Logo
image

অভিজিৎ অসমৰ প্ৰত্যৰ্পণ নহ’ব! লণ্ডন আদালত

আমাৰ অসম, ১৭ জুনঃ লণ্ডন নিৱাসী অসমীয়া চিকিৎসক মুকুল হাজৰিকা নহয় আলফাৰ [স্বাধীন] সভাপতি ডাঃ অভিজিৎ অসম৷ ডাঃ মুকুল হাজৰিকাই আলফাৰ তদানীন্তন সভাপতি ডাঃ অভিজিৎ অসম বুলি প্ৰমাণ কৰিব নোৱৰাত বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰা অসমীয়া চিকিৎসক হাজৰিকা অসমলৈ প্ৰত্যৰ্পণ নহয়৷ সন্ত্ৰাসবাদীৰ অভিযোগত ব্ৰিটেইনৰ আদালতত গোচৰ চলি থকা ৭৫ বছৰীয়া ডাঃ মুকুল হাজৰিকাক বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ জিলা দণ্ডাধীশৰ আদালতে৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিগত সময়ছোৱাত বিদ্ৰোহী সংগঠনটোৰ সভাপতি বুলি পৰিচয় দি অহা ডাঃ অভিজিৎ অসমক শেহতীয়াকৈ কাল্পনিক চৰিত্ৰ বুলি দাবী কৰিছিল৷ অৱশ্যে ২০১৬ চনত আলফাৰ ম্যানমাৰ শিবিৰত ডাঃ অভিজিৎ অসমে ভাষণ দি থকা এখন স্থিৰ চিত্ৰৰ ভিত্তিতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই ডাঃ অভিজিৎ অসমেই লণ্ডনৰ চিকিৎসক ডাঃ মুকুল হাজৰিকা বুলি আদালতত অভিযোগনামা দাখিল কৰিছিল৷ আনকি নিয়াৰ গুৱাহাটীস্থ আদালতে ডাঃ অভিজিৎ অসম ওৰফে মুকুল হাজৰিকাক পলাতক ঘোষণা কৰিছিল৷ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন ১৯৬৭ৰ আধাৰত সন্ত্ৰাসবাদী কাৰ্যৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধত লিপ্ত থকাৰ অভিযোগত ডাঃ মুকুল হাজৰিকাৰ বিৰুদ্ধে লণ্ডন চৰকাৰক অভিযোগ দাখিল কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে বিগত বৰ্ষৰ জুলাইত ডাঃ হাজৰিকাক লণ্ডনৰ ৰাষ্ট্ৰীয় প্ৰত্যৰ্পণ গোটে গ্ৰেপ্তাৰ কৰিছিল৷ এই সংক্ৰান্তত লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ  ঘোষণা কৰে৷ ৰায়দানত জিলা দণ্ডাধীশ মাইকেল স্নোৰ আদালতত দীঘলীয়া শুনানিৰ অন্তত বৃহস্পতিবাৰে হাজৰিকাক দোষমুক্তদণ্ডাধীশ মাইকেল স্নোৱে কয়– ‘ডাঃ মুকুল হাজৰিকা যে আলফাৰ সভাপতি ডাঃ অভিজিৎ অসম সেই সন্দৰ্ভত কোনো গ্ৰহণযোগ্য প্ৰমাণ নাই৷ ডাঃ হাজৰিকাই আলফাৰ প্ৰশিক্ষণ শিবিৰত ভাষণ দিয়াৰ ক্ষেত্ৰতো চিনাক্তকৰণৰ বাবে কোনো প্ৰতিয়যোগ্য প্ৰমাণ নাপালো৷ সেয়েহে চিকিৎসক হাজৰিকাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ আবেদন খাৰিজ কৰিছোঁ৷ আৰু তেওঁক দোষমুক্ত ঘোষণা কৰিলোঁ৷’ উল্লেখ্য, ডাঃ মুকুল হাজৰিকাৰ হৈ অধিবক্তা বেন কুপাৰে যুক্তি দাঙি ধৰি ৭৫ বছৰীয়া চিকিৎসক হাজৰিকা অসমৰ জনসাধাৰণৰ মানৱ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত মুকলি আলোচনাৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ বুলিও উল্লেখ কৰিছিল৷