Logo
image

কুৰিশ্বুৰ ধলত নামনিত প্ৰলয়

এটা এটাকৈ খুলি দিয়া হৈছে এনএইচপিচি, নীপ্‌কোৰ বান্ধ

আমাৰ অসম, ১৯ জুনঃ বৃহৎ নদীবান্ধে অসমত এতিয়া জলপ্ৰলয়ৰ সৃষ্টি কৰিছে৷ অৰুণাচল, ভূটান আৰু কাৰ্বি পাহাৰৰ শক্তি প্ৰকল্পই নামনি অসম, মধ্য অসম আৰু উত্তৰ অসমত বিভীষিকাৰ সৃষ্টি কৰিছে৷ নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত নামনি অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ভূটান চৰকাৰে শনিবাৰে পুৱা ভাগত কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৮০০ কিউমিক পানী এৰি দিয়া বুলি সতৰ্কীকৰণ জাৰি কৰাৰ পাছতেই নামনি অসমবাসী আতংকিত হৈ পৰিছে৷ কিয়নো ইতিমধ্যে ভূটানৰ পাহাৰৰ পৰা বৈ অহা পানীয়ে নামনি অসমত প্ৰলয়ৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত বৰপেটা, নলবাৰী, বাগ্‌সা, কোকৰাঝাৰ আৰু চিৰাং জিলাত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে৷ প্ৰশাসনৰ সতৰ্কতাৰ পাছতেই নৈ পৰীয়া লোকসকল উদ্বিগ্ন হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা শুকুৰবাৰেই এৰি দিয়া হৈছিল এক বৃহৎ পৰিমাণৰ পানী৷ সেই পানী খৰস্ৰোতা মানস আৰু বেকী নদীৰে আহি শুকুৰবাৰৰ সন্ধিয়াৰে পৰা নিশাটোৰ ভিতৰতে নামনি অসমৰ বঙাইগাঁও, নলবাৰী, বৰপেটা, বজালী, বাগ্‌সা চিৰাং তথা কামৰূপ জিলাৰ এক বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়৷ প্ৰতিটো বাৰিষাতে যিকোনো মুহূৰ্ততে পানী এৰি দি লক্ষ লক্ষ নাগৰিকৰ জীৱন বিপন্ন কৰা কুৰিশ্ব জলবিদু্যৎ প্ৰকল্পৰ কতৃৰ্পক্ষই শনিবাৰে পুৱা বৰপেটা জিলাৰ উপায়ুক্তলৈ বান্ধৰ পানী এৰি দিয়া হ’ব বুলি এক বাৰ্তা প্ৰেৰণ কৰে৷ কিন্তু অভিযোগ অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰখনৰ জলবিদ্যুৎ প্ৰকল্পটোৰ কতৃৰ্পক্ষই কালিয়েই কোনো এটা সময়ত প্ৰকল্পটোৰ পানী এৰি দিয়ে৷ শনিবাৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুষালে সংবাদ মাধ্যমক জনোৱা মতে আজি পুৱাহে তেওঁ কুৰিশ্বু প্ৰকল্প কতৃৰ্পক্ষৰ পৰা বাৰ্তা লাভ কৰে আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণক অৱগত কৰে৷ কিন্তু এই খবৰ পোৱাৰ আগতেই যোৱা ৰাতিটোৰ ভিতৰতে নলবাৰী, বৰপেটা, বজালী আৰু বাগ্‌সা জিলাৰ আশী শতাংশ অঞ্চল পানীয়ে বুৰাই পেলায়৷ ইফালে নীপ্‌কোৱে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী খুলি দিয়াত উত্তৰ অসমত বানৰ তাণ্ডৱৰ সূচনা হৈছে৷ ৰঙানদী বান্ধৰ পানীয়ে লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া ৰাজহচক্ৰৰ বহু গাঁও প্লাবিত কৰিছে৷ একেদৰে ডিক্ৰং বান্ধৰ পানীয়েও বিহপুৰীয়া আৰু বান্দৰদোৱাৰ বিভিন্ন অঞ্চল জলমগ্ন কৰি তুলিছে৷ ইফালে এন এইচ পি চিৰ নিৰ্মীয়মান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূলবান্ধৰ ওপৰেদি পানী বাগৰাত আতংকিত হৈ পৰিছে উত্তৰপৰীয়া ৰাইজ৷ নিৰ্মীয়মান বান্ধটোৰ সামান্য ক্ষতি হ’লেই নামনি অঞ্চলত যে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিব সেয়া নকলেও অনুমেয়৷ ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কীকৰণ অনুসৰি ২৩ জুন পৰ্যন্ত ৰাজ্যত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব৷ বৰষুণৰ পৰিপ্ৰেক্ষিততে কেইবাখনো জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তথ্য মতে শনিবাৰে ৰাজ্যৰ ৩২ খন জিলা বানৰ কবলত পৰিছে৷ বানত ক্ষতিগ্ৰস্ত হৈছে পাঁচ সহস্ৰাধিক গাঁৱৰ ২০ লক্ষাধিক লোক৷ শনিবাৰৰ দিনটোত নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ৷ তদুপৰি কামপুৰত কপিলী, শোণিতপুৰত জীয়া ভৰলী, নলবাৰীত পাগলাদিয়া, বৰপেটাত মানাহ আৰু বেকী নৈৰ লগতে কৰিমগঞ্জত বৰাক আৰু কুশিয়াৰা নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে৷ বিগত ২৪ ঘণ্টাতো ৰাজ্যত বান ভূমিস্খলনত মৃত্যু হৈছে ৮ জন লোকৰ৷ ৰাজ্যত বানত সন্ধানহীন হৈ আছে আন ৮ জন লোক৷ সম্প্ৰতি ৰঙিয়াতো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ বাঢ়নী পানীৰ ফলত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত একঁকাল পানী হোৱা দেখা গৈছে ৷ ফলত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ব্যাহত হোৱাত উপায়ন্তৰ হৈ পৰিছে স্থানীয় ৰাইজ ৷ শুকুৰবাৰে ৰঙিয়াত বান পৰিস্থিতিৰ বুজ ল’বলৈ বালাগাঁৱত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক উপস্থিত হৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু থকাৰ বাবে বানাক্ৰান্ত লোকসকলক আহ্বান জনায়৷ ইফালে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোত কেৱল জৰুৰী সেৱাৰ বাহনসমূহক পথটোৰে যাতায়তৰ অনুমতি প্ৰদান কৰা হৈছে ৷ ইফালে অধিক জটিল হৈ পৰিছে কামপুৰৰ বান পৰিস্থিতি ৷ কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ-বৈঠালাংছ’ পথৰ বৃহৎ অংশ ৷ চিঙি নিলে কামপুৰ-কঠিয়াতলী সংযোগী ৰাজপথ ৷ বৰ্তমানলৈকে ৫০ খন ৰাজহ গাঁও বানৰ কবলত পৰাত ওখ ঠাই বিচাৰি হাহাকাৰ বন্যাৰ্তৰ৷ কামপুৰ-কঠিয়াতলী সংযোগী পথ, ৰহা-কামপুৰ সংযোগী পথ ইতিমধ্যে বন্ধ কৰিছে প্ৰশাসনে ৷ কামপুৰৰ মূল টাউনক বাদ দি সকলো অঞ্চল কপিলীৰ বানৰ কবলত৷ খানদঙ জলবিদ্যুত প্ৰকল্প আৰু কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পই ধাৰাবাহিক ভাবে প্ৰকল্পত জমা হোৱা পানী এৰি আছে ৷ খানদাঙৰ পৰা চতুৰ্থ দিনাও ধাৰাবাহিক ভাবে পানী এৰি থকা হৈছে ৷ একেদৰে কাৰ্বি লাংপিৰ পৰা তৃতীয় দিনাও পানী এৰা থকা হৈছে ৷ নগাঁও জিলাৰ মাজেৰে বৈ যোৱা সকলো নদীৰ জলপৃষ্ঠ ভয়াবহ ভাবে বৃদ্ধি পাইছে ৷ নগাঁও চহৰত কলঙৰ পানীয়ে বিপদসীমা স্পৰ্শ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বুঢ়াচাপৰি অভয়াৰন্য প্লাবিত হৈছে ৷ নিশাৰ পৰা কোবাল গতিত অভয়াৰন্য খনিত পানী সোমাইছে ৷ অভয়াৰণ্য বানৰ কবলত পৰাত জীৱকুলৰ তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইফালে বৰপেটাত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি ৷ শুকুৰবাৰে নিশাৰ ভাগতে বৰপেটা চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহ জলমগ্ন হৈ পৰে ৷ বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়া , বাৰাদি , কেওঁটকুছি আদিকে ধৰি কেবাখনো গাঁও নিশাৰ ভিতৰতে প্লাবিত হৈ পৰে ৷ গাঁও সমূহৰ বহু মানুহৰ ঘৰত পানী প্ৰবেশ কৰাত বানাক্ৰান্ত লোকসকলে আজি পুৱাৰে পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধান বিচাৰি ফুৰা দেখা গৈছে৷ বহুলোকে স্থানীয় এলেকাত থকা স্কুলঘৰ আদিত আশ্ৰয় গ্ৰহণ কৰে ৷ ইপিনে বৰপেটা চহৰৰ মাজেৰে বৈ যোৱা হাৰিজান সুঁতিৰ বাঢ়নী পানী প্ৰবেশ কৰি চহৰৰ বিভিন্ন এলেকা বুৰাই পেলায় ৷ চহৰখনৰ বিভিন্ন এলেকাৰ লগতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰও আজি পুৱাৰ ভাগত জলমগ্ন হৈ পৰে ৷ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ বৰপেটা সত্ৰৰ মঠৰ চোতালত একাঁঠু পৰ্যন্ত পানী হয় ৷হাৰিজানৰ পানীয়ে প্লাবিত কৰে সত্ৰখন৷ আনহাতে বন্ধ কৰি দিয়া হ’ল হাউলী-বৰপেটা সংযোগী মুখ্য পথেৰে গধুৰ যানবাহনৰ চলাচল ৷ উত্তৰ অসমৰ ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে ৷ বিগত তিনি চাৰিদিন ধৰি জলমগ্ন হৈ আছে জোনাইবাসী ৷ জোনাইৰ কবু চাপৰিৰ ৩ আৰু ৪ নং ৱাৰ্ডৰ লগতে ১ নং ৱাৰ্ডৰ শিৱগুৰীৰ প্ৰায় ১৬৪ টা পৰিয়ালে যোৱা প্ৰায় ৩/৪ দিন ধৰি জলবন্দী হৈ আছে ৷ ঘৰৰ ভিতৰত একাঠু পানী হোৱাৰ ফলত ঘৰৰ ভিতৰতে চাং সাজি কোনোমতে দিন কটাইছে বানাক্ৰান্তই৷ অঞ্চলটোৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত ৷  শোণিতপুৰতো দেখা গৈছে বানৰ ভয়ংকৰ ৰূপ ৷ জিলাখনৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কৱলত ৷ বানে উটুৱাই নিছে পকী দলং,পকী পথ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বৈঠাভঙাত শুক্ৰবাৰে সন্ধিয়াৰ ভাগত এখন পকী দলং আৰু এটা পথ বানে সম্পূৰ্ণৰূপে উটুৱাই নিয়ে ৷ প্ৰায় ৫০ মিটাৰ দলংখনৰ লগতে বৈঠাভঙাৰ মূল পথটো সম্পূৰ্ণৰূপে ধবংস হয় ৷ সম্প্ৰতি উক্ত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বালিপৰাত সম্পূৰ্ণ এটা দিন বন্ধ ৰখাৰ পিছত শনিবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ তত্ত্বাৱধানত শোণিতপুৰৰ আৰক্ষীয়ে পথটোৰে যান-বাহনৰ চলাচল মুকলি কৰি দিয়ে ৷ ইফালে, ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ  ঘিলামৰাত জীয়াঢলৰ  বানৰ তাণ্ডৱ অব্যাহত আছে৷ গাই আৰু জীয়াঢল নদীৰ বানৰ তাণ্ডৱে জুৰুলা কৰি তুলিছে ঘিলামৰাবাসীক৷  সোৱণশিৰি ৰাজহ চক্ৰৰ বৰদৈ পঞ্চায়ত আৰু  বিলমুখ পঞ্চায়তৰ নপাম, চকলাগুৰি, মহবল, ত্ৰিশূল , দক্ষিণ ঘিলামৰা, কেছেৰুগুৰি , বাংকেলেং আদি আৰু গোগামুখ লটাক পঞ্চায়তৰ চুতীয়াকাৰী, ৰতুৱা, বেতনীহোলা আদি গাঁও জলমগ্ন কৰি জল প্ৰলয়ৰ সূচনা কৰিছে৷শনিবাৰে পুৱাই বানৰ ধলত মধ্য চামপৰা উচ্ছ মাধ্যমিক আৰু জয়া মধ্য ইংৰাজী বিদ্যালয় দুখন ডুব গৈছে ৷ বিদ্যালয় দুখনৰ শ্ৰেণীকোঠা আৰু কাৰ্যযালয়ৰে ভিতৰত এফুট পৰ্যন্ত পানী হোৱাত শনিবাৰে বিদ্যালয় দুখনৰ পাঠদান বন্ধ ৰাখিবলগীয়া হয় কতৃৰ্পক্ষই৷

এন এইচ পি চিয়ে এৰিছে পানী

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মাজুলীৰ অন্তৰ ভাগত প্ৰৱেশ কৰিব পৰা নাই যদিও ধাৰাসাৰে হোৱা বৰষুণৰ ফলত কদৰ্যময় হৈ পৰিছে সমগ্ৰ মাজুলীৰ পৰিৱেশ৷ গাঁৱৰ লগতে ব্যৱসায়িক সকলোবোৰ স্থানতে লেতেৰা পৰিৱেশে জনজীৱন ব্যাহত কৰি তুলিছে৷ মাজুলীৰ প্ৰায়সমূহ মূল পথ পকী কৰা হ’ল যদিয়ো কেইটামান গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰা নহ’ল৷ যাৰ বাবে একাংশ ৰাইজ ৰাজ্য চৰকাৰৰ প্ৰতি ‘বিতুষ্ট হৈ পৰিছে৷  মাজুলী ৰোডৰ পৰা বেজগাঁওহৈ ভোগপুৰ মিছিং সংযোগী পথ, ৰাজগুৰুবাৰী বেজগাঁও উৰিয়ামপৰা পথ, উৰিয়ামপৰা গাঁও সংযোগী সথ, বুঢাকলিতা মোহনপুৰ সংযোগী পথ, ৰাওনাগাঁও সংযোগী পথ, টটয়াগাঁও ভিতৰ পথ, পহুমৰা ভিতৰ পথ, উজনিমাজুলী কুহিঁয়াৰবাৰী পথৰ আধা আংশ, দুই নং কুহিঁয়াৰবাৰীৰ পৰা টেঙাপনীয় মাথাউৰি সংযোগী পথ, পানীখাইটিৰ পৰা মোৱামাৰি সংযোগী পথ টেঙাপনীয়াৰআৰা কটিয়া চাপৰি পথ, ফুটচাং কান্ধূলিমাৰি পথ পকী পথলৈ উন্নীত নকৰাৰ ফলত উক্ত অঞ্চলসমূহত বৰ্তমানৰ যাতায়াত ব্যৱস্থা বাৰিষাৰ বানতকৈও ভয়াৱহ হৈ পৰিছে৷ ট্ৰেক্টৰ আৰু অন্যান্য যান-বাহনৰ সংখ্যা বৃদ্ধি অনুপাতে মাজুলীৰ অন্তঃসংযোগী বহু পথেই উন্নয়নৰ মুখ দেখা নাই৷  সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত মাজুলীৰ যাতায়াত যোগাযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তন সাধিত হৈছিল যদিও বৰ্তমান মাজুলীৰ উন্নয়নৰ গতি একেবাৰেই স্থবিৰ হৈ পৰিছে৷ এইসমূহ পথ উন্নীতকৰণৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও ৰাইজৰ আবেদনক গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে৷ বৰ্তমান ধাৰাসাৰ বৰষুণৰ প্ৰভাৱত মাজুলীৰ ব্যৱসায়িক স্থানসমূহ কদৰ্যময় হৈ পৰাত গ্ৰাহক, ব্যৱসায়ী সকলোৱে দুৰ্ভোগত ভুগিব লগাত পৰিছে৷ ব্যৱসায়িক স্থানসমূহত লেতেৰা পৰিৱেশ সৃৃষ্টিকাৰী পানী আৱৰ্জনা নিষ্কাশন কৰাৰ বাবে নলা-নৰ্দমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে মাজুলীবাসীয়ে আহ্বান জনাইছে৷ এইক্ষেত্ৰত মাজুলীৰ বৰ্তমানৰ জনপ্ৰতিনিধিজনেও গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই৷ আনহাতে, সমগ্ৰ অসমতে বানৰ বিভিষিকাময় পৰিৱেশ প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে৷ সমান্তৰালভাৱে কালি পুৱাৰ পৰা গেৰুকামুখ জলবিদু্যৎ প্ৰকল্পৰ ওপৰে তীব্ৰগতিত পানী এৰি দিয়াকলৈ সংবাদ মাধ্যমত ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ভয়াৱহ বানৰ আশংকা কৰিছে মাজুলীবাসীয়ে৷ যিকোনো মুহূৰ্তত লখিমপুৰ, ধেমাজিৰ লগতে মাজুলীত বানৰ সংহাৰ ৰূপ ধাৰণ কৰাৰ ৰাইজে শংকা প্ৰকাশ কৰিছে৷ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ, সোৱণশিৰী আদি উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈ যোৱাৰ বাবে আজিৰ পৰা মাজুলী যোৰহাট সংযোগী পাৰঘাটত সকলো ফেৰী যাতায়াত অৰ্নিদিষ্ট কাললৈ প্ৰশাসনে বন্ধ কৰিছে৷ সম্ভাব্য বান পৰিস্থিতিৰ মোকামিলা কৰিবলৈ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে৷ উপায়ুক্ত পুলক মহন্তই জিলাৰ সকলো বিষয়াৰ লগত যোৱা কালি এক আলোচনা অনুষ্ঠিত কৰি বিভাগসমূহক সষ্টম হৈ থকাৰ উপৰিও মাজুলীত নিশ্চিত উপস্থিত থকাৰ বাবে নিৰ্দেশ দিয়ে৷

ভূটানে এৰিলে পানী

শনিবাৰে পুৱা ৭ বজাত ভূটানে পানী এৰি দিয়া বাতৰি প্ৰকাশ পোৱাৰ পিছতেই আতংকিত হৈ পৰিছে বৰপেটা-বাগ্‌সাৰ সীমামূৰীয়া ৰাইজ৷ তথ্যত প্ৰকাশ কৰা অনুসৰি, ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুৱা ৭ বজাত পানী এৰি দিয়া বুলি তথ্য প্ৰকাশ পাইছে৷ বৰপেটা জিলাৰ পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ আবেলিলৈকে বেকী নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে বেকীৰ বুকুৰ গছ-গছনি, শুকান কাঠ উটি অহা পৰিলক্ষিত হৈছে৷ উত্তৰ চাফাকামাৰত মানাহ সংযোগী পথৰ সমান হোৱা দেখা গৈছে বেকী পানী৷ ভূটানে পানী এৰি দিয়াৰ ফলত বেকী নদীৰ পানী আৰু বৃদ্ধি পালে বৰপেটাৰোডৰ উত্তৰ অঞ্চল তথা মানাহৰ কাষৰীয়া গোবৰ্ধনা, খাগ্ৰবাৰী, এলেংমাৰী, বিচপানী, নাৰায়ণ গুৰি, কুঠৰীজাৰ, কালপানী, বাঁহবাৰী চাফাকামাৰ, কাটাজাৰ, খৰিজা বিজনী আদি নদী কাষৰীয়া অঞ্চললৈ বেকী নদীৰ অতিৰিক্ত পানীয়ে আতংকৰ সৃষ্টি কৰিব পাৰে৷

কুৰিশ্বু বান্ধৰ পানীয়ে সৃষ্টি কৰিছে হাহাকাৰ

বিগত কিছুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বানৰ সৃষ্টি হয়৷ উজনিৰ পৰা নামনিলৈ বানপানীত ৰাইজে ককবকাই থকা সময়ত আজি পুৱা ফেনে ফেটকাৰে বাঢ়িছে নৈ আৰু উপ-নৈ সমূহ৷ ন ন অঞ্চলত সোমাই পৰিছে নদীৰ পানী৷ বুৰ গৈছে বজাৰ - ঘৰ - দুৱাৰ, বাট - পথ৷  পকী পথৰ ওপৰেৰে বাগৰিছে ভুটানৰ পৰা নামি অহা পানী৷ বিগত কিছুদিন ধৰি হোৱা বৰষুণৰ ফলত ভূটানত পানী বৃদ্ধি পোৱাত নিশা কুৰীশ্ব বান্ধ খুলি দিয়ে৷ ইয়াৰ পিছতে নামনি অসমৰ নৈ পৰিয়া অঞ্চলত সৃষ্টি হয় হাহাকাৰ৷ ভুটানৰ পানী নামি অহাত গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি হয়৷ মহকুমাখনৰ সীমান্ত অঞ্চলে দি বৈ যোৱা গংগাধৰ, গদাধৰ, সংকোষ নদীৰ লগতে  উপ নৈৰ জলস্তৰ বৃদ্ধি হয়৷ ইপিনে অসম - পশ্চিম বংগৰ যোগাযোগৰ একমাত্ৰ ঘৃতিঙাকুটি আৰু লাওকুটি সংযোগী পথৰ মথাউৰী খহাই নিয়ে পানীয়ে৷ ফলত অসম- বংগৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ফেনে ফেটকাৰে নদীৰ পানী বৃদ্ধিৰ খবৰ পাই গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ হৈ ৰাজহ বিষয়াৰ সৈতে এটা বিষয়াৰ দল গোসাঁইগাঁও ৰাজহ চক্ৰৰ তথা অসম পশ্চিম বংগৰ সংকোষ নদীৰ মাজত থকা গৰু মৰাৰ চৰ এক, গৰু মৰাৰ চৰ দুই, শিমূলটাপু ব্লক গাঁও আদি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ আনহাতে গংগাধৰ নদীৰ পানী হুৰহুৰাই বাঢ়ি থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ লগতে আগমনি ৰাজহ চক্ৰৰ বেল পাৰা চৰ, কাইমমাটি, কালাচন পাৰা, তামা চা - বাগান আদি জনবসতি অঞ্চলত ভূটানে এৰি দিয়া পানীত বুৰ যায়৷

ৰঙানদীত নীপকোৱে এৰিছে পানী

ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে৷ নীপকোৱে ৰঙা নদীত পানী এৰি দিয়াত বগলী জানত ৰঙা নদীৰ মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি উত্তৰ লখিমপুৰ নগৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, উত্তৰ লখিমপুৰ, কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬খন গাঁও জলমগ্ন অৱস্থাতে আছে৷  বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মপুৰ, তৰাজুলি, খেৰবাৰী, দৌলতপুৰ, বিহপুৰীয়া গাঁও, চিচাপথাৰ, গড়মূৰকে ধৰি ১৪খন গাঁও, নাওবৈচা ৰাজহ চক্ৰৰ আহোমনি, গেলাহাটী, বৰগঞা, ভৰলুৱা, বামুণগঞা, বিষ্ণুপুৰ, বোকানৈ, চেঙেলীজান, ম’হঘুলি, পানধোৱা, ৰাণাবাৰী আৰু পাঁচনৈকে ধৰি ৩৮খন গাঁও, উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আজাৰগুৰি, আমতলা, শান্তিপুৰ, দেওবিল, ১ নং আদৰ্শ হিন্দু গাঁও, কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদম বাগান গাঁও, কদমিয়াল বঙালি, ন-ভঙনীয়া, নাহৰবাৰী, ৪ নং কাতৰিচাপৰিকে ধৰি ৭খন গাঁও আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় তথা এন চি লেজুৱা গাঁৱৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাতে আছে৷ ইতিমধ্যে, জিলাখনত ৪০, ৯৬৫ জন লোক বানাক্ৰান্ত হোৱাৰ লগতে ৫৪৯.৩০ হেক্টৰ কৃষিভূমি বানত বিধবস্ত হৈছে৷ বানবিধবস্ত এলেকাসমূহৰ বিপৰীতে জিলা প্ৰশাসনে পৰ্যাপ্ত হাৰত সাহায্য সামগ্ৰী আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে যদিও দিন হাজিৰা কৰি তথা ঠেলা-ৰিক্সা চলাই পেটে-ভাতে জীৱন নিৰ্বাহ কৰি থকা লোকসকলৰ নেৰানেপেৰা বৰষুণৰ ফলত উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ইফালে অৰুণাচল প্ৰদেশৰ দুইমুখস্থিত ডিক্ৰং নদীৰ পাৰে প্ৰকল্পৰ পৰা নিপকো কতৃৰ্পক্ষই  ১৬ জুনৰ নিশাৰপৰা আজিপৰ্যন্ত  ধাৰাবাহিকভাৱেই ১ নং আৰু ২ নং গেটেৰে দিনে-নিশাই ২০০০ মিঃমিঃ ৰ পৰা ৪৩০০ মিঃমিঃপৰ্যন্ত পানী এৰি অহাত তথা ৰঙানদী প্ৰকল্পৰ পৰাও ১০০০ মিঃমিঃৰ পৰা ১৫০০ মিঃমিঃ কৈ পানী মাজে-সময়ে এৰি থকাত নদী দুখনৰ নামনি অংশত বাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে৷ শেহতীয়াকৈ লখিমপুৰৰ বগলীজানত ৰঙানদীৰ মথাউৰিৰ খহনীয়াই লখিমপুৰ নগৰৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷