Logo
image

পুনৰ মাস্ক, সামাজিক দূৰত্ব বাধ্যতামূলক

ক’ভিড-উদ্বেগ উচ্ছ ন্যায়ালয়ৰ

অম্বুবাচী মেলাক লৈ অনিশ্চয়তা

আমাৰ অসম, ১৯ জুনঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে মহামাৰী ক’ভিডৰ সংক্ৰমণ৷ ক’ভিডৰ চতুৰ্থ ঢৌৰ আশংকাত গুৱাহাটী উচ্ছ ন্যায়ালয়ে সতৰ্কতা জাৰি কৰিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ চৌহদৰ লগতে ৰাজ্যৰ সকলো আদালততে মাস্ক বাধ্যতামূলক কৰাৰ লগতে ৬ ফুট গজৰ সামাজিক দূৰত্ব মানি চলাৰ বাধ্যবাধকতা জাৰি কৰিছে৷ উচ্ছ ন্যায়ালয়ে ক’ভিডক লৈ উদ্বিগ্নতা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰাত স্বাভাৱিকতেই ২২ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ আয়োজনক লৈ অনিশ্চয়তাই দেখা দিছে৷ শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডে ভয়ংকৰ ৰূপ লৈছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৩,২১৬জন লোক৷ মহাৰাষ্ট্ৰত এদিনতে আক্ৰান্ত হৈছে সৰ্বাধিক ৪ হাজাৰ লোক৷ মহাৰাষ্ট˜ৰ উপৰি দিল্লী, হাৰিয়ানা, কেৰালা, কৰ্ণাটক আৰু পশ্চিম বংগত ব্যাপক হাৰত ক’ভিডৰ সংক্ৰমণ হৈছে৷ অসমতো শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি পাইছে৷ দৈনিক ১৫-২০জনকৈ লোক অসমতো ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে৷ শনিবাৰে ৰাজ্যত ২৫জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইয়াৰে ১৮জনেই হৈছে গুৱাহাটী মহানগৰীৰ৷ ক’ভিডৰ এনে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে শনিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানে উচ্ছ ন্যায়ালয়কে ধৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালত আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদতো ৬ ফুটৰ সামাজিক ব্যৱধানৰ লগতে মাস্ক পৰিধান বাধ্যতামূলক কৰিছে৷ তদুপৰি একেটা নিৰ্দেশনাতে আদালত চৌহদত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰত গুৰুত্ব দিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ খোদ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ক’ভিডক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে ৰাজ্যৰ পৰ্যটন বিভাগে অনুষ্টুপীয়াকৈ আয়োজনৰ নামত অম্বুবাচী মেলাৰ বিশাল আয়োজন কৰা বুলিহে চৰ্চা চলিছে৷ মুখ্যমন্ত্ৰীয়ে কেৱল ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব বুলি সদৰি কৰি ভক্ত-দৰ্শনাৰ্থীক অম্বুবাচী মেলাত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈও মুকলি আহ্বান জনাইছে৷ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বাধীন পৰ্যটন বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকান কৰি ৩০ হাজাৰ ভক্ত-দৰ্শনাৰ্থীয়ে থকা-খোৱাৰ সুবিধাৰ্থে কেইবাটাও বিশাল পেণ্ডেলৰ আশ্ৰয় শিবিৰ সাজু কৰি তুলিছে৷ পৰ্যটন বিভাগে লাখ লাখ টকা ব্যয় দেখুৱাই এনে বিশাল আশ্ৰয় শিবিৰ সাজু কৰিলেও ক’ভিড সংক্ৰমণ বৃদ্ধিয়ে অম্বুবাচী মেলাক লৈ চিকিৎসক-বিশেষজ্ঞসকলকো চিন্তিত হৈ পৰা দেখা গৈছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ক’ভিড সতৰ্কতাৰ পাছত লাখ লাখ ভক্তৰ সমাগম হ’বলগীয়া অম্বুবাচী মেলাত সামাজিক ব্যৱধান চৰকাৰে কেনেদৰে নিশ্চিত কৰিব পাৰিব সেয়া হ’ব লক্ষণীয়৷

কামাখ্যাত অনুষ্টুপীয়াকৈ হ’ব অম্বুবাচী

শক্তিপীঠ দেৱালয়ত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ অনুষ্ঠিত হ’ব৷ কিন্তু ক’ভিডৰ দুবছৰৰ দৰে এইবাৰো অম্বুবাচী মহোৎসৱ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ব বুলি শনিবাৰে কামাখ্যা দেৱালয় পৰিচালনা কমিটীৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজে এক সংবাদ মেল যোগে ঘোষণা কৰিছে৷ সংবাদ মেলত বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় দেশত এতিয়াও ক’ভিডৰ ভয়াৱহতা মাৰ যোৱা নাই৷ যাৰবাবে এইবেলি অম্বুবাচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ব৷ ২২ জুনৰ দিনা নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব৷ অৱশ্যে সিদিনা বিয়লি ৪ বজালৈ ভক্তই মন্দিৰ দৰ্শন কৰিব৷ ২৩ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ দৰ্শনৰ বাবে বন্ধ থাকিব৷ ২৬ জুনৰ পুৱা যাবতীয়া দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুবাৰ ভক্তৰ বাবে খোলা হ’ব৷ ২৬ আৰু ২৭ জুনত মন্দিৰৰ বিশেষ দৰ্শনৰ [৫০১ টকা] ব্যৱস্থা বন্ধ থাকিব৷ এইবেলি নীলাচল পাহাৰ বা আশে পাশে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে ভক্তৰ বাবে শিবিৰ কিম্বা থকা খোৱাৰ ব্যৱস্থা ৰখা হোৱা নাই৷ কেবল মন্দিৰ সংযোগী পথচোৱাত মাজে মাজে ভক্তৰ বাবে খোৱাপানী, জিৰণি চৰা আৰু জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে দেৱালয়ৰ নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ জন স্কাউট গাইড, এন চি চি কেডেট, ৪০০ জন স্বেচ্ছাসেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ উপৰিও দেৱালয়ৰ চৌপাশে প্ৰায় ৩০০টা চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব৷ সমান্তৰালভাৱে ৩০০ জন চাফাই কৰ্মী নিয়োজিত কৰা হ’ব৷ অম্বুবাচীৰ সময়ত নিশাৰ ভাগত দেৱালয় চৌহদত কোনোৱে থাকিব নোৱাৰিব৷ ২৬ জুনৰ দিনা দেবীৰ দৰ্শনৰ বাবে সমবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বংশীবাগানত অস্থায়ী জিৰণি চৰা, চিকিৎসা সেৱা, প্ৰস্ৰাবগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে অম্বুবাচীৰ সময়ত ক’ভিড বিধি মানি চলাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই সদৰি কৰে৷ সংবাদ মেলত বৰদেউৰী সমাজৰ সৰুদলৈ হিমাদ্ৰী শৰ্মা, অম্বুবাচী মেলা পৰিচালনা কমিটীৰ সম্পাদক কাজল শৰ্মা, জনসম্পৰ্কৰক্ষী বিষয়া নাৰায়ণ শৰ্মা, সদস্য নীলাম্বৰ শৰ্মাই ভাগ লৈ অম্বুবাচী মেলা অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাক আদৰণি জনোৱা হৈছে বুলি সদৰি কৰে৷