Logo
image

‘অগ্নিবীৰ’ক অসম আৰক্ষীত ভৰ্তি কৰিব মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১৮ জুনঃ অগ্নিবীৰ হৈ অহাসকলক অসম আৰক্ষীত পোনে পোনে নিযুক্তি দিয়া হ’ব৷ এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত অগ্নিবীৰ সন্দৰ্ভত এই ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়– যিসকল অগ্নিবীৰ হিচাপে ওলাই আহিব তেওঁলোকক আমি অসম আৰক্ষীত চাকৰি দিম৷ অৱশ্যে সেই তেওঁলোক অসমৰ বাসিন্দা হ’ব লাগিব৷ অগ্নিবীৰৰ সেনাবাহিনীত কাম কৰাৰ অভিজ্ঞতা থাকিব৷ সেয়ে সেনাৰ প্ৰশিক্ষণসহ সহজে অসম আৰক্ষীৰ বেটেলিয়নত যোগদান কৰিব পাৰিব৷ অসমৰ পৰা যদি ৬০০/৭০০ যুৱকেও সেনাত যোগদান কৰে তেন্তে ইয়াৰ ২৫ শতাংশ যদি ভাৰতীয় সেনাই ৰাখি দিয়ে তেতিয়াও ৫০০ সেনা অসমলৈ উভতি আহিব৷ প্ৰতিবছৰে আমি অসম আৰক্ষীত প্ৰায় তিনি হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিও৷ সেয়ে অগ্নিবীৰসকলক অসম আৰক্ষীত নিযুক্তি দিবলৈ পালে আমি আনন্দিত হম৷ এতিয়া ভাৰতীয় সেনাত অগ্নিবীৰত কিদৰে অমাৰ অধিক যুৱকে নিযুক্তি লাভ কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাটো প্ৰয়োজন৷ আমি তেওঁলোকক অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা নাই৷ তেওঁলোকক নিয়োজিত কৰাৰ বাবে কৈছো৷ অগ্নিবীৰসকলে ৰেডিমেট পুলিচ চাকৰি পাব৷ সেনাত চাৰি বছৰ প্ৰশিক্ষণ লৈ অসম আৰক্ষীত সোমাব৷ ইয়াত কোনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথা নাই৷ অসম আৰক্ষী আৰু বেটেলিয়নত পোনপটীয়াভাৱে অগ্নিবীৰসকলৰ নিযুক্তি হ’ব৷ ইয়াত আন্দোলন কৰাৰ কোনো কথাই নাই৷ অসম আৰক্ষীত সোমালে ৬০ বছৰলৈ চাকৰি কৰিব পাৰিব৷ এনে সেনাত সোমালে মাত্ৰ ১৪ বছৰ চাকৰি কৰিব পাৰে৷ কিন্তু অগ্নিবীৰ হিচাপে চাৰি বছৰ আৰু অসম আৰক্ষীত ৩০ বছৰ চাকৰি কৰিব পাৰিব৷ এইটো বেছি লাভজনক হ’ব৷ সেনাৰ সমান প্ৰশিক্ষণ অসম আৰক্ষীয়ে দিবই নোৱাৰে৷ সেনাত প্ৰশিক্ষণ লৈ এজন ল’ৰা ২৭ বছৰত উভতি আহিব৷ আৰু পিছত অসম আৰক্ষীত ৬০ বছৰলৈ কাম কৰিব৷ সেনাত অসমৰ ল’ৰা নাযায়৷ কিন্তু এইবাৰ যদি বেছিকৈ যায় আমাৰ কাৰণে ভাল৷ শেহতীয়া বানপানী সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– মানুহৰ দুৰ্যোগৰ সময়ত টি আৰ পিৰ কথা ভাবিব নালাগে৷ গুৱাহাটীৰ মানুহে কষ্ট পাইছে৷ বাগ্‌সা, নলবাৰী, দৰং, ধুবুৰীতো মানুহে কষ্ট পাইছে৷ কিন্তু তাত চুপাৰ ছাকাৰ নাই৷ এই সময়ত মানুহৰ লগত থিয় হ’ব লাগে৷ এজন অসমীয়াই আনজন অসমীয়াক সহায় কৰাৰ সময়৷ গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী মেডিকেল কলেজৰ পানী যোৱাৰ ৰাস্তাটো হ’ল ব্ৰহ্মপুত্ৰ নদী৷ যেতিয়ালৈকে এই ৰাস্তাটো বহুত ভাল বনাব নোৱাৰি এই সমস্যা থাকিবই৷ আমি যি নৰ্দমা বনাও সেইবোৰ ইমান ডাঙৰ বৰষুণৰ কাৰণে নহয়৷ এইবাৰ এটা অস্বাভাৱিক কথা হৈছে৷ অস্বাভাৱিক কথা এটাৰ লগত স্বাভাৱিক সময়ত এটাৰ তুলনা নহয়৷ গোলকীয় উষ্ণতাৰ কাৰণে আজিকালি বতৰৰ অনুমান কৰিব নোৱাৰি৷ গুৱাহাটীত যিমান বৰষুণ হৈ আছে শ্বিলঙতো নহয়৷ কাইলৈ মই দৰং আৰু বাগছা জিলাৰ বানপানী চাবলৈ যায়৷ আমি গুৱাহাটীৰ পাহাৰত ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কঠোৰ হ’লে সংবাদ মাধ্যমে সমালোচনা কৰে৷ সংবাদ মাধ্যমে আমাক সহযোগিতা কৰিব লাগিব৷ গুৱাহাটীত সাত দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে৷ এনেধৰণৰ বৰষুণ কেতিয়াবা বিশ বছৰত এবাৰ হয়৷ ইয়াক ১০০ শতাংশই নিয়ন্ত্ৰণ কৰা কঠিন৷ ডিমা হাচাও আৰু কামৰূপ মহানগৰ জিলাত এইবাৰ যি বৰষুণ হৈছে সেয়া অস্বাভাৱিক৷ সেইটো আমাৰ ব্যৱস্থাৰ বাহিৰত৷ পাহাৰৰ মুখতে মানুহে বিল্ডিঙো বনাই লৈছে৷ এইবোৰ বিপদজনক স্থানত আছে৷ কিন্তু তেওঁলোকক আঁতৰাব গ’লে বাধা দিয়ে৷ কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা, বজালী বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু বঙাইগাঁও জিলাত বান পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ কিছু স্থানত মথাউৰি ভাঙিছে৷ অহা দুদিন বৰষুণ হ’ব৷ ২০ জুনৰ পৰা বৰষুণ নাথাকে৷