Logo
image

ডিমা হাচাওত বাৰে বাৰে প্ৰকৃতিৰ ৰোষত মানুহৰ নিৰ্মাণ

পুনৰ বিধবস্ত হাফলং ষ্টেচন

আমাৰ অসম, ১৬ জুনঃ বিজ্ঞান-প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালভাৱে মানৱ সভ্যতাতো আহি পৰিছে বহু পৰিৱৰ্তন৷ আধুনিকতাৰ পৰশত মানুহে প্ৰকৃতি ধবংস কৰি নিৰ্মাণ কৰিছে কংক্ৰিটৰ সৌন্দৰ্যপুৰী৷ কিন্তু মানুহৰ এই আধুনিকতাক লৈ কেতিয়াবা কেতিয়াবা যেন প্ৰকৃতিও ক্ৰোধান্বিত হৈ পৰে৷ ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ আৰু ধবংসলীলা বহু সময়ত মানুহে স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে ভুক্তভোগীও হৈছে৷ মানুহ আৰু প্ৰকৃতিৰ সংঘাতৰ অন্যতম প্ৰতীকি হৈ পৰিছে যেন উত্তৰ পূবৰ ছুইজাৰলেণ্ডখ্যাত হাফলং৷ হাফলঙত এতিয়া চলিছে মানুহ আৰু প্ৰকৃতিৰ তুমুল যুদ্ধ৷ সেউজ পাহাৰেৰে পৰিপূৰ্ণ হাফলঙৰ বক্ষ ভেদি মানুহেই নিৰ্মাণ কৰিছিল কংক্ৰিটৰ চহৰ৷ পাহাৰৰ মাজেৰে ৰে’ল লাইন নিৰ্মাণ কৰাৰ লগতে হাজাৰ হাজাৰ গছ কাটি নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ৷ প্ৰকৃতি ধবংস কৰি কৰা এনে নিৰ্মাণ কাৰ্যৰ বোজা লৈ প্ৰকৃতি যেন এতিয়া ৰুষ্ট হৈ পৰিছে৷ বিগত মে’ মাহৰ প্ৰথমটো পষেকৰ শেষৰ ফালে ধাৰাষাৰ বৰষুণেৰে ৰুষ্ট প্ৰকৃতিয়ে ধবংসস্তুপত পৰিণত কৰে হাফলং তথা সমগ্ৰ ডিমা হাচাও জিলা৷ এটা সময়ত বিলাসী ভিষ্টাডম ৰে’ল সেৱাৰ জৰিয়তে পৰ্যটক হাত বাউলি মতা ৰুষ্ট প্ৰকৃতিয়ে নিমিষতে ভূমিস্খলনত পুতি পেলাই নিউ হাফলং ৰে’ল ষ্টেচন৷ বোকা মাটিয়ে কেইবাখনো ৰে’ল আধালৈকে পুতি পেলোৱাৰ লগতে পাহাৰৰ পৰা নামি অহা ধলে ইঞ্জিনসহ কেইবাখনো ৰে’লক ট্ৰেকৰ পৰা উটুৱাই নিয়ে৷ হাফলং-বদৰপুৰ ৰে’ল লাইনৰ প্ৰায় ৫০তকৈ অধিক স্থানত ভূমিস্খলন হোৱাৰ লগতে ডিমা হাচাও জিলাখনৰ কেইবাস্থানত হোৱা ভূমিস্খলনৰ বাবে আজিও আশ্ৰয় শিবিৰতে বহুলোক৷ ইপিনে প্ৰকৃতিৰ এই ধবংসলীলাৰ পাছতেই ৰে’ল মন্ত্ৰণালয়ে কোটি কোটি টকা ব্যয় কৰি নিউ হাফলং ৰে’ল ষ্টেচনৰ লগতে সমগ্ৰ ৰে’ল পথ মেৰামতিৰ কাম যুদ্ধকালীন তৎপৰতাৰে অব্যাহত ৰাখিছিল৷ দিনে নিশাই শ-শ শ্ৰমিক নিয়োগ কৰি ষ্টেচনটোৰ ৪০-৫০ শতাংশ মেৰামতি সম্পূৰ্ণ কৰি তুলিছিল৷ কিন্তু ইয়াৰ পাছতো পুনৰ ৰুষ্ট হৈ পৰে প্ৰকৃতি৷ বিগত তিনিদিন ধৰি অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ডিমা হাচাওত পুনৰ ভয়ংকৰ ভূমিস্খলন আৰম্ভ হৈছে৷ পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰৱল ধল আৰু বোকাই পুনৰ পুতি পেলাই নিউ হাফলং ৰে’ল ষ্টেচন৷ মেৰামতি কৰি তোলা ষ্টেচনটোৰ বিভিন্ন অংশ পুনৰ বোকাত পোত যোৱাত অসহায়  হৈ পৰিছে ৰে’ল কৰ্মচাৰী আৰু শ্ৰমিকসকল৷ এক কথাত ডিমা হাচাওত প্ৰকৃতিৰ ওচৰত হাৰ মানিছে মানুহে৷ বুধবাৰে পাহাৰীয়া জিলাখনৰ বহু ঠাই ভূমিস্খলন আৰু বানৰ কবলত পৰি বন্ধ হৈ পৰিছে যাতাযাত৷ গাঁও অঞ্চলত মঙলবাৰে নিশা বহু লোকৰ ঘৰ বিধবস্ত হোৱাৰ খবৰ আহিছে৷ আতংকিত হৈ বহুতে নিজৰ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছেগৈ৷ অন্যহাতে ভূমিস্খলন আৰু বানৰ কবলত পৰি গুৱাহাটী-হাফলং সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু হাফলং-শিলচৰ সংযোগী ঘাইপথটোও বন্ধ হৈ পৰিছে৷ গুৱাহাটী-হাফলং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল অঞ্চলত এটা এছ কাৰ্ভ বিধবস্ত হৈ পৰিছে৷ এই এছ কাৰ্ভটোত এখন ট্ৰেভেলাৰ বাহন আৱদ্ধ হৈ পৰাৰ ফলত কথমপি ৰক্ষা পৰিলে বাহনখনৰ যাত্ৰীসকল৷ অতি বিপদ সংকুলভাৱে ট্ৰেভেলাৰখনৰ যাত্ৰীসকলে নিজৰ প্ৰাণ বচাই আশ্ৰয় লয়গৈ সমীপৰ পাহাৰৰ টিলাত৷ ইপিনে বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা তিনিদিনলৈ ডিমা-হাচাওত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে৷ জিলাখনত ১৮ জুনলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান৷

পুনৰ বিধবস্ত নিউ হাফলং ৰে’ল ষ্টেচন

পুনৰ প্ৰকৃতিৰ ৰোষৰ সন্মুখীন হ’বলগা হ’ল ডিমা হাচাও জিলা৷ ঠিক এমাহ পূৰ্বে ভূমিস্খলন আৰু জলপ্ৰলয়ে পাহাৰীয়া জিলাখনৰ জনজীৱন তচনচ কৰি পেলাইছিল৷ পুনৰ বিগত দুটা দিনৰ পৰা পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাবাসীক শংকিত কৰি তুলিছে৷ প্ৰবল বৃষ্টিপাতৰ ফলত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ বিগত মাহৰ ভূমিস্খলন আৰু জলপ্ৰলয়ৰ ফলত আশ্ৰয় শিবিৰত বাস কৰিবলৈ বাধ্য হৈছিল সহস্ৰাধিক লোক৷ পুনৰ প্ৰকৃতিৰ তাণ্ডৱৰ সন্মুখীন হৈছে জিলাখন৷ জলস্ৰোত আৰু প্ৰবল ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাৰ উপৰি অলপৰ বাবে এখন ট্ৰেভেলাৰ যাত্ৰীবাহী গাড়ী জলস্ৰোতত উটি যোৱাৰ পৰা ৰক্ষা পৰে৷ প্ৰাণৰ মায়াত সকলো যাত্ৰীয়ে পাহাৰত উঠি প্ৰাণৰক্ষা কৰে৷ বিগত তিনিটা দিনৰ বৰষুণৰ ফলত পুনৰ বিধবস্ত হৈ পৰে নিউ হাফলং ৰে’ল ষ্টেচন৷ বিগত মাহৰ প্ৰাকৃতিক দুৰ্যোগত বোকা-মাটি-পানীৰে সম্পূৰ্ণ ৰে’ল ষ্টেচনটো পোত যোৱাৰ লগতে এখন যাত্ৰীবাহী ৰে’ল আৰু দুটা ইঞ্জিনো পোত খাই পৰিছিল৷ আজি পুনৰ জলমগ্ন গৈ পৰে হাফলং ৰে’ল ষ্টেচন৷ ফলত পুনৰ সেই একেই দৃশ্য প্ৰত্যক্ষ কৰা হয়৷ তদুপৰি, মুষলধাৰ বৰষুণৰ ফলত লামডিং-বদৰপুৰ ৰে’লপথৰ বিভিন্ন স্থানত পুনৰ ভূমিস্খলন হয়৷ বিগত মাহৰ দুৰ্যোগৰ পাছত পথছোৱা নিৰ্মাণৰ কাম চলি আছিল৷ কিন্তু, আজি পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’বলগা হয় ৰে’ল বিভাগ৷ ইপিনে, আজি ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জিলাখনত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা লগে লগে জিলাবাসীৰ মাজত শংকাৰ সৃষ্টি হৈছে৷ ১৮ জুনপৰ্যন্ত প্ৰবল বৃষ্টিপাতৰ জাননী জাৰি কৰা বাবে জিলাখনত উদ্ভৱ হৈছে শংকাৰ পৰিস্থিতি৷ জিলাখনৰ সকলো বিদ্যালয়-মহাবিদ্যালয় ১৮জুনপৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে৷ লগতে দৰকাৰী কাম নাথাকিলে জনসাধাৰণক ঘৰৰ বাহিৰ নহ’বলৈ প্ৰশাসনে অনুৰোধ কৰিছে৷ পাহাৰৰ চূড়াত বাস কৰা অথবা বিপদজনক স্থানত থকা ব্যক্তিসকলক পাশ্বৰ্ৱতী নিৰাপদ স্থানত আশ্ৰয় লোৱাৰো পৰামৰ্শ দিছে জিলা প্ৰশাসনে৷

উমৰাংচু বান্ধৰ পানী মুকলি, হোজাই-পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট

ডিমা হাচাওত পুনৰ মুকলি কৰা হৈছে উমৰাংচু জলবিদু্যৎ প্ৰকল্পৰ বান্ধৰ পানী৷ যাৰ লগে লগে হোজাইত হাইএলাৰ্ট জাৰি কৰা হৈছে৷ কেৱল হোজায়েই নহয় পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাতো জাৰি কৰা হৈছে সতৰ্কবাণী৷ হোজাইৰ ডি চি অনুপম চৌধুৰীয়ে জনোৱা মতে, মাইকযোগে নিজৰ নিজৰ মূল্যৱান সম্পত্তি লৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ ৰাইজক আহ্বান জনোৱা হৈছে৷ হোজাইৰ কেন্দুগুৰি অঞ্চলৰ ৰাইজক গাঁও এৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে৷ গাঁৱে গাঁৱে আৰক্ষী আৰু চৰকাৰী গাঁওবুঢ়াই মাইকযোগে ৰাইজলৈ সতৰ্কবাণী বিয়পাই ফুৰিছে৷ উল্লেখ্য, উমৰাংচুৰ খানডং বান্দেৰে নীপকোৱে পুনৰ পানী এৰি দিয়াত ফেনে-ফুটুকাৰে বাঢ়িছে কপিলীৰ জলপৃষ্ট৷ হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে জনোৱা মতে, নিশাৰ ভিতৰতে হোজাইৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ আশংকাতেই সকলো লোকৰ লগতে প্ৰশাসনৰ লোকসকলক সতৰ্ক থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷