Logo
image

পুনৰ ৰাজ্যত অতিমাৰীৰ উক্‌মুকনি

ক’ভিড বুলেটিন প্ৰকাশ

আমাৰ অসম, ১৫ জুনঃ ৰাজ্যত পুনৰ ক’ভিডৰ উক্‌মুকনি৷ দেশৰ কেইবাখনো ৰাজ্যৰ লগতে শেহতীয়াকৈ অসমতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬,৫৯৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইপিনে, ৰাজ্যিক স্বাস্থ্য মিচনৰ বুলেটিনত প্ৰকাশ পোৱা মতে মঙলবাৰৰ দিনটোত অসমত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১০জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪৩২ জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে গুৱাহাটীত ১ জন, বঙাইগাঁৱত ১ জন আৰু কামৰূপত ৮ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ চৰকাৰী তথ্য মতে মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৩ জন৷ ক’ভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি পাব ধৰাত স্বাস্থ্য বিভাগক কিছু চিন্তিত কৰি তুলিছে৷ চলিত মাহত অনুষ্ঠিত হ’বলগীয়া কামাখ্যাৰ অম্বুবাচী মেলাত দেশ-বিদেশৰ পৰা অহা ভক্ত তথা পৰ্যটকৰ জৰিয়তে ৰাজ্যত ক’ভিড সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগে৷ এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য দুদিন পূৰ্বে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত ক’ভিডত আক্ৰান্ত হৈছিল৷ সোমবাৰেও ৰাজ্যত ক’ভিডত ৫ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷