Logo
image

দিছপুৰত বিশ্বকৰ্মা পূজা দায়িত্ব ল’লে শুক্লবৈদ্যই

আমাৰ অসম, ১৭ জুনঃ জনতা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা হৈছে আবতৰীয়া বিশ্বকৰ্মা পূজা৷ ৰাজ্যবাসী বানত ককবকাই থকাৰ সময়ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আয়োজন কৰিছে এই আবতৰীয়া বিশ্বকৰ্মা পূজা৷ জনতা ভৱনত বিশ্বকৰ্মা পূজা পাতি পৰিবহণ বিভাগৰ দায়িত্ব লয় নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ মন্ত্ৰী শুক্লবৈদ্যই নিজেই বৰণ কৰে উক্ত বিশ্বকৰ্মা পূজাত৷ উল্লেখ্য, বিশ্বকৰ্মা পূজা সাধাৰণতে অনুষ্ঠিত হয় ১৭ ছেপ্টেম্বৰত৷ বিশ্বকৰ্মা পূজাৰ পাছতে দুৰ্গাপূজা, লক্ষ্মীপূজা উদ্‌যাপন কৰে ভক্তসকলে৷ বিশ্বকৰ্মা পূজা পাতি পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লৈ মন্ত্ৰী শুক্লবৈদ্যই কয়–পৰিবহণ বিভাগত যোগাযোগ স্থলপথ, জলপথ গোটেইখিনি আছে৷ মই বাবা বিশ্বকৰ্মাক পূজা-অৰ্চনা কৰিছোঁ যাতে সকলোকে লৈ বিভাগটো ভালকৈ চলাব পাৰোঁ, চলিব পাৰোঁ৷ এই যোগাযোগ ব্যৱস্থাৰ সৈতে মানুহৰ সুৰক্ষাৰ কথা  জড়িত হৈ আছে৷ ৰাইজ যাতে সুৰক্ষিত থাকে আমি সেই দিশৰ উপৰি পৰিবহণ বিভাগৰ সম্ভাৱনাসমূহো চাব লাগে৷ সম্ভাৱনাৰ পাছতে আহে সম্পদৰ কথা৷ যোগাযোগ ব্যৱস্থাৰ জৰিয়তে যাতে আমি সম্পদ আহৰণো কৰিব পাৰোঁ সেই কথাও চাব লাগিব৷ সেই লক্ষ্য আগত লৈ বিশ্বকৰ্মা পূজা আয়োজন কৰিছোঁ৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো ৰদবদলত পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰে মন্ত্ৰী শুক্লবৈদ্যই৷ মন্ত্ৰী শুক্লবৈদ্যৰ হাতত থকা বন বিভাগৰ দায়িত্ব দিয়া হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আৰু পৰিবহণ বিভাগ আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত৷