Logo
image

জলজীৰ্ণ মহানগৰীত হাহাকাৰ নাগৰিকৰ

আমাৰ অসম, ১৬ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰখনত এতিয়া যেন নাগৰিকৰ দুৰ্দশাৰ অন্ত নাই৷ দুদিন ধৰি কৃত্ৰিম বানত ডুব গৈ আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল৷ নামত গুৱাহাটীৰ বাসিন্দা যদিও কৃত্ৰিম বানৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁৱকে ধৰি বহু পথ, উপ-পথৰ বাসিন্দাই৷ বিগত তিনিদনি ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে যদিও বৰষুণ যেন এই মুহূৰ্তলৈ হ্ৰাস পোৱাৰ কোনো লক্ষণ নাই৷ ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰপৰ্যন্ত গুৱাহাটী মহানগৰীত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ স্বাভাৱিকতেই বৰষুণ অব্যাহত থকাত গুৱাহাটীবাসীৰ এতিয়া যেন ঘৰৰ ভিতৰতে জলবন্দী হৈ থকাৰ বিকল্প নাই৷ কিয়নো গুৱাহাটী মহানগৰীৰ যি পথেদি যোৱা হয়, সেই পথেই এতিয়া কৃত্ৰিম বানৰ কবলত৷ বৰষুণ হ্ৰাস নোপোৱা পৰ্যন্ত চৰকাৰীভাৱে যে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেয়া ধ্ৰুৱ সত্য৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটী কৃত্ৰিম বানক লৈ এক প্ৰকাৰ হাত দাঙি দি বৰষুণ হ্ৰাস পাবলৈ ভগৱানক প্ৰাৰ্থনা জনোৱা বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছে৷ সোমবাৰৰ পৰা অব্যাহত থকা বৰষুণৰ ফলত বুধবাৰে বেলতলা, ৰুক্মিণীগাঁও, হাতীগাঁও, ডাউন-টাউন, অনিল নগৰ, নবীন নগৰ, চানমাৰি, জু-ৰোড আদি বহু অঞ্চল পানীত ডুব গৈ থাকে৷ গুৱাহাটী পৌৰ নিগমে জলমগ্ন অঞ্চলত ১২টা মেচিনৰ সহায়ত পানী সিঁচাত ব্যৱস্থা কৰিলেও বৰষুণৰ বাবে অলপো পানী শুকোৱা নাই৷ পুৱা নবীন নগৰত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত হৈ কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট বিভাগে সময়মতে বান প্ৰতিৰোধৰ কাম নকৰাৰ অভিযোগ কৰি চৰকাৰকে সমালোচনা কৰে৷ অৱশ্যে, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ বুধবাৰে মহানগৰীত কোনো উপস্থিতি দেখা নগ’ল যদিও বান বিধবস্ত ৰাইজক সহায়ৰ বাবে নামি পৰা দেখা গ’ল উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিএমচিৰ আয়ুক্ত দেৱাৰ্শিষ শৰ্মা৷ প্ৰশাসনে অনিল নগৰ-নবীন নগৰ অঞ্চলৰ কেইবাটাও হোটেষ্টলৰ আৱাসীক হোষ্টেল খালী কৰাই আৱাসীসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰে৷ প্ৰশাসনে ৰাজগড়ত মুকলি কৰা হিন্দী হাইস্কুলৰ আশ্ৰয় শিবিৰত প্ৰায় ৩০০ লোকে বৰ্তমানলৈ আশ্ৰয় লৈছে৷ ইপিনে বানৰ বাবে জলবন্দী হৈ থকা পৰিয়ালসমূহক প্ৰশাসনে খাদ্য সামগ্ৰী, মমবাতি আৰু খোৱাপানী যোগান ধৰা বুলি জানিব পৰা গৈছে৷ বৰষুণৰ  বাবে প্ৰশাসনে বুধবাৰে জিলাখনৰ শিক্ষানুষ্ঠান বন্ধ ৰাখিছিল যদিও কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সন্দৰ্ভত কোনো  আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা নাই প্ৰশাসনে৷ প্ৰশাসনে শিক্ষানুষ্ঠানৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ৰাজহুৱা নকৰাত কৃত্ৰিম বানক লৈ একাংশ ছাত্ৰ-ছাত্ৰী তথা  অভিভাৱক চিন্তিত হৈ পৰা দেখা গৈছে৷ ইপিনে অহা ২০  জুনলৈ স্থগিত ৰাখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ সৈতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে৷ সম্প্ৰতি কৃত্ৰিম বানৰ কবলত বিশ্ববিদ্যালয় চৌহদৰ বহুকেইটা অঞ্চল৷ বানত বুৰ গৈছে বিশ্ববিদ্যালয়ৰ ছাউথ কেম্পাছৰ কেইবাটাও আৱাস৷ কৃত্ৰিম বানৰ ফলত ছাত্ৰাৱাসমূহত বৰ্তমান নাই খোৱাৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰিবলগীয়া পানী৷ এই সমস্যাসমূহৰ সংক্ৰান্তত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে এক আলোচনাত মিলিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই৷ উক্ত আলোচনাতেই ২০ জুনলৈ পৰীক্ষা স্থগিতকৰণৰ সিদ্ধান্ত  গ্ৰহণ কৰে৷ অৱশ্যে ২০ জুনৰ পাছৰ পৰৱৰ্তী পৰীক্ষাসমূহ পূৰ্বনিৰ্ধাৰিত সময়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ বুধবাৰেও গুৱাহাটী কেইবা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় যদিও কোনো লোক হতাহত হোৱাৰ তথ্য জানিব পৰা হোৱা নাই৷ মঙলবাৰে বৰাগাঁৱত ভূমিস্খলনত মৃত্যু হৈছিল৷ ইপিনে বান সাহায্য বিতৰণক কেন্দ্ৰক কৰি আম আদমি পাৰ্টীৰ হাতীগাঁও পাৰিষদ মাছুমা বেগমৰ সৈতে স্থানীয় গাঁওবুঢ়াৰে  হোৱা কাজিয়াৰ দৃশ্য ছ’চিয়ল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ খাদ্য সামগ্ৰী বিতৰণক লৈ দুয়োজনৰ মাজত সংঘাতৰ সৃষ্টি হয়৷