Logo
image

গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ চায়া

আমাৰ অসম, ২০ জুনঃ ন্যায়াধীশ ৰশ্মিন মনোহৰভাই চায়াক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ চায়াক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰাৰ পাছতে দেওবাৰে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে৷ উল্লেখ্য, ন্যায়াধীশ আৰ এম চায়া গুজৰাট উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল৷ ২০১১ চনত গুজৰাট হাইক’ৰ্টত অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰা ন্যায়াধীশ চায়াই ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বও পালন কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক শেহতীয়াকৈ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াত অৱশেষত স্থায়ী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আৰ এম চায়াক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ লক্ষণীয়ভাৱে অসমৰ সু-সন্তান ন্যায়াধীশ উজ্বল ভূঞাকো তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দেওবাৰে নিযুক্তি দিয়া হৈছে৷ ইয়াৰ পূৰ্বে ন্যায়াধীশ উজ্বল ভূঞাই বোম্বাই উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল৷