Logo
image

কুৰিশ্বুতকৈ বহু গুণে ডাঙৰ নদীবান্ধৰ নিৰ্মাণ চলি আছে

ভূটানক সহায় কৰিছে দিল্লীয়ে

আমাৰ অসম, ২০ জুনঃ চুবুৰীয়া ভূটানৰ মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু বান্ধৰ পানীয়ে নামনি অসমত এতিয়া প্ৰলয়ৰ সৃষ্টি কৰিছে৷ নামনি অসমৰ বাগ্‌সা, বৰপেটা, কোকৰাঝাৰ, নলবাৰী, বজালী আদি জিলাত ভূটানৰ পৰা বৈ অহা পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ভাৰত চৰকাৰৰ অৰ্থনৈতিক সাহাৰ্যৰে ভূটানত ইটোৰ পাছত সিটো জলবোমা নিৰ্মাণ অব্যাহত থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ এৰাতিৰ ভিতৰতে নামনি অসমক নিঃশেষ কৰিব পৰাকৈ প্ৰায় ৩০ হাজাৰ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে ভূটানত যু্‌দ্ধকালীন ক্ষীপ্ৰতাৰে নিৰ্মাণ অব্যাহত আছে কেইবাটাও বৃহৎ নদীবান্ধৰ৷ অসম সীমান্ততে থম্ফুৱে ৬০০ মেগাৱাট ক্ষমতা সম্পন্ন এটা বান্ধ ২০২৩ চনৰ ভিতৰত কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে নিৰ্মাণ  কৰাৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতেই অধিক আতংকিত হৈ পৰিছে নামনি অসমবাসী৷ কিয়নো মাত্ৰ ৬০ মেগাৱাট ক্ষমতা সম্পন্ন কুৰিশ্বু বান্ধৰ সৃষ্ট প্ৰলয় তথা সন্ত্ৰাসৰ অভিজ্ঞতাই এতিয়াৰ ৬০০ মেগাৱট ক্ষমতা সম্পন্ন বান্ধটোৰ পৰা পানী এৰি দিলে কেনে দুৰ্যোগৰ মুখামুখি হ’ব লাগিব তাৰে চিন্তাত নামনিৰ লোকসকল শংকিত হৈ পৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ভূটানৰ ৬০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম খোলাংশ্বু বান্ধৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাতে ভাৰত চৰকাৰে আৰ্থিক সাহাৰ্য আগবঢ়াইছে৷ তাৎপৰ্যপূৰ্ণভাৱে ভূটানে খোলাংশ্বু বান্ধৰ নিৰ্মাণ কাৰ্য প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰিলে যদিও আজিলৈকে বান্ধটোৰ পৰা নামনি অংশ অৰ্থাৎ অসমত ক্ষয়-ক্ষতি হ’বলগীয়া বিষয়ক লৈ কোনো অধ্যয়নেই নকৰিলে৷ কেৱল খোলাংশ্বু বান্ধেই নহয় ভূটানৰ ট্ৰংচা জিলাত এন এইচ পি চিয়ে ৭২০ মেগাৱাট  ক্ষমতা সম্পন্ন মাংডেশ্বু নৈ ওপৰত বৃহৎ এটা বান্ধ নিৰ্মাণ কৰিছে৷ ৫৬ মিটাৰ উচ্ছতাৰ আৰু ১৪১ মিটাৰ বহন কংক্ৰিটৰ মাংডেশ্বু বান্ধ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে ৩৮০ কোটি টকা ব্যয় কৰিছে৷ এই বান্ধটোৰ পৰাও অসমৰ বাগ্‌সা, চিৰাং, বঙাইগাঁও আৰু বৰপেটাত ভয়ংকৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে৷ উল্লেখ্য, পূৰ্বৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ আমোলতে ২০০৫ চনত ভূটানৰ জলবিদ্যুৎ উৎপাদনৰ কাম বহল ভিত্তিত আৰম্ভ কৰাৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা পঞ্চাশ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ তাৰ পাছতে ভূটানে জলবিদ্যুৎ উৎপাদন কৰি ভাৰত, বাংলাদেশ আৰু পাকিস্তানত বিক্ৰী কৰি অৰ্থনীতি টনকিয়াল কৰাৰ প্ৰয়াস কৰিছিল৷ অসমৰ মানস নদীপুঞ্জৰ অংশ হিচাবে পূব ভূটানত থকা খৰস্ৰোতা নদীসমূহক বান্ধি কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লয়৷ ভাৰতত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত জলবিদ্য়ুৎ প্ৰকল্পৰ বাবে অধিক উৎসাহিত কৰে ভূটান চৰকাৰক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত নিজেই ভূটান ভ্ৰমণ কৰি এক দ্বি-পাক্ষিক বৈঠকত জলবিদ্যুৎ উৎপাদনত ভাৰতে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে৷ মোডীৰ ভ্ৰমণৰ পাছতে ভূটানে ভাৰত সীমান্তত ৬০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম খোলাংশ্বু নদীবান্ধৰ কামৰ শুভাৰম্ভ কৰে৷ এই কামৰ আঁৰত যে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতা আছিল সেয়াও পৰবৰ্তী সময়ত স্পষ্ট হৈ পৰে৷ এই জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণৰ বাবে ভাৰতৰে হিমাচল প্ৰদেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জে কে পি ছুটলেজ জল বিদ্যুৎ নিগমে ভূটানৰ ভূটানীজ গ্ৰীণ পাৱাৰ কৰ্পৰেছনৰ লগত এক চুক্তিত মিলিত হৈ কাম অব্যাহত ৰাখিছে৷ ভূটানক সহায় কৰাৰ বাবে ২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে ‘ক্ৰছ বৰ্ডাৰ ট্ৰেড অৱ ইলেট্ৰিছিটি’ নীতিৰ অধীনত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে দামো বৃদ্ধি কৰিছে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে থিম্ফুত উপস্থিত হৈ ভূটানৰ ৰজাক এই কথা অৱগত কৰিছে৷  নামনি অসমত অভুতপূৰ্ব বান পৰিস্থিতিৰ বাবে যে প্ৰত্যক্ষভাৱে  ভূটানৰ জলবিদ্যুৎ  প্ৰকল্পই জগৰীয়া সেয়া স্পষ্ট হৈ পৰিছে৷ অনাগত দিনত ভূটানে ৩০ হাজাৰ মেগাৱট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ স্বাভাৱিকতেই মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু বান্ধৰ পানীয়ে এই ভয়াৱহতা সৃষ্টি কৰাত কুৰিশ্বুতকৈ হাজাৰ গুণ বৃহৎ ৩০ হাজাৰ শক্তি উৎপাদনৰ নদীবান্ধসমূহে অনাগত দিনত  নামনি অসমত কেনে মহাপ্ৰলয়ৰ সৃষ্টি কৰিব সেয়া নক’লেও অনুমেয়৷