Logo
image

ৰাজ্য বিচ্ছিন্নপ্ৰায়, ৰেড এলাৰ্ট

মেঘালয়ত ভূমিস্খলন, বৰাক বিচ্ছিন্ন

নলবাৰীত বুৰিল ৰাষ্ট্ৰীয় পথ

অৰুণাচল সংযোগহীন

আমাৰ অসম, ১৭ জুনঃ এফালে ধাৰাষাৰ বৃষ্টিপাত, আনফালে বান আৰু ভূমিস্খলনৰ সংহাৰ ৰূপ৷ গুৱাহাটী মহানগৰীয়ে হওঁক বা ৰাজ্যৰ কোনো গ্ৰামাঞ্চলেই হওঁক, সকলোতে এই মুহূৰ্তত বানৰ তাণ্ডৱ৷ আনহাতে, ডিমা-হাচাওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি পাগলাদিয়াৰ পৰা মথাউৰিটোলৈকে সৰ্বত্ৰ এতিয়া ভূমিস্খলনৰ কবলত৷ বিগত সোমবাৰৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত হ্ৰাস পোৱাৰ যেন কোনো সম্ভাৱনা নাই৷ বতৰ বিজ্ঞান কেন্দ্ৰই ২০ জুন পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰি শনিবাৰ পৰ্যন্ত অসমত ৰেড এলাৰ্ট জাৰি কৰিছে৷ ইপিনে, বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰত আৰু ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে ওফন্দি উঠাত ৰাজ্যৰ ২৫খন জিলা ভয়ংকৰ বানৰ কবলত পৰিছে৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ প্ৰতি ঘণ্টাত দুই ছেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসেৱা বন্ধ ঘোষণা কৰিছে৷ আনহাতে, কৃত্ৰিম বানত একপ্ৰকাৰ ডুব গৈছে গুৱাহাটী মহানগৰ৷ মহানগৰীৰ বিভিন্ন পথ, উপ-পথসমূহ পানীত বুৰ গৈ থকাই নহয়, বিভিন্ন স্থানত নাগৰিকৰ ঘৰৰ ভিতৰতো একঁকাল পৰ্যন্ত পানী উঠিছে৷ লক্ষণীয়ভাৱে ডিমা হাচাওত বিভিন্ন স্থানত ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ সৈতে বহিঃবিশ্বৰে একপ্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ একেদৰে বৰাক সংযোগী মেঘালয়ৰ সোণাপুৰ আৰু লুমছুলুমৰ মাজত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ ভূমিস্খলনত খহি পৰাত বুধবাৰে নিশাৰে পৰা গুৱাহাটী-শিলচৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ইপিনে, অৰুণাচলৰ চাংলাং- মাৰ্ঘেৰিটা সংযোগী ঘাইপথটোৰ বিভিন্ন অংশ ভূমিস্খলনৰ ফলত চুবুৰীয়া ৰাজ্যখনৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ এনে পৰিস্থিতিত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কীকৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক  দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই ৰাজ্যত ৰেড এলাৰ্ট  জাৰি কৰিছে৷ ইপিনে, ডিমা-হাচাও, বঙাইগাঁও, নলবাৰী, তামুলপুৰ জিলাৰ পাছত কামৰূপ মহানগৰ, কামৰূপ আৰু দৰং জিলাতো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ কামৰূপ মহানগৰ জিলাত কাইলৈ অৰ্থাৎ শুকুৰবাৰেও সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব বুলিও জিলা প্ৰশাসনে জানিবলৈ দিছে৷ ইপিনে, কামৰূপ জিলাতো ১৭ আৰু ১৮ জুনত শিক্ষানুষ্ঠান বন্ধ থাকিব৷ একেদৰে দৰং জিলা প্ৰশাসনেও বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ১৮ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ ইপিনে প্ৰৱল বৃষ্টিপাতৰ ফলত বুধবাৰে ডিমা-হাচাওত মাহুৰ নৈৰ কোৱাল সোঁতে উটুৱাই নিয়ে এজন লোকক৷ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত থাপা গাঁৱৰ বাসিন্দা ৰোজেন থাওচেন [৫৪] নামৰ লোকজনৰ বৰ্তমানো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ ইফালে শাকতোলা নৈৰ বানে বৰ অঠিয়াবৰীত পুনৰ এটা মথাউৰি ছিঙি নিয়ে৷ বৰপেটা জিলাতো ১৮ জুনলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ইপিনে বানত পৰি কোকৰাঝাৰত মিলন ৰায় [৫২] নামৰ এজন ব্যক্তিৰ মৃত্যু হয়৷ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত মেধিপাৰা অঞ্চলত পিছলি পৰি মৃত্যু হয় বিটিএডিৰ কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি মিলন ৰয়ৰ৷ বানৰ পৰিপ্ৰেক্ষিতত মঙলদৈত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত বৰদৌলগুৰিৰ পৰা আউলাচৌকালিলৈ যান-বাহন চলাচল বন্ধ কৰি দিছে প্ৰশাসনে৷ ইপিনে বানৰ বাবেই ১৯জুনত অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা পিছুৱাই দিছে৷ ৩ জুলাইত উক্ত পৰীক্ষা অনুষ্ঠিত কৰাত নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ চিকিৎসা সেৱা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে৷ উল্লেখ্য, প্ৰবল বৃষ্টিপাতৰ বাবে মেঘালয়ত আৰম্ভ হৈছে ভূমিস্খলন৷ এই ভূমিস্খলনৰ ফলত বৰাকৰে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে৷ বুধবাৰে নিশাৰ ভাগত বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ মেঘালয় আৰক্ষীয়ে জনোৱা মতে, নিশা ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ এই ভূমিস্খলনত পথটোৰ বৃহৎ অংশ খহি যোৱাৰ ফলত কেইবাখনো বাহন ওপৰৰ পৰা তললৈ খহি পৰে৷ লুমছুলুমত ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ এখন  ট্ৰাক৷ অৱশ্যে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনৰ চালক-হেণ্ডিমেন তথা আৰোহীৰ৷ উক্ত, পথটোত হঠাৎ ভূমিস্খলন হোৱাৰ ফলত ৰখাই থোৱা বাহনসমূহ তললৈ সোমাই পৰিছে৷ ইতিমধ্যে ভূমিস্খলনৰ বাবে পথটোত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷   বহু ঠাইত ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত পথটোত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিল যান-বাহনৰ চলাচল৷ ফলত অসমৰ লগতে আন আন ঠাইৰ সৈতে স্থলপথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ৷ ফলত হেজাৰ হেজাৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ ইপিনে পুনৰ ভয়াৱহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি৷ কামপুৰৰ বকলুগুৰি, পদুমণি, গোসাইগাঁও, চাইবুক গাঁও, নলাপাৰা আদি বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত পৰিছে৷ এটা মাহ নৌহওঁতেই দ্বিতীয়বাৰৰ বাবে অহা বানে এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰৰ বিভিন্ন অঞ্চলত৷ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম কাৰ্বি-আংলঙৰ খাণ্ডং জলবিদু্যৎ প্ৰকল্পই গেট খুলি দিয়াৰ পাছত বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ৷ শেহতীয়া বানত ভাঙি যোৱা মথাউৰি সমূহেদি কপিলী নদীৰ পানী সোমাৱাত কামপুৰৰ নৈ পৰীয়া কেইবাটাও অঞ্চল প্লাবিত হৈছে৷ ইফালে কামপুৰৰ প্ৰেমাজানৰ ভগ্ন মথাউৰিদি বৰপানী নৈৰ পানী সোমাই গোসাইগাঁও, চাইবুক গাঁৱকে ধৰি কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে৷ কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীত এতিয়া ন ন অঞ্চল প্লাবিত হৈছে৷ আনহাতে কামপুৰৰ পশ্চিম কাৰ্বিআংলং পথৰ ওপৰৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত৷ বিঘাই বিঘাই কৃষি ভূমি এতিয়া পানীৰ তলত৷ ইপিনে কপিলী, বৰপানী নৈৰ সমন্তৰালকৈ বৰ্তমান বৃদ্ধি পাইছে কলং নৈৰো জলপৃষ্ঠ৷  কেইবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মানাহ-বৰপেটাৰোড সংযোগী পথটো কালভাৰ্টসহ বৃহস্পতিবাৰে পুৱাই ছিঙি যায়৷ বৰষুণৰ বাবে কুঠৰীঝাৰত সৃষ্টি হৈছে খহনীয়া৷ আজি কালভাৰ্টসহ সম্পূৰ্ণৰূপে চিঙি যায় পথটো৷ অতিকৈ ব্যস্ত পথটোত এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো বন্ধ হৈ পৰাত পথচাৰী তথা স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইতিমধ্যে প্ৰশাসনে পথটোৰে যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধ আৰোপ কৰিছে৷ আনহাতে বঙাইগাঁৱত বজ্ৰপাতত পুৰি ছাঁই হ’ল এটা গৃহ৷ ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে বঙাইগাঁৱৰ এক নং নাচনগুৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ স্থানীয় ইব্ৰাহিম আলী নামৰ লোক এজনৰ ঘৰত বজ্ৰপাতৰ পাছতে সমগ্ৰ ঘৰটো জ্বলি ছাই হৈ যায়৷ ঘৰত থকা এখন বাইক, গেছৰ চিলিণ্ডাৰকে ধৰি বহু সা–সামগ্ৰী ভস্মীভূত হয় জুইত৷ বজ্ৰপাতৰ সময়ত ইব্ৰাহিম আলীয়ে পত্নী আৰু সন্তানক লৈ পিতৃগৃহলৈ যোৱাৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালটো৷

মেঘালয়ত পুনৰ ভূমিস্খলন, বিচ্ছিন্ন বৰাক

বৃহস্পতিবাৰে পুৱা মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ লুমশানং অঞ্চলত পুনৰ  ভূমিস্খলন হয়৷ ইয়াৰ ফলতে শিলচৰ-জোৱাই-গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ  ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকা৷ পাহাৰৰ পৰা নামি অহা প্ৰবল পানীৰ সোঁতে পথটো ভাঙি নিয়াৰ লগে লগে এখন ট্ৰাক আৰু সৰু বাহন দুৰ্ঘটনাগ্ৰস্ত হয়৷  পানীৰ  প্ৰবল সোঁতে পথৰ একাংশ ছিঙি লৈ যায়৷ যোৱা দুদিনৰ পৰা  প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে অসম-মেঘালয় ৬নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ তদুপৰি সোণাপুৰ অঞ্চলত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে৷ যোৱা দুদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ আছে শ শ ট্ৰাক আৰু বাহন৷ ইফালে, শিৱসাগৰৰ বিধায়ক অখিল গগৈক ভূমিস্খলনৰ বাবে পথত আটক হৈ পৰে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ছিঙি যোৱাত এখন ট্ৰাক আৰু এখন সৰু গাড়ী দুৰ্ঘটনাগ্ৰস্ত  হৈ  কেইবাজনো লোক আহত হয়৷ আহত বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ইপিনে মেঘালয় আৰক্ষীয়ে ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল সাময়িক বন্ধ ৰাখিছে৷

ভূমিস্খলনৰ আশংকাত গুৱাহাটীৰ ২৬৬টা পৰিয়াললৈ জাননী প্ৰশাসনৰ

গুৱাহাটীত কৃত্ৰিম বানৰ সমান্তৰালভাৱে ভূমিস্খলনেও ভয়াৱহ ৰূপ লৈছে৷  যোৱা চাৰি-পাঁচদিন ধৰি গুৱাহাটীত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ লগতে ভূমিস্খলনত চপৰা-চপৰে খহিছে ঘৰ-পাহাৰ৷ মঙলবাৰে নিশা বৰাগাঁৱৰ নিজৰাপাৰত ভূমিস্খলনত ৪জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু ঘটাৰ পাছত গুৱাহাটীৰ ভূমিস্খলন প্ৰৱণ ৯টা পাহাৰ এলেকাৰ ২৬৬টা পৰিয়াললৈ ঘৰ এৰি নিৰাপদ স্থানলৈ যোৱাৰ বাবে প্ৰশাসনে  জাৰি কৰিছে জাননী৷ নুনমাটি, লিচুবাগান, নৱগ্ৰহ, নৰকাসুৰ, খানাপাৰা মাধৱনগৰ, খ্ৰীষ্টানবস্তি, টিভি টাৱাৰৰ লগতে হলী চাইল্ডৰ কাষৰ বহু ঘৰ ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰি প্ৰশাসনে উক্ত ২৬৬টা পৰিয়াললৈ ঘৰ এৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ মুঠ ১৮টা  বিপজ্জনক অৱস্থাত থকা পাহাৰীয়া স্থানৰ বাসিন্দালৈ জাৰি কৰা হৈছে ঘৰ এৰাৰ জাননী৷ প্ৰশাসনৰ সূত্ৰই জনোৱা মতে দেৱাল, গাৰ্ডৱাল খহি পৰিব পৰা দিছপুৰৰ ১০টা স্থান চিনাক্ত কৰা হৈছে৷ নৰকাসুৰ পাহাৰত গাৰ্ডৱাল খহি ইতিমধ্যে নন বৰা আৰু অনন্ত কলিতা নামৰ দুজন লোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে৷ জাপৰিগোগৰ কৃষ্ণ নগৰ, আঠমাইল, নুনমাটি আদি স্থানতো ভূমিস্খলনৰ বাতৰি আহিছে৷ লিচুবাগান, নিজৰাপাৰ, হেঙেৰাবাৰী নৱগ্ৰহ, নুনমাটিৰ বাপুজী নগৰতো গাৰ্ডৱাল খহি পৰিছে৷ আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন স্থানতো ভূমিস্খলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনস্থ ফটাশিল আমবাৰী, পিয়লি ফুকন নগৰ, অমিয় নগৰত অব্যাহত আছে ভুমিস্খলন৷ একেদৰে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ খাৰঘূলি, বীৰকুছি, নাৰেংগী তিনিআলি, আজাৰা ৰাজহ চক্ৰৰ নেপালী বস্তিতো অব্যাহত আছে ভূমিস্খলন৷

ভূমিস্খলনত বিধবস্তপ্ৰায় মইনাপুখুৰীৰ ভূইচম্পা দেৱী মন্দিৰ

বাগ্‌সা জিলাত ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ৷ ভূমিস্খলনত বিধবস্ত হৈ পৰিছে পৰ্যটনস্থলী মইনাপুখুৰী ভূইচম্পা দেৱী মন্দিৰ৷ বিগত কিছুদিন ধৰি চলি থকা বৰষুণে চাৰিওফালে বানৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আৰম্ভ হৈছে ভূমিস্খলনৰ৷ জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ ভূটানখুঁটিত থকা পৰ্যটনস্থলীতো কালিৰে পৰা সৃষ্টি হোৱা ভূমিস্খলনত বিধবস্ত হৈ পৰিছে ভূইচম্পা দেৱীৰ মন্দিৰ৷ উল্লেখ্য যে, ভূটানখুঁটিৰ পাহাৰৰ এটি টিলাত অৱস্থিত এই মন্দিৰটো ৰাজ্যখনৰ এক পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিছিল৷ ৰাজ্যৰ পৰ্যটন বিভাগেও মইনাপুখুৰীক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আঁচনি গ্ৰহণ কৰিছিল৷ ৰাজ্যখনৰ লগতে বহিঃৰাজ্যৰ পৰাও বিভিন্ন ভক্তৰ সমাগম ঘটিছিল এই স্থানত৷ বিশেষকৈ প্ৰতিবছৰে শাওন মাহত এই মন্দিৰটোত ভক্তৰ আগমন ঘটে৷ কিন্তু বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত মইনাপুখুৰীৰ ভূইচম্পা দেৱীৰ নৱনিৰ্মিত মন্দিৰটোত বৃহৎ ফাঁট মেলাৰ লগতে পশ্চিম দিশে হালি যায়৷ আনহাতে, মন্দিৰটোলৈ নামনিৰ পৰা ওপৰলৈ যোৱা এক কিলোমিটাৰ দৈৰ্ঘৰ খটখটীটো কেবাঠাইতো ভাঙি যায়৷ ফলস্বৰূপে মন্দিৰলৈ যাতায়াত ব্যাহত হৈ পৰে৷ সেইদৰে মন্দিৰ চৌহদত থকা কাৰ্যালয়টোও ভাঙি যোৱাৰ বিপৰীতে প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ উভালি পৰে৷ ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে অনিৰ্দিষ্ট কাললৈ ভক্তৰ বাবে মন্দিৰ বন্ধ ৰখাৰ লগতে বিধবস্ত মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক আৰ্থিক অনুদান দিবলৈ আহ্বান জনায়৷