Logo
image

গঁড় জৰীপ কৰিবলৈ আহি লক্ষ লক্ষ টকাৰ অনিয়ম ‘বিশেষজ্ঞ’ৰ দলৰ

আমাৰ অসম, ১৮ জুনঃ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে গঁড় জৰীপৰ নামত বৃহৎ অংকৰ ধনৰ অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান একাংশৰ বাবে খীৰতি গাইত পৰিণত হোৱা বুলি চৰ্চা লাভ কৰিছে৷ চলিত বৰ্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক তিনিদিনীয়া গঁড় জৰীপৰ নামত বিশেষজ্ঞৰ দলে ১৬ লাখ টকাৰ খাদ্য খোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে আৰ টি আইৰ জৰিয়তে কাজিৰঙাত সংঘটিত অনিয়মৰ তথ্য পোহৰলৈ অনাত এতিয়া কাজিৰঙাৰ বাহিৰে-ভিতৰে হাহাকাৰ লাগিছে৷ একাংশ এন জি অ’ আৰু সাংবাদিকে শকত অংকৰ মাননি লৈ বিশেষজ্ঞৰ ভূমিকা গ্ৰহণ কৰি জৰীপৰ নামত তিনিদিনত কেনেকৈ ১৬ লাখ টকাৰ খাদ্য খালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ইয়াৰ মাজতে আৰ টি আই কৰ্মী চৌধুৰীয়ে কাজিৰঙাৰ সঞ্চালকে গঁড় গণনাত জড়িত বুলি দাবী কৰা ৪৯জন সাংবাদিক-বিশেষজ্ঞৰ নাম ৰাজহুৱা কৰিবলৈ দাবী জনোৱা কাৰ্যই তাৎপৰ্য বহণ কৰিছে৷ তথ্য অনুসৰি বিগত বৰ্ষৰ ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছিল ১৪ সংখ্যক গঁড় গণনাৰ কাম৷ এই গঁড় গণনাত এদিনৰ নৈশ ভোজৰ নামত খৰচ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা৷ লগতে তিনিদিনীয়া গঁড় পিয়লৰ নামত ব্যয় হৈছিল সৰ্বমুঠ ৩০, ৮৬, ৮০০ টকা৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে তিনিদিনত কোনে খালে ১৬ লাখ টকাৰ খাদ্য? কাজিৰঙাত চলা তিনিদিনীয়া গঁড় পিয়লত ১৬ লাখ টকাৰে কি কি খাইছিল বিষয়া-কৰ্মচাৰীয়ে? এদিনৰ ডিনাৰ পাৰ্টিত কেনেকৈ খৰচ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা? গঁড় পিয়লৰ প্ৰতিবেদন প্ৰস্তুত নহ’ল যদিও তিনিদিনীয়া কাৰ্যসূচীৰ বাবেই কাজিৰঙাত ব্যয় কৰা হৈছিল ৩০ লাখ ৮৬ হাজাৰ টকা৷ আৰ টি আইৰ তথ্যই পোহৰলৈ অনা এই ভয়ংকৰ কেলেংকাৰিৰ সন্দৰ্ভত  ইতিমধ্যে তদন্তৰ দাবী জনাইছে জীপাল কৃষক-শ্ৰমিক সংঘই৷ উল্লেখ্য, ২০১৮ চনৰ পিছত চলিত বৰ্ষত অনুষ্ঠিত হৈছিল ১৪ সংখ্যক গঁড় পিয়ল৷ আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে ৰাজহুৱা কৰা তথ্যত প্ৰকাশ পোৱা মতে ৫টা দিনত গঁড় পিয়ল প্ৰক্ৰিয়াত সৰ্বমুঠ ব্যয় হৈছিল ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা ব্যয় হ’ল কেৱল খাদ্যৰ নামত৷ বোকাখাতৰ ইষ্টাৰ্ন আছাম ৱাইল্ডলাইফ ডিভিজনৰ বন বিষয়াৰ স্বাক্ষৰ সম্বলিত ব্যয় তালিকা অনুসৰি গঁড় পিয়লৰ বাবে জীপ ভাড়াত ব্যয় হৈছিল সৰ্বমুঠ ৫ লাখ ৫৬ হাজাৰ টকা৷ ২৬, ২৭ আৰু ২৮ মাৰ্চত জীপ ভাড়াৰ নামত ব্যয় হৈছিল এই বিশাল পৰিমাণৰ ধন৷ অন্যহাতে, খাদ্য যোগানৰ নামত গঁড় পিয়লত ব্যয় হৈছিল সৰ্বমুঠ ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা৷ বন বিভাগৰ এই তথ্য অনুসৰি, ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ খাদ্য যোগানৰ নামত দুটা ভাগত ব্যয় কৰা হৈছিল ১ লাখ ৯৭ হাজাৰ ১০০ টকা আৰু ৭১ হাজাৰ ৬৬০ টকা৷ খাদ্যৰ নামত ২৫ মাৰ্চত ব্যয় হৈছিল ২ লাখ ৪৬ হাজাৰ টকা আৰু ২৬ মাৰ্চত ব্যয় হৈছিল ৫ লাখ ৪৬ হাজাৰ ৫০০ টকা৷ পেকেট খাদ্যৰ বিনিময়ত ২৮ মাৰ্চত ২ লাখ ১৮ হাজাৰ টকা আৰু ২৯ মাৰ্চত ব্যয় হল এক লাখ ১২ হাজাৰ ৫০০ টকা৷ একেদৰে ২৭ মাৰ্চৰ এটা ডিনাৰ পাৰ্টিত ব্যয় কৰা হৈছিল ২ লাখ ৮৭ হাজাৰ ৫০০ টকা৷ অন্যহাতে, ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ আশ্ৰয়ৰ নামত ব্যয় কৰা হৈছে সৰ্বমুঠ ৩ লাখ ৬৫ হাজাৰ ৩১০ টকা৷ তদুপৰি প্ৰিণ্টিঙৰ নামত ব্যয় হৈছিল ৩৭ হাজাৰ ৩৮০ টকা, ষ্টেচনাৰী আৰু অন্যান্য ব্যৱস্থাপনাত ২ লাখ ৪৮ হাজাৰ ৮৫০ টকা আৰু গঁড় পিয়লৰ গণনাকাৰীসকলৰ পাৰিশ্ৰমিকৰ নামত ব্যয় তৰিছিল ২ লাখ টকা৷ অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিদিনিয়া গঁড় পিয়লৰ নামত ব্যয় কৰা হৈছিল সৰ্বমুঠ ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ সমগ্ৰ জৰীপত ৬৪জন গণনাকাৰী, ১২জন স্বতন্ত্ৰ পৰ্যবেক্ষক আৰু ৪৯জন সংবাদকৰ্মীক জড়িত কৰোৱা হৈছিল৷ তদুপৰি সুৰক্ষাৰ বাবে ২৫২ জন বনকৰ্মীকো নিয়োজিত কৰা হৈছিল৷

৩০ লাখ টকীয়া কেলেংকাৰি তদন্তৰ দাবী ৰাইজৰ দলৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষৰ মাৰ্চ মাহত গঁড় গণনাৰ নামত অকল্পনীয়ভাৱে কৰা ব্যয়ৰ তদন্তৰ দাবী জনাইছে ৰাইজৰ দলে৷ কাজিৰঙাবাসীক লজ্জানত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই কাজিৰঙাত তিনিদিন ধৰি গঁড় গণনাৰ নামত খাদ্য খোৱা, যাতায়াত, জীপছী ভাড়া আদিৰ নামত ৰাজকোষৰ ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকাৰ ব্যাপক কেলেংকাৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ গোলাঘাট জিলা সমিতিৰ সম্পদক ৰতন দাৱ আৰু বোকাখাত সমষ্টিৰ সম্পাদক মৃত্যুঞ্জয় পেগুৱে৷ এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীক দিয়া তথ্যত বন বিষয়াই কাজিৰঙাত গঁড় গণনাৰ নামত বহু লক্ষ্য টকাৰ কেলেংকাৰি কৰাৰ কথা পোহৰলৈ আহিছে৷ ৰাইজৰ ধনৰ সকলো হিচাপ ৰাজহুৱা কৰিবলৈ সম্পাদক দুজনে উদ্যান কত্তৃৰ্পক্ষক দাবী জনাইছে৷ ইয়াৰ উপৰিও বলিউডৰ তাৰকা অক্ষয় কুমাৰে দিয়া এক কোটি টকা আৰু টাইগাৰ ৰিজাৰ্ভৰ নামত অহা কোটি কোটি টকা একাংশ বন বিষয়াই অতিৰঞ্জিত হিচাপ দাখিল কৰি ৰাইজৰ ধন আত্মসাত কৰি আহিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান একাংশ বন বিষয়াৰ সোণৰ কণী পৰা হাঁহ হিচাপে ব্যৱহাৰ কৰি থকাৰো অভিযোগ উঠিছে৷ উল্লেখ্য, প্ৰতিবছৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ধনৰ উপৰিও দেশ-বিদেশৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ, উন্নয়নৰ কাৰণে বহু কোটি টকা আগবঢ়াই থাকে৷ অন্যহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা প্ৰতি বছৰ বহু কোটি টকা আহৰণ কৰে উদ্যান কত্তৃৰ্পক্ষই৷ উদ্যান কতৃৰ্পক্ষই আহৰণ কৰা ধনৰ একাংশ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া ৰাইজৰ আৰ্থ সামাজিক উন্নয়নত ব্যয় কৰাটো বাধ্যতামূলক যদিও উদ্যান কত্তৃৰ্পক্ষই ৰাইজৰ উন্নয়নৰ বিপৰীতে কেৱল নিজৰ স্বাৰ্থত ব্যয় কৰাৰ অভিযোগ উঠিছে৷ এই সকলোবোৰ ধন ব্যয়ৰ বিবৰণ ৰাজহুৱা কৰিবলৈ উদ্যান কতৃৰ্পক্ষক আহ্বান জনাইছে ৰাইজৰ দলে৷ অন্যহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাত অত্যধিকভাৱে ব্যয় কৰা সকলো ধনৰ হিচাপ উচিত তদন্ত কৰি তৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক ৰাইজৰ দলে দাবী জনাইছে৷