Logo
image

হাজেলাৰ বিৰুদ্ধে এটাৰ পাছত আনটো গোচৰ এনআৰচি সমন্বয়কৰ

ডাটা এণ্ট্ৰীত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

আমাৰ অসম. ১৫ জুনঃ ডেপুটেশ্বনত বহিঃৰাজ্যত কৰ্মৰত অসমৰ একালৰ এজন প্ৰভাৱশালী আমোলাৰ বিৰুদ্ধে ইটোৰ পাছত সিটো দুৰ্নীতি-কেলেংকাৰিৰ অভিযোগ উঠিছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি তদানীন্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰিছে এন আৰ চিৰ বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই এন আৰ চিৰ ডাটা এণ্ট্ৰিৰ উপ-ঠিকাৰ নামত বৃহৎ অংকৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি আই এ এছ বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ত এজাহাৰ দাখিল কৰিছে৷ হিতেশ দেৱশৰ্মাই সোমবাৰে ভিজিলেন্সক দিয়াত এজাহাৰত অভিযোগ কৰিছে যে–ডাটা এণ্ট্ৰি অপাৰেটৰৰ পাৰিতোষিক প্ৰদানৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে৷ এন আৰ চি কতৃৰ্পক্ষই ডাটা এণ্ট্ৰি অপৰেটৰৰ মূল ঠিকা মেৰ্ছাচ উইপ্ৰ’ক প্ৰদান কৰিছিল যদিও কোনো আনুষ্ঠানিক অনুমোদন নোহোৱাকৈ উইপ্ৰ’ৱে উৎপল হাজৰিকাৰ মালিকানাধীন ইণ্টিগ্ৰেটেড চিষ্টেম এণ্ড ছাৰ্ভিচক উপ-ঠিকা দিছিল৷ এজন ডাটা এণ্ট্ৰি অপাৰেটৰক প্ৰতিমাহে ১৪,৫০০ পৰা ১৭,৫০০ টকা পাৰিতোষিক দিয়া বুলি দেখুৱাইছিল পূৰ্বৰ সমন্বয়কে৷ কিন্তু সেই সকল ডাটা এণ্ট্ৰি অপাৰেটৰক মাত্ৰ ৫,৫০০ৰ পৰা ৯,১০০ টকাহে আদায় দিছিল৷ এই কেলেংকাৰি সংঘটিত হৈছিল ২০১৫ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ৷ এন আৰ চিৰ উক্ত ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিকৰ বাবে পুঁজি মোকলাই দিছিল ১৫৫.৮৩ কোটি টকা৷ এই সমূহ তথ্য মহা গাণনিকৰ প্ৰতিবেদনত প্ৰকাশ পোৱা বুলিও অভিযোগ কৰিছে৷ হাজেলাৰ এই কেলেংকাৰিত প্ৰলয় শীল নামৰ এজন ব্যক্তিয়ে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ অভিযোগ কৰিছে হিতেশ দেৱ শৰ্মাই৷ কাৰ্যালয়টোৰ কৰ্মচাৰী অথবা ঠিকাদাৰ নোহোৱাকৈ এন আৰ চিৰ প্ৰতিটো কামতে হস্তক্ষেপ কৰাৰো অভিযোগ কৰিছে এজাহাৰত৷ ইয়াৰ উপৰিও থাৰ্ট পাৰ্টি মনিটৰিং কনচালটেণ্ট ৰাজেশ জৈনৰ নামত ১০.৭৩ কোটি টকাৰ কেলেংকাৰি হোৱাৰো অভিযোগ কৰিছে এজাহাৰত৷ এই কেলেংকাৰিত জড়িত প্ৰতিজন লোকক সোধ-পোচ কৰি তদন্ত কৰিবলৈ আহ্বান জনাইছে বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ উল্লেখ্য, হিতেশ দেৱ শৰ্মাই ইয়াৰ পূৰ্বেও প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত চি আই ডিত এজাহাৰ দাখিল কৰিছিল৷ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, পূৰ্বতে হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ অতিৰিক্ত সমন্বয়ক দায়িত্বত আছিল যদিও হাজেলাৰ সৈতে হোৱা সংঘাতৰ বাবেই উক্ত পদৰ পৰা অব্যাহতি লোৱা বুলিও অভিযোগ উঠিছিল৷ স্বাভাৱিকতে প্ৰতীক হাজেলাই যদিহে এই দুৰ্নীতিৰ আশ্ৰয় লৈছিল তেনেহ’লে সেই সময়ত হিতেশ দেৱ শৰ্মাই কিয় মৌন হৈ আছিল বুলিও প্ৰশ্ন উঠিছে৷ এতিয়া হাজেলাৰ অবৰ্তমানত ৰাজ্যিক সমন্বয়কৰ দায়িত্ব লাভ কৰি ব্যক্তিগত শত্ৰুতাৰ বাবেই এটাৰ পাছত এটা গোচৰ ৰুজু কৰিছে নেকি বুলিও চৰ্চা চলিছে৷ উচ্ছতম ন্যায়ালয়ত নিৰীক্ষণৰ মাজত হোৱা এই কেলেংকাৰি সন্দৰ্ভত হিতেশ দেৱ শৰ্মাই কিয় সৰ্বোচ্ছ ন্যায়ালয়ক বিষয়টো অৱগত কৰা নাই বুলিও প্ৰশ্ন উঠিছে৷