Logo
image

জোতা, পোছাক খুলি হাহাকাৰ স্মাৰ্ট পুলিচৰ

থানাই থানাই পানী

আমাৰ অসম, ১৭ জুনঃ গুৱাহাটী মহানগৰী আৰু কৃত্ৰিম বান যেন একাকাৰ হৈ পৰিছে৷ বিগত ৪ দিন ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল পানীত বুৰ গৈ আছে৷ বৰষুণৰ বাবেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুকুৰবাৰেও শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ বিপৰীতে নবীন নগৰ, অনিল নগৰ, পাঞ্জাবাৰী, ৰুক্মিণীগাঁও, ডাউন-টাউন, জু-ৰোড আদি বিভিন্ন অঞ্চলত জলবন্দী হৈ আছে সৰ্বসাধাৰণ নাগৰিক৷ সাধাৰণ নাগৰিক জলবন্দী হৈ পৰাই নহয়, খোদ আৰক্ষীও হৈ পৰিছে জলবন্দী৷ গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাসগৃহৰ সমান্তৰালভাৱে আৰক্ষী থানাই থানাই কৃত্ৰিম বানৰ সংহাৰ আৰম্ভ হৈছে৷ মহানগৰীৰ কেইবাখনো থানা বানৰ কবলত পৰাত জোতা তথা খাকী পোছাক খুলি পানী সিঁচাত ব্যস্ত হৈ পৰিছে স্মাৰ্ট আৰক্ষী৷ মহানগৰীৰ গীতানগৰ আৰু সাতগাঁও থানা এতিয়া কৃত্ৰিম বানৰ কবলত৷ গীতানগৰ থানাত পানী সিঁচি তৎ পোৱা নাই আৰক্ষীয়ে৷ একেদৰে সাতগাঁও থানাতো একাঁঠু পৰ্যন্ত পানী৷ সাতগাঁও আৰক্ষীয়ে পাপা গাড়ীৰ পৰিৱৰ্তে কলৰ ভূৰত উঠি থানালৈ আহিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ ইপিনে, কৃত্ৰিম বানৰ সমান্তৰালভাৱে– মহানগৰীৰ পাহাৰীয়া অঞ্চল সমূহত তাণ্ডৱ সৃষ্টি কৰিছে ভূমিস্খলনে৷ দুদিন পূৰ্বে বৰাগাঁৱত পাহাৰৰ মাটি খহি মৃত্যুক সাৱটি লৈছিল চাৰিজনকৈ লোকে৷ বৃহস্পতিবাৰেও কেইবাটাও অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷ বৃহস্পতিবাৰে গুৱাহাটীৰ কামাখ্যা আৰু নুনমাটি অঞ্চলৰ শালবাৰীত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ কামাখ্যাৰ নাৰ্চৰীত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলনৰ ঘটনাত ত্ৰিদিব মজুমদাৰ নামৰ এজন লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হয়৷ পাহাৰৰ প্ৰকাণ্ড শিল খহি ত্ৰিদিব মজুমদাৰ নামৰ লোকজনৰ ঘৰৰ ৱাল ভাঙি পেলায়৷ এই ঘটনাৰ ত্ৰিদিব মজুমদাৰৰ পত্নী মামণি দত্ত অহাত হয়৷ মামণি দত্তক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ আনফালে, নুনমাটি অঞ্চলৰ শালবাৰীত ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷