Logo
image

ইয়াতে মাৰিলোঁ টিপা ৰাঁচী পালেগৈ শিপা

ঝাৰখণ্ড চৰকাৰ ভঙাৰ যো-জা, হিমন্তবিশ্বৰ নিৰীক্ষণ

আমাৰ অসম, ১৬ জুনঃ বিজেপিয়ে এইবাৰ ঝাৰখণ্ডত ‘অপাৰেচন কমল’ আৰম্ভ কৰিছে আৰু এই অভিযানৰ অভিকেন্দ্ৰ হৈ পৰিছে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী নহয়, গুৱাহাটী৷ ইতিমধ্যে বিজেপিয়ে ঝাৰখণ্ডৰ ইউ পি এ নেতৃত্বাধীন হেমন্ত ছোৰেনৰ চৰকাৰ ওফৰোৱাৰ বাবে অভিযানৰ প্ৰস্তাৱনা চলাইছে আৰু সেই অভিযান আৰম্ভ হৈছে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলৰ পৰা৷ ঝাৰখণ্ডৰ ইউ পি এ চৰকাৰৰ দ্বিতীয় বৃহৎ জোট কংগ্ৰেছৰ ১৭জন বিধায়কৰ অসন্তুষ্টি আৰু মুখ্যমন্ত্ৰী ঝাৰখণ্ড মুক্তি মৰ্চাৰ হেমন্ত ছোৰেনৰ একনায়কত্ববাদী সিদ্ধান্তৰ বিৰুদ্ধে সৃষ্টি হোৱা দলীয় বিধায়কৰো বিৰোধক সমল কৰিয়েই বিজেপিয়ে ঝাৰখণ্ডত ‘অপাৰেচন কমল’ আৰম্ভ কৰিছে৷ কোৱা বাহুল্য মাথোঁ, ইয়াৰ পূৰ্বে বিজেপিয়ে ‘ৰিছৰ্ট পলিটি’’ৰ সফল ৰূপায়ণ কৰি কৰ্ণাটক আৰু মধ্যপ্ৰদেশত নিৰ্বাচিত চৰকাৰ ওফৰাই বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰো ঠিক সেই একেই পদ্ধতিৰে আৰম্ভ হৈছে ৰিছৰ্ট বা হোটেল পলিটি’, য’ৰ অভিকেন্দ্ৰ হৈছে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু৷

ইতিমধ্যে এই অভিযানৰ বাবে ৰেডিছন ব্লুৰ ৬০টা কোঠা মঙলবাৰৰ পৰা বুক কৰা হৈছে আৰু অন্ততঃ তিনিজন বিদ্ৰোহী বিধায়কক আনি তাত ভৰোৱা হৈছে৷ হোটেল ৰেডিছন ব্লু মঙলবাৰৰ পৰা পূৰ্বে বুক কৰি নোথোৱা সাধাৰণ গ্ৰাহকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ হোটেলখনৰ প্ৰৱেশ-প্ৰস্থান পথ অসম আৰক্ষীয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দি সম্পূৰ্ণ চৌহদৰ দখল নিজৰ হাতলৈ নিছে৷ আৰক্ষীৰ সেই নিৰাপত্তা বেহু পৰিচালনা কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ যোৱা নিশা জি পি সিঙে অসম আৰক্ষীৰ নিৰাপত্তা বেহুৰ ব্যৱস্থা নিকপকপীয়া হৈছেনে নাই সেয়া পৰীক্ষা কৰিবলৈ নিজে দীৰ্ঘ সময় হোটেলখনত অতিবাহিত কৰে৷ আজি বুধবাৰৰ পৰা ৰেডিছন ব্লুত সাংবাদিকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ হোটেলৰ ৰেস্তেঁাৰাত বাহিৰৰ আলহীয়ে খাবলৈ যোৱাও নিষিদ্ধ কৰা হৈছে৷ অন্যাৰ্থত বিজেপিৰ হাতেলিখা কেইজনমান নেতা আৰু পূৰ্বে হোটেলৰ কোঠা বুক কৰি থোৱা সীমিত অতিথিৰ বাহিৰে ৰেডিছন ব্লুত এতিয়া সকলোৰে প্ৰৱেশ নিষিদ্ধ, চৌদিশে ঠিক নিশ্চিদ্ৰ আৰক্ষীৰ বুহ্য৷

এই ‘অপাৰেচন কমল’ৰ মাষ্টাৰ মাইণ্ডৰ ৰূপত বিজেপিৰ দুজনমান কেন্দ্ৰীয় নেতা অৱতীৰ্ণ হৈছে যদিও সামগ্ৰিকভাৱে এই অভিযান নিৰীক্ষণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা ৰেডিছন ব্লুত উপস্থিত থাকি সকলো ব্যৱস্থা নিৰীক্ষণ কৰে৷ উল্লেখ্য, এতিয়াৰ পৰা ১১ মাহ পূৰ্বে ঝাৰখণ্ডৰ হেমন্ত ছোৰেন চৰকাৰখন ওফৰাবলৈ ৰাঁছীৰ এখন হোটেলৰ পৰা অভিযান আৰম্ভ কৰা হৈছিল৷ পিছে হেমন্ত ছোৰেন চৰকাৰে সেই ষড়যন্ত্ৰৰ উমান পাই চৰকাৰ বগৰোৱাৰ পৰিকল্পনা কলিতে মোহাৰিলে আৰু তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে৷ অভিষেক ভুবে, অমিত সিং আৰু নিৱাৰণ প্ৰসাদ মাহাতো নামৰ তিনিজন ষড়যন্ত্ৰকাৰীয়ে লগত বিশাল পৰিমাণৰ টকা লৈ চৰকাৰৰ কেইবাজনো বিধায়কক প্ৰলোভিত কৰি হোটেললৈ নিবলৈ সক্ষম হৈছিল৷ কিন্তু আৰক্ষীৰ অভিযানত সেই অভূত্থান ব্যৰ্থ হয়৷ সেয়ে এইবাৰ নিৰাপদ স্থান হিচাপে বিজেপি শাসিত ৰাজ্য অসমৰ গুৱাহাটীক ‘অপাৰেচন কমল’ৰ ইপিচেণ্টাৰ হিচাপে নিৰ্বাচন কৰা হৈছে৷ পিছে এই পৰ্যন্ত বিজেপিয়ে পৰিকল্পনা কৰাৰ দৰে অভিযান তুংগত উঠা নাই আৰু আশা কৰাৰ দৰে বিদ্ৰোহী বিধায়কক ৰেডিছন ব্লুলৈ আনিবলৈ সক্ষম হোৱা নাই৷

ঝাৰখণ্ডৰ ইউপিএ চৰকাৰৰ নেতৃস্থানীয় দল জে এম এমৰ ৩০ জন, দ্বিতীয় বৃহৎ দল কংগ্ৰেছৰ ১৭ জন আৰু সহযোগী আৰু জে ডি, এন চি পি তথা চি পি আইৰ [এম এল] ১ জনকৈ মুঠতে ৫০ জন বিধায়ক আছে৷ বিৰোধী এন ডি এত আছে বিজেপিৰ ২৬, এজেএছইউৰ ২ জন আৰু নিৰ্দলীয় ২ জনকে ধৰি ৩০ জন বিধায়ক৷ এখন আসন খালী হৈ আছে৷ ৮১ জনীয়া বিধানসভাত দেখাত ৫০ বিধায়কেৰে শাসনাধিষ্ঠিত ইউ পি এ শক্তিশালী যদিও মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ একনায়কত্ববাদী সিদ্ধান্তত সহযোগী দল কংগ্ৰেছৰ সকলো বিধায়কৰ লগতে ৪ জন মন্ত্ৰীও অসন্তুষ্ট৷ জে এম এমৰ কেইবাজনো বিধায়কে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইতিমধ্যে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে৷ স্বয়ং মুখ্যমন্ত্ৰীৰ ভাতৃ-বধু জামাৰ বিধায়িকা সীতা ছোৰেন আৰু বৰিঅ’ৰ বিধায়ক লবিন হেমব্ৰমে হেমন্ত ছোৰেনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি যোৱা সপ্তাহত ৰাজ্যপাল ৰমেশ বাইছক সাক্ষাৎ কৰিছে৷ দুয়োজন বিধায়কে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে খনি মাফিয়াক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ খনিৰ অনিয়মৰ এটা গোচৰত ইডিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিছে৷ সৰ্বাধিক অসন্তুষ্ট হৈ আছে চৰকাৰত থাকিও পদে পদে মুখ্যমন্ত্ৰীৰ পৰা বাধা পাই থকা কংগ্ৰেছৰ মন্ত্ৰী-বিধায়ক৷ কংগ্ৰেছৰ ১৭ জন বিধায়কৰ প্ৰত্যেকজনেই অসন্তুষ্ট৷ ইয়াৰে সুযোগ লৈ বিজেপিয়ে আৰম্ভ কৰিছে ‘অপাৰেচন কমল’৷ এই অভিযানে অচিৰেই গতি ল’ব বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে আজিলৈকে অনিশ্চিত এই চৰকাৰ-উৎখাত অভিযানৰ ফলাফলৰ ভৱিষ্যৎ৷