অম্বুবাচীৰ মহা আয়োজন ক’ভিডক লৈও উদ্বেগ
আহি আছে হজযাত্ৰীও
আমাৰ অসম, ১৭ জুনঃ ক’ভিডৰ উদ্বেগৰ মাজতে নীলাচল পাহাৰত ধৰ্মীয় পৰম্পৰাৰ মাজেৰে অনুষ্ঠিত হ’ব অম্বুবাচী মেলা৷ সমাগত ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলাৰ আয়োজনক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম চৰকাৰে৷ দেশত ক’ভিড মহামাৰীৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে দেশ-বিদেশৰ ৩০ সহস্ৰাধিক ভক্ত তথা পৰ্যটকক আৱাস তথা আপ্যায়নৰ বাবে সাজু হৈছে ৰাজ্যৰ পৰ্যটন বিভাগ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে সম্প্ৰতি দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ১২,২১৩ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ এদিনতে দেশত পজিটিভিটীৰ হাৰ বৃদ্ধি পাইছে ৩৮ শতাংশ৷ মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু, তেলেংগানা, পশ্চিমবংগ, গুজৰাটত ক’ভিডৰ সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ লৈছে৷ মহাৰাষ্ট্ৰত এদিনত ৪ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ শেহতীয়াকৈ অসমতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে প্ৰায় ২০জন লোক৷ বুধবাৰেও ৰাজ্যত নতুনকৈ ক’ভিড আক্ৰান্ত হৈছিল ২১জন লোক৷ এজন-দুজনকৈ অসমত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে পৰ্যটন বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচী মেলাৰ আয়োজন কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে চিকিৎসক-বিশেষজ্ঞ মহল৷ দেশ-বিদেশৰ পৰা আহিবলগীয়া ভক্ত-দৰ্শনাৰ্থীয়ে গুৱাহাটীৰ লগতে ৰাজ্যলৈ ক’ভিডৰ বাহকৰ ভূমিকা গ্ৰহণৰো আশংকা নুই কৰা নাই চিকিৎসক-বিশেষজ্ঞসকলে৷ অৱশ্যে, চৰকাৰৰ ফালৰ পৰা অম্বুবাচীত ৰীতি-নীতিৰ বাদে শুভাৰম্ভণি আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা নহয় বুলি সদৰি কৰিলেও অম্বুবাচীত ৩০ সহস্ৰাধিক ভক্তৰ বাবে বিগত বৰ্ষসমূহৰ দৰেই আৱাস আৰু আপ্যায়নৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে৷ স্বাভাৱিকতেই ভক্তৰ বাবে সাজু কৰা আশ্ৰয় শিবিৰসমূহত কিমান দূৰ ক’ভিডবিধি মানি চলা হ’ব সেয়া সন্দেহজনক৷ কিয়নো বিগত বৰ্ষসমূহত ভক্তৰ পৰা ক’ভিড সংক্ৰমণৰো অভিযোগ আছে৷ অৱশ্যে, অম্বুবাচী আয়োজনক লৈ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি– অম্বুবাচী উপলক্ষে কামাখ্যাধামলৈ অহা ভক্তসকলৰ থকা খোৱাৰ ব্যৱস্থা আগৰ দৰেই কৰা হ’ব৷ মাছখোৱাৰ পুৰণি জে’ল কেম্পাচ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৩০ সহস্ৰাধিক তীৰ্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি চলি আছে৷ স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাৱে মনোনিৱেশ কৰা হৈছে৷ এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান-বাহন উঠিবলৈ দিয়া নহ’ব৷ লগতে কোনো কাৰ পাছৰ ব্যৱস্থা কৰা হোৱা নাই৷ কামাখ্যাৰ মূল পথ, পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়েই অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ উঠিব লাগিব সকলো ভক্তই৷ মাথোঁ দিব্যাংগ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ প্ৰয়োজনৰ তাগিদাতহে যাত্ৰীৰ বাবে বিশেষ ফেৰী বাছৰ ব্যৱস্থা কৰা হ’ব৷ গোটেই কামাখ্যা পাহাৰতেই স্বচ্ছতা, অনাময় আৰু ধৰ্মীয় সংগীতৰ বিশেষ ব্যৱস্থা থাকিব৷ নিবৃত্তিৰ দিনাখন মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে কোনো ভিআইপিক দৰ্শনৰ অনুমতি দিয়া নহ’ব৷ সকলোৱে সাধাৰণ যাত্ৰীৰ দৰেই মন্দিৰ দৰ্শন কৰিব লাগিব৷ আইএছবিটি আৰু দুয়োটা ৰে’লৱে ষ্টেচনত বাছৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰথম পৰ্যায়ত ৮০খন বাছৰ ব্যৱস্থা কৰা হ’ব, প্ৰয়োজনত বৃদ্ধি কৰা হ’ব৷ কেৱল ফেৰী কাৰ থাকিব জ্যেষ্ঠ লোকসকলৰ বাবে৷ কোনো ভি আই পি আৰু ভি ভি আই পি পাছ নাথাকিব৷ ৰাস্তাসমূহত ধৰি উঠাৰ বাবে ৰেলিঙৰ ব্যৱস্থা কৰা হ’ব৷ ইপিনে, অম্বুবাচীৰ সমান্তৰালভাৱে মক্কাৰ হজত অংশ লৈ অসমলৈ উভতি অহা হাজীসকলক লৈও উদ্বেগ ব্যক্ত কৰিছে চিকিৎসক-বিশেষজ্ঞমহলে৷ হজৰ পৰা উভতি অহা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগক ক’ভিড পৰীক্ষাত অধিক গুৰুত্ব দিয়াৰ লগতে কোৱাৰেণ্টিন কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে৷