Logo
image

ৰাজ্যত জলপ্ৰলয়, দেশ ‘অগ্নি’ত দগ্ধ

মৃতৰ সংখ্যা বৃদ্ধি, বহু ৰে’ল বাতিল, বিচ্ছিন্ন ৰাষ্ট্ৰীয় পথ

আমাৰ অসম, ১৮ জুনঃ জল প্ৰলয়ৰ মাজত এতিয়া অসম৷ দ্বিতীয়টো বানত একপ্ৰকাৰ বিচ্ছিন্ন প্ৰায় হৈ পৰিছে বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকা৷ সোমবাৰৰ পৰা অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত বানৰ সমান্তৰালভাৱে ভূমিস্খলনে ভয়ংকৰ ৰূপ লৈছে ৰাজ্যত৷ দৰং, নলবাৰী, তেজপুৰ, শোণিতপুৰ, বৰপেটা, লখিমপুৰ আদি কেইবাখনো জিলাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত চাৰিওদিশে যোগাযোগ একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে৷ আনকি ঠায়ে ঠায়ে ৰে’ল লাইনৰ ওপৰেদি পানী বাগৰাত কেইবাখনো ৰে’ল বাতিল কৰাৰ লগতে পথ সলনিও কৰিছে৷ ইপিনে ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহো ফেনে ফোটোকাৰে ওফন্দি উঠিছে৷ গুৱাহাটীত প্ৰতিঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১ ছেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে৷ গুৱাহাটীৰ লগতে ধুবুৰী আৰু মাজুলীতো ব্ৰহ্মপুত্ৰত ফেৰী চলাচল বন্ধ কৰি দিছে৷ ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ অৰ্থাৎ শনিবাৰেও অসমত ৰেড এলাৰ্ট জাৰি কৰিছে৷ ২৩ জুন পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বুলিও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ২২ খন জিলা বানৰ কবলত পৰিছে৷ নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ যোৱাৰ লগতে কপিলী, জীয়া ভৰলী, পুঠিমাৰী, বেকী, মানাহ, পাগলাদিয়া নৈ বিপদসীমাৰ ওপৰেদি বৈ কাষৰীয়া শ শ গাঁও প্লাৱিত কৰি তুলিছে৷ মাজুলী আৰু ঢকুৱাখানাৰ মাজৰ মূল ৪২ নম্বৰ ৰাজ্যিক ঘাইপথটোৰ ওপৰেদি চামপৰা নৈৰ পানী বাগৰি যোৱাত শুকুৰবাৰে বিয়লিৰ পৰা যাতায়াত ব্যাহত হৈ পৰিছে৷ বঙাইগাঁও জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিও পানী বাগৰাত যান-বাহনৰ চলাচল বন্ধ কৰি দিছে জিলা প্ৰশাসনে৷ তেজপুৰৰ বালিপৰাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল বন্ধ কৰি দিছে৷ ফলত তেজপুৰ, লখিমপুৰ আৰু ধেমাজি পথত যান-বাহনৰ লানি লাগিছে৷ ইপিনে কামপুৰ-বৈঠালাংছু পথৰ ওপেৰিদি বাগৰিছে কপিলী নৈৰ পানী৷ ফলত এই গুৰুত্বপূৰ্ণ পথটোত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ গোৰেশ্বৰত শুক্লাই নৈৰ মথাউৰি ছিঙাত কুৰিখনৰো অধিক গাঁও বানৰ কবলত পৰিছে৷ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তথ্য মতে ৰাজ্যত এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে৷ দ্বিতীয়টো বানত দুই সহস্ৰাধিক গাঁও পানীৰ কবলত পৰাৰ বিপৰীতে ক্ষতিগ্ৰস্ত হৈছে ১৫ লাখ লোক৷ ইপিনে ৰাজ্যৰ ঠায়ে ঠায়ে বানে মথাউৰি ছিঙি নিয়াত প্লাৱিত হৈ পৰিছে বহু গাঁও৷ গুৱাহাটীতো বৰষুণৰ ফলত কৃত্ৰিম বানৰ লগতে ভূমিস্খলনে ভয়ংকৰ ৰূপ লৈছে৷ পাহাৰীয়া ডিমা-হাচাও জিলাতো ভূমিস্খলনৰ ফলত ঠায়ে ঠায়ে যাতায়াত ব্যাহত হৈ পৰিছে৷ ইপিনে চুবুৰীয়া অৰুণাচলতো ধাৰাষাৰ বৰষুণ অব্যাহত থকা ৰঙানদীকে ধৰি ৬ খন নৈৰ কাষৰীয়া লোকসকললৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ অৰুণাচলৰ নদীবান্ধৰ পানী এৰি দিয়াত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে উত্তৰপাৰৰ ৰাইজে৷ আনহাতে ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত নামনি অসমৰ লোকসকলো শংকিত হৈ পৰিছে৷ কাৰ্বি আংলঙৰ কাৰ্বি লাংপি আৰু উমৰাংচু বান্ধৰ পানী এৰি দিয়াত মধ্য অসমত প্ৰলয়ৰ সৃষ্টি হৈছে৷ প্ৰলয়ংকাৰী বানৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰো বহু অঞ্চল প্লাৱিত হৈছে ৷ জিলাখনৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথও বানৰ কৱলত পৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নী পানী ৷ যাৰ বাবে বালিপৰাত তেজপুৰ-লখিমপুৰ-ধেমাজি সংযোগী পথত গধুৰ যান-বাহনৰ লগতে ট্ৰাক, বাছ আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে৷ আনহাতে শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে ৷ শোণিতপুৰৰ উপৰিও লখিমপুৰ জিলাত বান পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে ৷ নীপকোৱে পানী এৰি দিয়াৰ ফলত ৰঙানদীয়ে তাণ্ডৱ সৃষ্টি কৰিছে জিলা খনৰ বিভিন্ন অঞ্চলত ৷ নদীপৰীয়া অঞ্চলসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে ৷ জিলাখনৰ চৌদিশে বান পীড়িতৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ইফালে ৰঙানদীৰ ওপৰত থকা পাচনৈ সংযোগী একমাত্ৰ দলংখন পুৱাই বানত উটি যায় ৷ এক নং পাচনৈ এলেকাত দুঠাইত পথ ছিঙি যোৱাৰ ফলত বহু লোকৰ ঘৰ-দুৱাৰ নদীত বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে ৷ ১৫ খনতকৈও অধিক গাঁও ৰঙানদীৰ বানত একপ্ৰকাৰ বিধবস্ত হৈ পৰিছে৷ উল্লেখ্য, নীপকোৱে যোৱা তিনিদিন ধৰি একেৰাহে প্ৰকল্পৰ পানী এৰি দিছে ৷ শুকুৰবাৰে প্ৰকল্পৰ ৫ নং গেটখন খুলি দিয়ে নীপকোৱে৷ যাৰ বাবে লখিমপুৰকে ধৰি কেইবাখনো জিলাত বান পৰিস্থিতি অধিক¸ ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে৷ জিলাখনৰ সোৱণশিৰি, ডিক্ৰং, পাভ, ব্ৰহ্মপুত্ৰ আদিৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে ৷ বহু স্থানত বিপদসীমাৰৰ ওপৰেৰে বৈছে পানী৷ বৰপেটা জিলাতো ক্ৰমান্বয়ে বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত কেইবাটাও পথ পানীৰ তলত বুৰ গৈছে ৷ আনহাতে ইখনৰ পিচত সিখন গাঁও জলমগ্ন হৈ পৰিছে ৷ জিলাখনৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ক্ৰমে বেকী, মানাহ, কালদিয়া, পহুমাৰা, নখান্দা, মৰাচাউলখোৱা আৰু ভেলেঙী নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে৷ ইপিনে আজি পুৱাৰে পৰা বৰপেটা-সৰ্থেবাৰী লোকনিৰ্মাণ পথটোৰ নগাঁৱৰ পৰা সৰ্থেবাৰীলৈ যোৱা অংশৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত পথটোৰে যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণলোক ৷ ইফালে বিটিআৰ সদৰ কোকৰাঝাৰ চহৰত সৃষ্টি হোৱা ভয়াৱহ বানত জলবন্দী হ’ব লগা হৈছে হাজাৰ হাজাৰ জনতা৷ চহৰখনৰ শান্তিনগৰ ,সুভাষপল্লী, জেডি ৰোড, আৰএনবি ৰোড, থানাপাৰা ,আদিকে ধৰি প্ৰতিটো ৱাৰ্ড এতিয়া বানত বুৰ গৈছে ৷ চহৰখনৰ সমীপেৰে বৈ যোৱা গৌৰাং নৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত নৈপৰীয়া বাগিছা গাঁৱৰ শতাধিক পৰিয়াল জলবন্দী হৈছে ৷ আনহাতে তামুলপুৰ  জিলাৰ গোৰেশ্বৰতো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ বৃহস্পতিবাৰে নিশা মাদলবাৰীত শুক্লাই নৈৰ মথাউৰি চিঙি গোৰেশ্বৰ অঞ্চলৰ কেইবাখনো গাঁহ্লও জলমগ্ন হৈ পৰিছে৷ লগতে কেইবাটাও গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰি যাতায়াত স্তব্ধ হৈ পৰিছে৷ নাওকাটা-তামুলপুৰ সংযোগী পথ, গান্ধীচ’ক-চেনীগাঁও সংযোগী পথ, গোৰেশ্বৰ-আন্ধেৰিঘাট সংযোগী পথ, গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী পথকে আদি কৰি বহুকেইটা গড়কাপ্তানি পথ ইতিমধ্যে সম্পূৰ্ণৰূপে যাতায়াত স্তব্ধ হৈ পৰিছে৷ ইপিনে গোৰেশ্বৰ চহৰৰ আটাইকেইটা ৱাৰ্ডৰ লগতে ৰামছা, ভোগপুৰ, গেৰুৱা, গাৰোগাঁও, মাদলবাৰী, নিজ-কুছলা, খৈৰাবৰী, চেনীগাঁও, নিঝাৰগাঁৱকে আদি কৰি ২০খনৰো অধিক গাঁৱৰ শ-শ পৰিয়াল জলবন্দী হৈ পৰিছে৷ ইফালে, দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ প্ৰায় ৩৫ ছেণ্টিমিটাৰ ওপৰেদি পানী বৈ থকাত নৈপৰীয়া শতাধিক গাঁও জলমগ্ন হৈছে৷ একেদৰে জিলাখনৰ পূব প্ৰান্তত থকা অসম মেঘালয় সীমান্তবৰ্তী প্ৰায় ১৫ খন গাঁও পঞ্চায়ত এলেকা কৃত্ৰিম বানৰ কবলত পৰিছে৷ তেলঢালা গাঁৱৰ জুলহাছ শেখ পুৱা শুই থকা অৱস্থাত ভূমিস্খলন হৈ পাঁচজন লোক ঘৰৰ তলত পৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত লোক কেইজনৰ প্ৰাণ ৰক্ষা পৰে৷ ইয়াৰে এজন গুৰুতৰ ভাবে আহত হয়৷ ভূমিস্খলনৰ ফলত পৰিয়ালটোৰ এটা ঘৰ সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰে৷  বৃহস্পতিবাৰে নিশা দৰঙৰ খৰস্ৰোতা আৰু ভয়াবহ নদী হিচাপে পৰিচিত ননৈ নদীয়ে কালৰূপ ধাৰণ কৰি জিলা খনৰ পশ্চিম প্ৰান্তৰ ছিপাঝাৰ সমষ্টিৰ চাৰি ঠাইত নিশাৰ ভাগতে মথাউৰি ভাঙি বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰে৷ বৃহস্পতিবাৰে ৰাতি প্ৰায় ১০মান বজাত ননৈ নদীৰ পশ্চিম পাৰৰ দিপীলা চকৰ সমীপত ৰত্নাৱলী সত্ৰৰ প্ৰায় কাষত পশ্চিম দিশৰ মথাউৰি ভাঙি এক বৃহৎ অঞ্চল প্লাৱিত হৈ পৰে৷ নৈখনৰ বান ইমানেই ভয়াবহ যে নিমিষতে মথাউৰিৰ কাষৰ অৰুণ কলিতা, লোহিত কলিতা আৰু মণ্টু বৰুৱা নামৰ লোক কেইজনৰ ঘৰ-বাৰি উটুৱাই নিয়ে৷ নিমিষতে জলমগ্ন হৈ পৰে বিস্তৃৰ্ণ অঞ্চল৷ ৰাতি প্ৰায় ১০-৩০ বজাত দ্বিতীয়টো মঠাউৰি ভাঙে ছিপাঝাৰৰ শ’লপামত৷ শ’লপামত ননৈ নদীৰ পশ্চিম দিশৰ মথাউৰি ভাঙি খৰস্ৰোতা বান দিপীলাৰ ভঙা মথাউৰিৰ বানৰ সতে একাকাৰ হৈ পৰে৷ যাৰ ফলত ননৈ নদীৰ পশ্চিমৰ প্ৰায় ১৫-১৬ খন গাওঁ সম্পূৰ্ণ ৰূপে বানৰ কৱলত পৰে৷ একে দৰে ৰাতি প্ৰায় এঘাৰ বজাত খটৰা সত্ৰৰ পূৱত কাইকীয়াপাৰাত ননৈৰ পূৱ দিশৰ মথাউৰি ভাঙি যায়৷ এই ভগা অংশৰে ননৈৰ পানী সোমাই কাইকীয়া পাৰা, ঘিলাকুৰী, চেঙাপাৰা, পাথৰিঘাট, আঠকুৰিয়া বঢ়িচৌকা আদি অঞ্চল প্লাৱিত কৰে৷  পুৱতি নিশা প্ৰায় ২ বজাত নগাঁও হীৰাপাৰাত ননৈৰ পশ্চিম পাৰত চতুৰ্থটো মথাউৰি ভাঙে৷ হীৰাপাৰাৰ ভঙা অংশৰে পানী সোমাই নগাঁও, হীৰাপাৰা, ভল্লিপাৰা, হাতীমামা, ভকতপাৰা আদি অঞ্চলত তাণ্ডব চলায়৷  ইফালে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমে [এটিডিচি] বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে ৷ফ্লাই বিগৰ সহযোগত এটিডিচিয়ে ১৮ আৰু ১৯ জুনত গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৬ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৭-১০ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰিছে ৷ ২০ জুনৰ পৰা গুৱাহাটীৰ পৰা শিলচৰলৈ পুৱা ৭-৪৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ পুৱা ৮-৫৫ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য, শিলচৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বিমান সেৱাৰ বাবে টিকটৰ বিশেষ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে ৷ সেইদৰে গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন ভৱনৰ ৰেড ৰিভাৰ ট্ৰেভেলছত [এটিডিচিৰ ইউনিট] ইচ্ছুক যাত্ৰীসকলে টিকট ক্ৰয় কৰিব পাৰিব ৷ ইয়াৰ বাবে টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে৷ যাত্ৰীসকলে ৮১৩৫৯-০২৯৭৩ নম্বৰত ফোন কৰি অথবা ই-মেইল কৰিও টিকট বুক কৰিব পাৰিব বুলি সংশ্লিষ্ট কতৃৰ্পক্ষই জনাইছে ৷ ইয়াৰ পূৰ্বেও ডিমা হাছাওত হোৱা ভয়াৱহ ভূমিস্খলনৰ সময়ত চৰকাৰে বিমান সেৱাৰ ব্যৱস্থা কৰিছিল ৷ সেইসময়ত টিকটৰ মূল্য তিনি হাজাৰ টকা ধাৰ্য কৰা হৈছিল যদিও এতিয়া ৪ হাজাৰ টকালৈ বৃদ্ধি কৰিছে৷

নামনি সোৱণশিৰি প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি

অসম-অৰুণাচল প্ৰদেশত বিগত প্ৰায় এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদী ফেনে-ফুটুকাৰে ওফন্দি উঠিছে আৰু ভয়ংকৰৰূপ ধাৰণ কৰিছে৷  সোৱণশিৰি নদীৰ তাণ্ডৱে নৈখনৰ নামনি অংশৰ বহু গাঁও বুৰাই পেলোৱাৰ লগতে ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলিবদু্যৎ প্ৰকল্পলৈও ভয়াৱহ বিপদ নমাই আনিছে৷ কালি মাজ নিশাৰ পৰা আজি বিয়লিলৈকে প্ৰকল্পটোৰ প্ৰায় ১১৬ মিটাৰ উচ্ছতাৰ ওপৰত ভয়ংকৰ ৰূপ লৈ তীব্ৰবেগত পানী বাগৰি আছে৷ ফলত প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ হৈ পৰাৰ লগতে প্ৰকল্পটোৰ বিস্তৰ ক্ষতি হৈছে৷ সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে প্ৰকল্পটোৰ মূল শক্তিগৃহ জলমগ্ন কৰিছে আৰু শক্তিগৃহটোৰ স্থায়িত্বৰ প্ৰশ্ন উত্থাপন হৈছে৷ একেদৰে প্ৰকল্পটোৰ বাবে নিৰ্মাণ কৰা সুৰংগসমূহত কম-বেছি পৰিমাণে ভূমিস্খলন হোৱাৰ লগতে মূল বান্ধৰ সুৰক্ষা বান্ধ, মূল ডাইভাৰ্চনেল টানেলৰো বিস্তৰ ক্ষতি কৰিছে সোৱণশিৰি নদীয়ে৷ উল্লেখ্য যে, এন এইচ পি চিৰ মুখ্য ব্যৱস্থাপনা সঞ্চালক অভয় কুমাৰ সিঙে দুমাহ পূৰ্বে নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প পৰিদৰ্শন কৰি ২০২২ চনৰ আগষ্ট মাহৰ পৰা নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ পৰা ৫০০ মেগাৱাট বিদু্যৎ উৎপাদন কৰিব বুলি সদম্ভে ঘোষণা কৰিছিল৷  ইয়াৰ বিপৰীতে ১৩ জুনত কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প পৰিদৰ্শন কৰি ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা বিদু্যৎ উৎপাদনৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷ কিন্তু এন এইচ পি চিৰ ব্যৱস্থাপনা সঞ্চালক এ কে সিং আৰু কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ বক্তব্য দুয়োটাই যে মিথ্যাচাৰৰ বাদে একো নহয় তাক বৰ্তমানৰ নামনি সোৱণশিৰিৰ জলবিদু্যৎ প্ৰকল্পটোৰ দুৰৱস্থাই প্ৰতিপন্ন কৰে৷ তদুপৰি, প্ৰকল্পটোৰ ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি এন এইচ পি চিয়ে দাবী কৰি আহিছে৷ কিন্তু ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ ১১৬ মিটাৰ উচ্ছতাৰ ওপৰেৰে কেনেকৈ ভয়ংকৰ ৰূপত সোৱণশিৰি নদীৰ পানী বাগৰিব পাৰিলে ই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ প্ৰকল্পটোৰ ওপৰেৰে বাগৰা পানীয়ে নামনি অংশত ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু ইয়ে নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে৷ 

গেৰুকামুখৰ প্ৰকল্পস্থলীত গুৰুত্বপূৰ্ণ বৈঠক

নামনি সোৱণশিৰি প্ৰকল্পৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত শুকুৰবাৰে প্ৰকল্পস্থলীৰ কাৰ্যালয়ত এখন উচ্ছ পৰ্যায়ৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ য’ত দিল্লীৰ পৰা অহা জি এম এয়ে অংশগ্ৰহণ কৰিছে৷ উল্লেখ্য যে, ১৩ জুনত কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল৷  কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ বক্তব্য যে মিথ্যাচাৰৰ বাদে একো নহয় তাক বৰ্তমানৰ নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পটোৰ কাৰ্যই প্ৰতিপন্ন কৰিছে৷ তদুপৰি, প্ৰকল্পটোৰ ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি এন এইচ পি চিয়ে দাবী কৰি আহিছে যদিও ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ ১১৬ মিটাৰ উচ্ছতাৰ ওপৰেৰে কেনেকৈ ভয়ংকৰ ৰূপত সোৱণশিৰি নদীৰ পানী বাগৰিছে সেয়া ৰহস্যজনক৷ প্ৰকল্পটোৰ ওপৰেৰে বাগৰা পানীয়ে নামনিত আতংকৰ সৃষ্টি কৰিছে৷ ইফালে লখিমপুৰ জিলাৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত যোৱা চাৰি-পাঁচদিনে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত নাওবৈচাত বানে সংহাৰীৰূপ ধাৰণ কৰিছে৷ নদীখনৰ সংহাৰী বানে মহাপ্ৰলয়ৰ সূচনা কৰি যোৱা দুটা দিনে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ২০ খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক বাসিন্দাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ নদীখনৰ বাঢ়নী পানী সোমাই থকাৰ ফলত অঞ্চলটোৰ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং, বৰপথাৰ, চেঙেলীজান, আহুমণি, শিঙৰা গাঁও, গড়ছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ২০খনতকৈ অধিক গাঁও জলমগ্ন কৰি তুলিছে৷ নাওবৈচাত শিঙৰাৰ বানে কেইবাটাও ৰাজ্যিক পথ বুৰাই পেলোৱাত যাতায়াত বন্ধ হৈ পৰিছে৷ পেলোৱাত বিহপুৰীয়াত ডিক্ৰং নদীৰ প্ৰবল বানে ভয়ংকৰ ৰূপ লৈছে৷ ডিক্ৰং নদীৰ ‘পাৰে’ প্ৰকল্পৰ পৰা নদীখনত নীপকোৱে পানী এৰি দিয়াত বিহপুৰীয়া ৰাজহ চক্ৰত বানে বিভীষিকাৰ সৃষ্টি কৰিছে৷ ২ নং গেটেৰে ২৫০০ -৩০০০মিঃমিঃ পানী এৰি দিয়াত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ লখিমপুৰ জিলা প্ৰশাসনে বানপীড়িতক বান সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

কাৰ্বি লাংপি প্ৰকল্পৰ চাৰিখন গেট মুকলি

ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ চাৰিখন গেট৷ জলবিদ্যুৎ প্ৰকল্পটোৰ চাৰিখনকৈ গেট খুলি দিয়াৰ ফলত মধ্য অসমৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ জলবিদ্যুৎ প্ৰকল্পটোত জলাস্তৰ বৃদ্ধি পোৱাৰ ফলত চাৰিখন গেট খুলি দিয়া হৈছে৷ পুৱাৰ ভাগত দুখন গেট খুলি দিছিল জলবিদ্যুৎ প্ৰকল্পটোৰ কৰ্তৃপক্ষই৷ বৃহস্পতিবাৰে প্ৰকল্পটোৰ চাৰিখন গেট খুলি দিয়া হৈছিল৷ ফলত বৈঠালাংছ’ক ধৰি বৃহৎ অঞ্চল জলমগ্ন হৈ পৰে৷ নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকল্পটোত অভাবনীয়ভাৱে বৃদ্ধি পাইছিল জলস্তৰ৷ বৰষুণ অব্যাহত থকা বাবে শুকুৰবাৰে মুকলি কৰি দিয়া হয় প্ৰকল্পটোৰ চাৰিখন গেট৷ গেট চাৰিখন খুলি দিয়াৰ পাছত আতংকিত হৈ পৰিছে বৰাপানী নৈৰ নৈপৰীয়া ৰাইজ৷ গেটকেইখন খুলি দিয়াৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে নৈখনৰ বুকু৷ ফলত বৈঠালাংছ’ৰ লগতে নামনিৰ বৃহত্তৰ অঞ্চল হোজাই, কচুৱা, লাজাপ, কামপুৰ ৰুবা আদিত ঘৰ-বাৰী, খেতিপথাৰ জলমগ্ন হৈ পৰিছে৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে হৈছে পানী৷ যিকোনো মুহূৰ্তত জলবিদ্যুৎ প্ৰকল্পটোত জলবিস্ফোৰণ হোৱাৰ আশংকা ঘনীভূত হৈছে৷

শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত

শোণিতপুৰ জিলাখনৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কৱলত পৰিছে৷ আজি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে এই তথ্য৷ মুঠ ২১হাজাৰ ৫৫৪জন লোক বানৰ কৱলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয় শিবিৰ চাৰিদুৱাৰত স্থাপন কৰিছে আৰু ইয়াত আছে ৬৬জন লোক৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ বানতো পশুখাদ্যৰ বিতৰণকলৈ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে এইবাৰৰ প্ৰলয়ংকৰী বানৰ কৱলত জিলাখনৰ কৃষিপ্ৰধান অঞ্চলসমূহেই পৰা সত্ত্বেও মাত্ৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰইহে বানাক্ৰান্ত পশুৰ হিচাপ দিয়াৰ বিপৰীতে চাৰিদুৱাৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বানাক্ৰান্ত পশুৰ সংখ্যা নিৰ্ণিতই হোৱা নাই৷ উল্লেখ্য যে, শেহতীয়া বানত ঢেকীয়াজুলিৰ ২৩খন, ঠেলামৰাৰ ১৮খন, তেজপুৰৰ ২২খন, চাৰিদুৱাৰৰ ২৮খন আৰু নদুৱাৰৰ এখন গাঁও বানৰ কৱলত পৰিছে৷ উল্লেখ্য যে, জিলাখনত ৬১০২টা শিশুকে ধৰি ৮১৪২জন পুৰুষ আৰু ৭৩১০গৰাকী মহিলাসহ মুঠ ২১৫৫৪জন লোক বানত আক্ৰান্ত হৈছে৷ তদুপৰি, এই বিধবংসী বানত শোণিতপুৰৰ মুঠ ৭৯৯.৫০হেক্টৰ কৃষিভূমি বানত ডুব গৈছে৷ উল্লেখ্য যে, পশুখাদ্যৰ বাবে হাহাকাৰ লগা শোণিতপুৰৰ চাৰিদুৱাৰত বানত আক্ৰান্ত পশু ৰাইজে নামঘৰ চৌহদকে ধৰি বিভিন্ন ওখ স্থানত ৰখাৰ বিপৰীতে চৰকাৰী তথ্য অনুসৰি, বানত ঢেকীয়াজুলিত ৯৮টা আৰু তেজপুৰত চাৰিশটা পশুধনহে বানৰ কৱলত পৰিছে বুলি প্ৰকাশ পোৱাত ৰাইজ আচৰিত হৈছে৷ উল্লেখযোগ্য যে, চাৰিদুৱাৰত স্থাপিত জিলাখনৰ একমাত্ৰ আশ্ৰয় শিবিৰটোত ৩০জন পুৰুষ, ২১গৰাকী মহিলা আৰু ১৫টা শিশুৱে আশ্ৰয় লৈছে৷

বানৰ আতংকৰ মাজতেই ডবকাত বাঘৰ আতংক

বানৰ আতংকৰ মাজতে এইবাৰ ডবকাত বাঘৰ আতংকত নিদ্ৰাহৰণ ডবকাৰ ভেদৌআটি অঞ্চলৰ জনতাৰ৷ কিছুদিন পুৰ্বে পশুধন আক্ৰমণ কৰি ভক্ষণ কৰিছি বাঘে৷ আজি ভেদৌ আটীৰ এডাল গছত আশ্ৰয় লৈছে বাঘৰ এটি পোৱালি৷ তাকৈ লৈ আতংক সৃষ্টি হয়৷ ৰাইজে প্ৰত্যক্ষ কৰি হুৱাদুৱাৰ সৃষ্টি কৰে৷ ডবকা-যমুনামুখ গড়কাপ্টানি পথৰ কাষতে এজোপা গছত প্ৰত্যক্ষ কৰি বন বিভাগ আৰু জিলা প্ৰশাসনক খবৰ দিয়ে৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীলৈ ডবকাৰ বন বিভাগৰ লগতে আৰক্ষী উপস্থিত হয়৷ পথৰ ওপৰত একঁকালপৰ্যন্ত পানী হোৱাৰ হেতুকে বনকৰ্মী আৰু আৰক্ষী যাব পৰা নাই ঘটনাস্থলীলৈ৷ বাঘৰ পোৱালিটো নাহৰফুটুকী নে ঢেকীয়াপতীয়া সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই৷