Logo
image

খহিছে গুৱাহাটীৰ পাহাৰ, শোৱাপাটীতে ৪ জন শ্ৰমিক নিহত

ভূমিস্খলনৰ ভয়ংকৰ ৰূপ

আমাৰ অসম, ১৫ জুনঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমান্তৰালভাৱে ভূমিস্খলনেও ভয়ংকৰ ৰূপ লৈছে৷ চৌদিশে এতিয়া অভাৱনীয়, অকল্পনীয় পৰিৱেশ৷ খহিছে গুৱাহাটীৰ ঘৰ-পাহাৰ৷ ভূমিস্খলনত গুৱাহাটী গড়চুক থানাৰ অন্তৰ্গত বৰাগাঁৱত সোমবাৰে মাজ নিশা প্ৰায় ১২.৩০-১ বজাত শুই থকা অৱস্থাতে ৪জনলৈ নিৰ্মাণ শ্ৰমিকৰ কৰুণ মৃত্যু হয়৷ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে কোৰৰে মাটি খান্দি মঙলবাৰে দিনৰ ভাগতে মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি নিহত শ্ৰমিক কেইজন হৈছে ক্ৰমে–আমৰুল হক, বয়স [১৯], [গাঁও-নৈছাৰখুটী, গোলকগঞ্জ, ধুবুৰী], মনোৱাৰ হুছেইন,  বয়স [৩৫], [গাঁও পটামাৰী, ধুবুৰী], মফিজুল হক বয়স [২২] [গাঁও কমাৰপাৰা, গোসাঁইগাঁও, কোকৰাঝাৰ], হাচানুৰ আলী বয়স [২২], [গাঁও-হডুমাখা, গোসাঁইগাঁও, কোকৰাঝাৰ]৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কেইজন শ্ৰমিকে পৰিয়াল পোহ পাল দিয়াৰ বাবে ধুবুৰী, কোকৰাঝাৰৰ পৰা আহি ঠিকাদাৰৰ অধীনত বৰাগাঁৱত ভাৰাতীয়া হিচাপে আছিল৷ বৰাগাঁৱৰ নিজৰাপাৰৰ নৰেন ৰাজবংশী নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থকা নিহত চাৰিজন শ্ৰমিকৰ ভিতৰৰ ১৯ বছৰীয়া গোলকগঞ্জৰ আমৰুল হক পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল৷ মাক-দেউতাকক তেওঁৱেই পোহপাল দিছিল৷ আমৰুলৰ মৃত্যুত সমগ্ৰ নৈছাৰখুটীতে শোকৰ ছাঁ পৰে৷ ইফালে কৃত্ৰিম বানৰ মাজতে যোৱা নিশা অনিল নগৰত শিৱ কুমাৰ প্ৰসাদ নামৰ এজন ৭২ বছৰীয়া লোকৰ নিজ বাসগৃহতে স্বাভাৱিক মৃত্যু হয়৷ কিন্তু বানৰ বাবে জলবন্দী হোৱাত পৰিয়ালৰ লোকে সৎকাৰৰ বাবে ব্যক্তিজনৰ শৱদেহ শ্মাশনলৈ নিব পৰা নাছিল৷ মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ব্যক্তিজনৰ শৱদেহ অনিল নগৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰি উলুবাৰীৰ বৈদ্যুতিক শ্মাশনলৈ নিয়াৰ ব্যৱস্থা কৰে৷ লক্ষণীয় যে কেৱল বৰাগাঁৱতেই নহয়, যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নুনমাটিৰ লুইত নগৰ, কৃষ্ণনগৰ, বামুণীমৈদামৰ জ্যোতি নগৰ, খাৰঘূলি, পাণ্ডু, গান্ধীবস্তি, নুনমাটি, নেপালী চক, হেঙেৰাবাৰী, উজান বজাৰ আদি স্থানতো ভূমিস্খলন হোৱাৰ বাতৰি আহিছে৷ ভৰলুত খহি পৰিছে গাৰ্ড ৱাল৷ কৃষ্ণনগৰত জাইকা প্ৰকল্পত কাম কৰি থকা তিনিজন শ্ৰমিকৰ যোৱা নিশা ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা পৰে৷ বতৰ বিজ্ঞানে অহা চাৰিদিনৰ বাবে গুৱাহাটীত বৰষুণ অব্যাহত থাকিব বুলি আগজাননী কৰিছে৷ যদিহে এই আগজাননী সত্যত পৰিণত হয় তেন্তে গুৱাহাটীত কৃত্ৰিম বানৰ সমান্তৰালভাৱে ভূমিস্থলনেও আৰু অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ যদিহে এনে সময়তে ভূমিকম্প আছে, তেন্তে পৰিস্থিতি কেনে হ’ব পাৰে–সেয়া ভাবি বহুতৰ ভয়তে পেটতে হাতভৰি লুকাইছে৷

গুৱাহাটীৰ ভূমিস্খলনত মৃত্যু গোলকগঞ্জৰ আমৰুলৰ

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত সাহেবগঞ্জৰ সমীপৰ নৈচাৰকুঠীৰ এজন যুৱক যোৱা নিশা গুৱাহাটীত সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, আৰ্থিক দৈন্যতাৰ বাবে এমাহ পূৰ্বে আয়নাল হকৰ পুত্ৰ আমৰুল হক [১৯] হাজিৰা কৰাৰ উদ্দেশ্যে গোসাঁইগাঁৱৰ এজন ঠিকাদাৰৰ সৈতে গুৱাহাটীলৈ গৈছিল৷ ঠিকাদাৰজন তেওঁৰ সম্বন্ধীয় ভিনিয়েক৷ তেওঁ গুৱাহাটীৰ বৰাগাঁৱৰ নিজৰাপাৰৰ এটা ভাড়াঘৰত থাকি ৰাজমিস্ত্ৰীৰ সহায়ক হিচাপে কৰ্মৰত হৈ আছিল৷ কিন্তু যোৱা নিশা এক বজাত উক্ত স্থানত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হয়৷ তাৰ ভিতৰত এজন আছিল আমৰুল হক৷ তেওঁৰ মৃত্যুৰ খবৰ ঘৰখনত পোৱাৰ পাছতে এক হৃদয়বিদাৰক পৰিস্থিতিৰ সৃষ্টি হয়৷ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ কাৰণ তেওঁ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী৷ মাক-দেউতাকক তেঁৱেই পোহপাল দিছিল৷ শোকাকুল ৰাইজে তেওঁৰ মৃতদেহ ঘৰখনত অহালৈ বাট-চাই থকাৰ লগতে চৰকাৰক পৰিয়ালটোলৈ উপযুক্ত আৰ্থিক সাহায্য আগবঢ়াবলৈ দাবী জনাইছে৷

গীতানগৰ থানাত একাঁঠু পানী

সোমবাৰে নিশাৰ পৰা অহা বৰষুণত মহানগৰীত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চানমাৰি, গুৱাহাটী ক্লাব আৰু ভঙাগড়কে ধৰি কৃত্ৰিম বানে গুৱাহাটীৰ ন ন অঞ্চল বুৰাই পেলায়৷ পুৱাৰ কৃত্ৰিম বানে মহানগৰবাসীৰ যাতায়াত ব্যৱস্থা বিঘ্নিত কৰাৰ লগতে বহু যান-বাহন ৰাজপথত আৱদ্ধ হৈ পৰে৷ ইপিনে, পুৱাৰ বৰষুণৰ পানীয়ে গীতানগৰ থানা চৌহদ বুৰাই পেলোৱাৰ লগতে বহু আচবাব আৰু সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন কৰে৷ কৃত্ৰিম বানত ডুব যোৱা থানাৰ ভিতৰত আৰক্ষীৰ জোৱানসকলে থানাৰ নথি-পত্ৰ আৰু কেছ ডায়েৰীৰ লগতে অন্যান্য সামগ্ৰী ৰক্ষাৰ বাবে পানী সিঁচা পৰিলক্ষিত হয়৷ থানাৰ ভিতৰৰ প্ৰতিটো কোঠাত পানী সোমোৱাৰ বাবে কাম-কাজ পৰিচালনাত আৰক্ষী বিষয়াসকল আহুকালৰ সন্মুখীন হয়৷ অৱশ্যে গীতানগৰ থানাত আৰক্ষী জোৱানসকলে সুদীৰ্ঘ সময় পানী সিঁচি কৃত্ৰিম বানৰ কৱলৰ পৰা থানাৰ আচ-বাব আৰু মূল্যৱান নথি-পত্ৰ সুৰক্ষা কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গীতানগৰ থানা এটা ভাৰাঘৰত চলি আছে৷ ইয়াৰ পূৰ্বেও কেইবাবাৰো থানা চৌহদত পানী সোমোৱাৰ লগতে বহু ফাইল আৰু আচ-বাব নষ্ট হৈছে৷ অতি ঠেক আৰু জৰাজীৰ্ণ ভাৰাঘৰত আৰক্ষীয়ে দীৰ্ঘদিন ধৰি থানাৰ কাম-কাজ চলাই অহাৰ পাছতো চৰকাৰে গীতানগৰ থানাৰ স্থায়ীগৃহ নিৰ্মাণৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ মহানগৰীৰ গীতামন্দিৰত গীতানগৰ থানাৰ নামত ভূমি আবণ্টন দিয়াৰ পাছতো অসম আৰক্ষীয়ে থানাৰ গৃহ নিৰ্মাণ কৰা নাই বুলি অভিযোগ উঠিছে৷ 

ডিমা হাচাওত ভূমিস্খলন, হাৰাংগাজাও-শিলচৰ পথ বন্ধ

ডিমা হাচাও জিলাত প্ৰতিকূল বতৰৰ বাবে পুনৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছে৷ বিগত দুটা দিন ধৰি অব্যাহত থকা প্ৰবল বৃষ্টিপাতৰ ফলত জিলাখনৰ হাৰাংগাজাওত ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক ভূমিস্খলনৰ ফলত শিলচৰ অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে৷ ডিমা হাচাও জিলাৰ ডিমব্ৰুচেৰা নামৰ অঞ্চলত এই ভূমিস্খলনৰ বাতৰি লাভ কৰা হৈছে৷ ভূমিস্খলনৰ ফলত পথছোৱাৰ দুয়োপাৰে ২০০ৰো অধিক সৰু-বৰ গাড়ী আবদ্ধ হৈ পৰে৷ দুয়োপাৰে এইদৰে শতাধিক গাড়ী আবদ্ধ হৈ পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ পথ মুকলিৰ কোনো প্ৰচেষ্টা নেদেখি স্থানীয় আৰক্ষী আৰু লোকে এক্সেভেটৰসহ পথছোৱা মুকলিৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ বাতৰি লিখাৰ পৰলৈকে পথছোৱা সম্পূৰ্ণৰূপে মুকলি কৰিব পৰা হোৱা নাই৷

এজাক বৰষুণতে ডুবিল হাউলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফলক লৈ শেহতীয়াকৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে একাংশ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দুৰাৱস্থাই দেখুৱাই দিছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি থকা চৰকাৰৰ অৱহেলা৷ সময়োচিত পদক্ষেপ নোলোৱাৰ বাবেই আজি এজাক বৰষুণৰ ফলতে জলমগ্ন হৈ পৰিল এখন চৰকাৰী বিদ্যালয়৷ এই বিদ্যালয়খনেই হৈছে বৰপেটা জিলাৰ হাউলী অঞ্চলৰ অন্যতম প্ৰাচীন উচ্ছতৰ মাধ্যমিক বিদ্যালয়৷ কালি আৰু আজি নিৰৱচ্ছিন্নভাৱে হোৱা মুষলধাৰ বৰষুণৰ ফলত আজি সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে হাউলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ৷ বিদ্যালয়খনৰ কেতবোৰ শ্ৰেণীকোঠাতো পানী প্ৰৱেশ কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল অসুবিধাৰ সন্মুখীন হয়৷ বিদ্যালয়খনৰ সন্মুখৰ পথটো যথেষ্ট ওখ হোৱাৰ ফলতে বৰষুণ আহিলেই পথৰ পৰা পানী বাগৰি বিদ্যালয় চৌহদত প্ৰৱেশ কৰে৷ আনহাতে, লোকনিৰ্মাণ বিভাগে অবিজ্ঞানসন্মতভাৱে বিদ্যালয়খনৰ সন্মুখেৰে নিৰ্মাণ কৰা এটা নলাৰ বাবেও বিদ্যালয়খনৰ পৰিৱেশ দুৰ্গন্ধময় হৈ পৰিছে৷ আজি উক্ত নলাটো ওপচি পৰাত নলাটোত জমা হৈ থকা আৱৰ্জনাবোৰ নলাৰ পানীৰে সৈতে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰাৰ লগতে বিদ্যালয়খনৰ একাংশ শ্ৰেণীকোঠাতো প্ৰৱেশ কৰে৷ এনে পৰিস্থিতিত ব্যাহত হৈ পৰে পাঠদান৷ উপায়ন্তৰ হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ছুটী দিবলৈ বাধ্য হয় শিক্ষক-শিক্ষয়ত্ৰীসকলে৷ উল্লেখ্য যে, ১৯৩৯ চনতে বৃহত্তৰ হাউলী অঞ্চলৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে হাউলী হাইস্কুল স্থাপন কৰা হৈছিল আৰু এই বিদ্যালয়খনকেই পাছত হাউলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হয়৷ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে আজি বিদ্যালয়খন অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে৷ মন কৰিবলগীয়া যে, বৰ্তমানৰ অসম চৰকাৰে পুৰণি ঐতিহ্যপূৰ্ণ বিদ্যালয়সমূহক আৰ্থিকভাৱে সাহায্য দিয়াৰ এক বৃহৎ আঁচনি ঘোষণা কৰিছিল৷ চৰকাৰে ৭৫ বছৰ অতিক্ৰম কৰা বিদ্যালয়সমূহক ৩ কোটি টকাৰ এক আৰ্থিক অনুদান দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰৰ সেই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত হাউলী উচ্ছতৰ মাধ্যমিক বিদ্যালয় কতৃৰ্পক্ষই বিতং তথ্য আৰু নথি-পত্ৰ সংশ্লিষ্ট বিভাগৰ হাতত দাখিলো কৰিছিল৷ বিভাগীয়ভাৱেও এই সম্পৰ্কত বিতং ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল যদিও আমোলাতান্ত্ৰিক মেৰপেছ আৰু শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ অনিহা আৰু চক্ৰান্তৰ বাবে এই বিদ্যালয়খনে আজি ৮৩ বছৰ অতিক্ৰম কৰাৰ পাছতো চৰকাৰৰ এই বৃহৎ অনুদানৰ পৰা বঞ্চিত হ’ব লগা হৈছে হাউলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়৷ বিদ্যালয়খনৰ কেইবাটাও কোঠা উপযুক্ত মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ শ্ৰেণীকোঠাসমূহ গছ-লতাৰে এক অৰণ্যসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷  বৰপেটা জিলা উপায়ুক্তৰ নিৰ্দেশত হাউলী পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই বিদ্যালয়খন পৰিদৰ্শন কৰি সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিছিল যদিও আজিলৈকে কোনোধৰণৰ বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিদ্যালয়খনৰ সাম্প্ৰতিক অৱস্থাক লৈ স্থানীয় বিধায়কজনেও উদাসীন ভূমিকা দেখুৱাইছে৷ স্থানীয় সচেতন মহলে বিদ্যালয়খনক এখন বিদ্যালয় হিচাপে ৰাখিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷