Logo
image

‘অসমৰ সম্পদ ৰাষ্ট্ৰীয়, তেন্তে বান-খহনীয়া ৰাষ্ট্ৰীয় সমস্যা নহ’ব কিয়’

আমাৰ অসম, ২০ জুনঃ অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলোৱা অসমৰ বানপানী আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ শীঘ্ৰে ব্যৱস্থা ল’বলৈ সদৌ অসম ছাত্ৰ সন্থাই [আছু] দেওবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে৷ অসমৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া এই দাবী পূৰণৰ বাবে অসম চৰকাৰক বলিষ্ঠ পদক্ষেপ ল’বলৈ ছাত্ৰ সন্থাই দাবী জনাইছে৷ বিষয়টোত অসমৰ সকলো সাংসদ সদস্যক দৃঢ় ভূমিকা ল’বলৈও ছাত্ৰ সন্থাই আহ্বান জনাইছে৷ বৰ্তমান অসমৰ প্ৰলয়ংকাৰী বান-খহনীয়া, ভূমিস্খলনত আক্ৰান্ত জনসাধাৰণক যুদ্ধকালীনভাৱে উদ্ধাৰ কৰিবলৈ আৰু সাহায্য প্ৰদান, চিকিৎসা সেৱা, পশুধনৰ খাদ্য, চিকিৎসাৰ সকলো ফলপ্ৰসূ পদক্ষেপ ল’বলৈ অসম চৰকাৰক ছাত্ৰ সন্থাই দাবী জনাইছে৷ ছাত্ৰ সন্থাৰ সকলো গোটে আক্ৰান্ত ৰাইজৰ প্ৰতি আগবঢ়োৱা সেৱা অব্যাহত ৰাখিবলৈও সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনাইছে৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয়– ‘অসমৰ বানপানী আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে৷ অসম চুক্তিৰ ৭নং দফাৰ আধাৰত ছাত্ৰ সন্থাই এই দাবী জনাই আহিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধানৰ বাবে কোনো ব্যৱস্থা লোৱা নাই৷ অসম চৰকাৰ সমূহেও বিষয়টোত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা নাই৷ কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল অসমৰ দৰে ৰাজ্যখনক বানপানী-খহনীয়াই প্ৰতিবছৰে অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি আহিছে৷ অসমৰ জনসাধাৰণৰ প্ৰাণ গৈছে৷ খেতি নিঃশেষ হৈছে৷ ঘৰ-বাৰী উটুৱাই নিছে৷ হাজাৰ হাজাৰ হেক্টৰ মাটি খহনীয়াত নোহোৱা হৈছে৷ তথাপি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমস্যাটোক স্থায়ী সমাধানৰ ব্যৱস্থা লোৱা নাই৷ অসম চৰকাৰসমূহেও কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব পৰা পদক্ষেপ লোৱা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক দেশৰ ‘অষ্ট লক্ষী’ বুলি কয়৷ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ বৰমূৰীয়াসকলে ‘ডবল ইঞ্জিন’ চৰকাৰ বুলি কয়৷ এনে পৰিস্থিতিত অসমৰ বানপানী-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা নহ’ল কিয়? অসমৰ সম্পদক ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-খহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান কৰিবই লাগিব৷’