈ প্ৰেৰণ কৰি অনন্য নিদৰ্শন দাঙি ধৰে জি এম চিৰ মুৰব্বীজনে৷ লক্ষণীয়ভাৱে নিৰ্বাচনী সভাত গুৱাহাটী উন্নয়নৰ  ডাঙৰ ডাঙৰ ভাষণ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মঙলবাৰে মহানগৰীবাসীৰ বিপদৰ সময়ত কাষত থিয় দিয়া দেখা নগ’ল৷ মুখ্যমন্ত্ৰীৰ কথা বাদেই আন মন্ত্ৰী-গুৱাহাটীৰ সাংসদেও দুৰ্গতজনক এষাৰ মাত দিবলৈ আহৰি নাপালে৷ অথচ এইসকল নেতাই নিৰ্বাচনত মহানগৰীবাসীৰ ঘৰে ঘৰে গৈ আঠুঁকাঢ়ি ভোট ভিক্ষা খুজিবলৈহে যে বাকী ৰৈছিলগৈ৷ অৱশ্যে মঙলবাৰে বিয়লি ভাগলৈ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে নতুন জোতা, বগা কূৰ্তা-পায়জামা পিন্ধি সংগী হিচাপে পাৰিষদ দুলুমণি কাকতিক লগত লৈ কৃত্ৰিম বান পৰিদৰ্শন কৰি ফটোশ্বুট কৰাও দেখা যায়৷ ইপিনে, বিয়লি ভাগত মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লয় ৰাজহমন্ত্ৰী যোগেন মহনে৷ মন্ত্ৰী মহনে সংবাদ মাধ্যমৰ আগত দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াক তাৎক্ষণিকভাৱে গুৱাহাটীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ দিয়ে৷ মহানগৰীত এছ ডি আৰ এফ বাহিনী সষ্টম আছে বুলি জানিবলৈ দি নিশা অধিক বৰষুণ দিলে কাইলৈ অসুবিধা হ’ব পাৰে বুলিও সতৰ্ক কৰি দিয়ে মন্ত্ৰী মহনে৷ আনহাতে, উপায়ুক্ত পল্লব গোপাল ঝাই ভূমি…লনত মৃত্যুক সাৱটি লোৱা চাৰি শ্ৰমিকৰ পৰিয়ালে অতি সোনকালে চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিব বুলি প্ৰকাশ কৰিছে৷ এক কথাত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-সাংসদসকলে খোৱা পানী নহ’লেও ঘৰে ঘৰে কৃত্ৰিম বান যে উপহাৰ দিলে সেয়া অপ্ৰিয় হ’লেও সত্য৷ অৱশ্যে, ৰাইজে সংশ্লিষ্ট দায়িত্বত থকা বিষয়া তথা মন্ত্ৰীক গুৱাহাটীৰ কৃত্ৰিম বান-ভূমিস্খলন সমস্যাক লৈ দায়ী কৰিলেই নহ’ব৷ গুৱাহাটীৰ চিৰ পৰিচিত সমস্যা সমাধানত মহানগৰীবাসীৰ নিজৰো বহু কৰণীয় আছে৷ মহানগৰীত অবাধ বনধবংস আৰু পাহাৰ কাটি অট্টালিকা তথা ঘৰ সজাৰ ফলতেই ভূমিস্খলনৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে৷ তদুপৰি নাগৰিকে জাৱৰ-আৱৰ্জনাই পোত গৈ থকা ঘৰৰ সন্মুখৰ নলাটোও কোনোধৰণৰ চাফ-চিকুন নকৰাৰ বাবেও উপ-পথসমূহ কৃত্ৰিম বানৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে৷ এইক্ষেত্ৰত গুৱাহাটীবাসীৰ নিজৰ দায়বদ্ধতা তথা কৰণীয় যে আছে সেয়া নকলেও অনুমেয়৷

গুৱাহাটীবাসীৰ কাষত নাই মন্ত্ৰী-সাংসদ, ব্যস্ত ডিফুত

কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ টাউন হলত আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা৷ এই সভাত অংশগ্ৰহণ কৰিবলৈ আহিছে বিজেপি দলৰ নেতৃত্বৰ লগতে মন্ত্ৰী, বিধায়ক, সাংসদসকল৷ আজি গুৱাহাটীৰ কৃত্ৰিম বান আৰু ৪ জন শ্ৰমিকৰ মৃত্যু হোৱা সন্দৰ্ভত ডিফুত বিভিন্ন নেতাই কৰিছে মন্তব্য৷ গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে এইবাৰ অত্যধিক বৰষুণ হোৱাৰ বাবে পানী বাঢ়িছে৷ আনহাতে, নলা-নৰ্দমা বন্ধ হৈ থকাত আৰু পাহাৰত গৃহ নিৰ্মাণ কৰাৰ বাবে এনে হৈছে৷ এই সকলো সমস্যা শীঘ্ৰে বিজেপি চৰকাৰে সমাধান কৰিব বুলি তেওঁ কয়৷ ইফালে গুৱাহাটীৰ সাংসদ তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুইন ওজাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গুৱাহাটী চহৰত এজাক বৰষুণতেই কৃত্ৰিম বানে জনসাধাৰণৰ সীমাহীন দুৰ্দশাৰ কথা অকপটে স্বীকাৰ কৰে৷ এইবাৰ বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে পৰিত্ৰাণৰ উপায় হিচাপে কাউঞ্চিলাৰসকলে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে আৰু সহযোগিতা হ’লে সমস্যা সমাধান হ’ব বুলি কয়৷ ২০১৬ চনৰ পৰা বিজেপিৰ শাসন থকাৰ পাছতো গুৱাহাটী চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধান পথ কিয় উদ্ভাৱন নহ’ল বুলি সাংবাদিকৰ প্ৰশ্নত সাংসদজনে কয়, ‘মই বৈজ্ঞানিক নহয়, চৰকাৰ সহযোগত সমস্যা সমাধানৰ চেষ্টা কৰি থকা হৈছে যদিও সফল হ’ব পৰা নাই৷ এই সন্দৰ্ভত চৰকাৰৰো দায়িত্ব আছে আৰু চৰকাৰে দায়িত্ব পালন কৰি আছে৷ সকলোৱে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি প্ৰকৃতি ধবংস কৰাৰ বাবে হয়তো এনে দুৰ্যোগ ভোগ কৰিবলগীয়া হৈছে বুলি কয় সাংসদজনে৷ গুৱাহাটী মহানগৰীৰ ক’ত ক’ত পানী জমা হয়,  সেইবোৰ উদ্ভাৱন কৰি পানী উলাই যোৱাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি মন্তব্য কৰে৷ আনহাতে, সাংসদজনে অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে সৰোবৰ খান্দি সৰোবৰত পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়৷  একেদৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কয় যে আজি গুৱাহাটীৰ কৃত্ৰিম বানে ৰাইজক বৰ কষ্ট দিছে৷ চাৰিজন লোকৰ মৃত্যু হৈছে৷ এই মুহূৰ্তত গুৱাহাটীত পানী কমিছে৷ আমাৰ বিভাগে কৃত্ৰিম বানত বিধস্ত সকলোকে উদ্ধাৰ আৰু সাহায্য দিয়াৰ কাম কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰাৰ বাবে ব্যৱস্থা লৈছে৷ একে মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷ তেওঁ কয় যে ৰাইজৰ এই দুখৰ সময়ত আমাৰ দল আৰু চৰকাৰৰ সকলো ৰাইজৰ লগত আছে৷ পাহাৰত গৃহ নিৰ্মাণ কৰাৰ বাবেই এনে হৈছে৷ ২৫ বছৰৰ আগতে ৰাজ্য চৰকাৰে গুৱাহাটীৰ উন্নয়নৰ বাবে সুপৰিকল্পিত আঁচনি নোলোৱাৰ বাবে আজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আমাৰ চৰকাৰে ব্যৱস্থা লৈছে সোনকালে এই কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব৷