Logo
image

বিনিয়োগ আহিব! আশা মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ১৮ জুনঃ কৃষি খণ্ডৰ সমান্তৰালকৈ অসমত উদ্যোগ খণ্ডটোক আগবঢ়াই নিয়াৰ দিশতো বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে৷ সম্প্ৰতি ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ পৰা উদ্যোগ খণ্ডত প্ৰায় ৯২ হাজাৰ কোটি টকাৰ বিনিয়োগমূলক কাম-কাজ অব্যাহত আছে তথা বিনিয়োগৰ বিভিন্ন পৰ্যায়ত আছে৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত বিনিয়োগকাৰীসকলৰ সৈতে শুকুৰবাৰে মত বিনিময় কৰি তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লয়৷ বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই মত-বিমিয় অনুষ্ঠানত বিনিয়োগৰ বিভিন্ন পৰ্যায়ত থকা ৬১টা উদ্যোগৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু মত বিনিময়ৰ সময়ত বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা অধিকাংশ সমস্যা সমাধান কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ পাছত সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়–ভাৰতীয় ষ্টেট বেংকৰ সৈতে আমাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে৷ ৰাজ্যলৈ অধিক বিনিয়োগ আহিব বুলি আমি আশাবাদী৷ এডভাণ্টেজ আছামৰ জৰিয়তে বহু বিনিয়োগকাৰী আগবাঢ়ি আহিছে৷ বিভিন্ন বিনিযোগকাৰীৰে আমি আলোচনা কৰিছো৷ বিগত দুদিন ধৰি আমি উদ্যোগপতিসকলৰ সৈতে আলোচনা কৰিলো৷ আমি তিনিটা বিশেষ প্ৰকল্পৰ পৰিকল্পনা কৰিছোঁ৷ অসমত ১০০০ মিলিয়ন লাইম ষ্টন মজুত আছে৷ ইয়াৰ মুল্য প্ৰায় ১০০০ কোটি টকা হ’ব৷ এছ জে ভি এন নামৰ সংস্থাৰে ৫০০০ মেগাৱাট পৌৰ শক্তি উৎপাদনৰ বাবে চুক্তি হৈছে৷ ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবেও আন এটা সংস্থাৰে বুজাবুজিৰ চুক্তি হৈছে৷ আজিৰ বৈঠকত ৬২টা বিভিন্ন কোম্পানীয়ে অংশগ্ৰহণ কৰে৷ অসমত ইতিমধ্যে ৯২ হাজাৰ কোটি টকা বিনিয়োগ কৰি আছে বিভিন্ন উদ্যোগে৷ অসমত খেতিয়কে পামখেতি ব্যক্তিগতভাৱেও কৰিব পাৰিব৷ ইয়াৰ বিপৰীতে বজাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰি দিব৷