Logo
image

২৪ ঘণ্টাত বানে প্ৰাণ ল’লে ১০জনৰ

বান-ভূমিস্খলনত বিধবস্ত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল

শিশু-মহিলাসহ সন্ধানহীন ৮

আমাৰ অসম, ২০ জুনঃ ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে৷  উজনি-নামনি সৰ্বত্ৰ বলীয়া বানে একপ্ৰকাৰ তাণ্ডৱ চলাইছে৷ বিশেষকৈ নামনি অসমৰ বান পৰিস্থিতি বিপজ্জনক হোৱাৰ দিশে আগবাঢ়িছে৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে নামনি অসমৰ বৰপেটা, নলবাৰী, কোকৰাঝাৰ, চিৰাং, বজালী, বাগ্‌সা জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে৷ চাৰিওফালে কেৱল পানী আৰু পানী৷ লাখ লাখ লোকৰ ঘৰ-দুৱাৰ বাঢ়নী পানীত বুৰ যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰ বানত  কৰুণ মৃত্যু ঘটিছে৷ চৰকাৰী তথ্য মতে ৰাজ্যৰ ৩৩খন জিলা বনৰ কবলত পৰিছে৷ সংশ্লিষ্ট জিলাসমূহৰ ৫৩১৭ খন গাঁৱৰ প্ৰায় ৪৩লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপনীতে ৰলাখ ৮৭হাজাৰ বানাক্ৰান্তই প্ৰশাসনে স্থাপন কৰা ১১৪৭টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে৷ চৰকাৰী তথ্য মতে বিগত ২৪ ঘণ্টাত বান আৰু ভূমিস্খলনত মৃত্যু হৈছে ১০ জন লোকৰ৷ তদুপৰি বাঢ়নী পানীয়ে উঠুৱাই নিয়া আন ৮জন লোকৰ বৰ্তমানেও সন্ধান পোৱা নাই৷ বজালীত এজন, বৰপেটাৰ চেঙা আৰু সৰ্থেবাৰীতো এজনকৈ লোকৰ বানত মৃত্যু হয়৷ কামৰূপৰ হাজোৰ এজন, কৰিমগঞ্জৰ নিজামবজাৰত এজন আৰু ওদালগুৰিৰ হৰিশিঙাত এজন লোকৰ বানত মৃত্যু হোৱা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰিছে৷ তদুপৰি কাছাৰৰ শিলচৰত ভূমিস্খলনত মৃত্যু হয় শিশুসহ তিনিজন লোকৰ৷ আনহাতে বানত উটি যোৱা ডিব্ৰুগড়ত চাৰিজন আৰু কাছাৰ, হোজাই, তামুলপুৰ আৰু ওদালগুৰিত এজনকৈ লোক বৰ্তমানো সন্ধানহীন হৈ আছে৷ নিশাটোৰ ভিতৰতে ঘৰৰ ভিতৰত পানী সোমোৱাত সৰ্বস্বান্ত হোৱা লাখ লাখ লোকে মথাউৰি, ৰে’ল লাইন  তথা ওখ স্থানত প্ৰৱল বৰষুণত তিতি তিতি উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে৷ দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰীয়ে বান পৰিদৰ্শনৰ প্ৰচাৰ চলালেও বাস্তৱত মথাউৰিত আশ্ৰয় লোৱা বহু পৰিয়ালক সামান্য ত্ৰিপাল এখন যোগান ধৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে৷ স্বাভাৱিকতেই এতিয়া  প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহতো অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ প্ৰশাসনে কিছু খাদ্য যোগান ধৰিলেও আশ্ৰয় শিবিৰত থকা আৰু শৌচ-প্ৰশাৱত ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে দুৰ্ভগীয়া লোকসকলে৷ নিৰ্বাচন সময়ত পুখুৰী খান্দি অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বই ৰাজ্যবাসীক বানত ককবকাই থকাৰ পাছতো কেৱল মুখ্যমন্ত্ৰীলৈ এটা ফোন কল কৰিয়েই কেন্দ্ৰীয় চৰকাৰে এতিয়া যেন দায়িত্ব সামৰিলে৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমলৈ উজান উঠা বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত এষাৰ মাত দিবলৈ আহৰি নোপোৱা বুলিও চৰ্চা লাভ কৰিছে৷ কেৱল নামনি অসমেই নহয়, কাৰ্বি লাংপি আৰু খানডং বানৰ পানীয়ে মধ্য অসমকো বুৰাই পেলাইছে৷ কামপুৰত কপিলী নৈৰ পানীৰ লগতে নিখাৰী নৈৰ পানীয়েই ভয়ংকৰ ৰূপ লৈছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতো ৰঙানদী আৰু ডিক্ৰং নৈৰ পানীয়ে শ শ গাঁও বুৰাই পেলাইছে৷ বিশেষকৈ এইবাৰৰ বানত বিভিন্ন  স্থানত মথাউৰি ছিঙি নিয়াত অঞ্চল বিশেষে পৰিস্থিতি ভয়াবহ হৈ পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ ৰাষ্ট্ৰীয়  ঘাইপথেদিও পানী বাগৰাত নামনি অসমৰ জিলা কেইখনৰ মাজত যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানৰ কৱলত পৰিছে৷ উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ৩টা, কঁহৰা বনাঞ্চলৰ ২টা, বাগৰী বনাঞ্চলৰ ২টা, বুঢ়াপাহাৰ বনাঞ্চলৰ এটা, বোকাখাত বনাঞ্চলৰ ২টা আৰু বিশ্বনাথ বনসংমণ্ডলৰ ৩টা বন শিবিৰ সম্প্ৰতি বানৰ কবলত৷ স্বাভাৱিকতেই এতিয়া কাজিৰঙাৰ বন্য জীৱ জন্তু সমূহে ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে৷ আশ্ৰয়ৰ সংকটত ভোগা কাজিৰঙাৰ ৪টাকৈ জন্তু ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যুত আঁকোৱালি লৈছে৷ লক্ষণীয়ভাৱে বৰাকৰ তিনিওখন জিলাতে বান ভয়ংকৰ ৰূপ লৈছে৷ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত ধাৰাষাৰ বৰষুণৰ ফলত বানৰ সমান্তৰাল ভাৱে ভূমিস্খলনো আৰম্ভ হৈছে৷ শনিবাৰে হাইলাকান্দিত এজন লোকৰ লগতে কৰিমগঞ্জত দুটি শিশুৰ ভূমিস্খলনত মৃত্যু হয়৷ ইপিনে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ যোৱাত ৰাজ্যজুৰি ব্ৰহ্মপুত্ৰত ফেৰী চলাচলত নিষেধাজ্ঞা আৰূপ কৰিছে৷ ইপিনে শোণিতপুৰত গাভৰু নৈৰ বাঢ়নী পানীয়ে ৰঙাপাৰাত মথাউৰি ছিঙি নিয়াত হাহাকাৰ লাগিছে স্থানীয় ৰাইজৰ৷ ৰাজ্যত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত দৰং জিলা প্ৰশাসনে ২২জুনলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ নেৰানেপেৰা বৰষুণৰ বাবে দেওবাৰেও শিলচৰৰ কুম্ভিৰগ্ৰাম বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান অৱতৰণ কৰিব নোৱাৰিলে৷ শনিবাৰেও স্পাইচ জেটৰ এখন বিমানে ১১বাৰ চেষ্টা কৰিও অৱতৰণ কৰিব নোৱাৰি কলকাতালৈ উভতি গৈছিল৷

ৰৌতাৰ ধনশিৰি নৈত মাছ মাৰিবলৈ গৈ এজন সন্ধানহীন

ওদালগুৰি জিলাৰ ৰৌতা বাগানৰ ধনশ্ৰীখুটি গাঁৱৰ নিবাসী ফকীৰ আলিৰ ২২ বছৰীয়া পুত্ৰ আজিজুৰ ৰহমানে আজি ধনশিৰি নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ পৰে৷ স্থানীয় ৰাইজে লগে লগেই এছডিআৰএফ আৰু এনডিআৰ এফৰ বাহিনী আৰু ৰৌতা আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়ে৷ কেইবাঘণ্টা ধৰি তেওঁলোকে অভিযান চলাই যদিও নৈখনত যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ 

কৃত্ৰিম বানত মৰাণত এজনৰ মৃত্যু

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত মৰাণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে৷ মৰাণ পৌৰসভাৰ ৯নং ৱাৰ্ডৰ বাসিন্দা প্ৰেমধৰ নেওগৰ পুত্ৰ ধ্ৰুৱ নেওগ [৫৩] কালি বিয়লি ঘৰৰ পৰা মৰাণ চহৰলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল৷ আনহাতে আজি পুৱা মৰাণ মহাবিদ্যালয়ৰ সন্মুখত ৰে’ল লাইনৰ কাষৰ দ-খাৱৈত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷ মৰাণহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ উল্লেখ্য, এজাক বৰষুণতে জলমগ্ন হৈ মৰাণ নগৰত কৃত্ৰিম বানৰ সৃষ্টি হয়৷ আনহাতে কালি বিয়লি মুষলধাৰে বৰষুণ হোৱাৰ ফলত নগৰখনৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু  ৰে’ল লাইনৰ সমীপৰ দ-খাৱৈত পৰি লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷