Logo
image

বিষ্ণু ৰাভা দিৱসত ১৪গৰাকী সন্মানিত

আমাৰ অসম, ২১ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হয় বিষ্ণুৰাভা দিৱস৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত ৰাভা দিৱসৰ লগত সংগতি ৰাখি দুজনকৈ শিল্পীক ২০২২ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদানৰ লগতে তিনিজনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু ১১জনক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বঁটা বিতৰণৰ কাৰ্যসূচী৷ ইয়াৰ পাছতে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱজিত খনিকৰে আদৰণি ভাষণ দিয়ে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ পূৰ্বে স্মৰণ কৰিলে বানপানীত আশ্ৰয় গ্ৰহণ কৰা আৰু মৃত্যু হোৱা ব্যক্তিসকলক৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়– এনেধৰণৰ বঁটাই অসমৰ নতুন প্ৰজন্মক প্ৰেৰণা দিব৷ এই মহান ব্যক্তিসকলক আগবাঢ়ি আহিবলৈ সাহস যোগাব৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– জীৱনজোৰা সাধনাৰে অসমৰ জাতিসত্বাক প্ৰাণৱন্ত কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই৷ জাতি-জনগোষ্ঠীৰ আশা আৰু মিলনৰ প্ৰতীক আছিল তেওঁ৷ মানুহ আৰু সমাজক লৈ সুন্দৰ সপোন দেখিছিল ৰাভাই৷ লিখিছিল শ্ৰমিক-বনুৱাৰ বাবে মুক্তিৰ গীত৷ শৈক্ষিক প্ৰতিভাৰে সুন্দৰৰ শিল্পীক সন্ধান কৰিছিল ৰাভাই৷ সাংস্কৃতিক শক্তিৰ মাজতে বিচাৰি পাইছিল মানুহৰ শক্তি৷ শিল্পীসকলক সুন্দৰৰ পূজাৰী আখ্যা দি মুখ্যমন্ত্ৰীজনে আৰু কয়– শিল্পীয়ে ভৱিষ্যতৰ দিশ দেখুৱাব পাৰে৷ আনহাতে বিষ্ণুপ্ৰসাদ ৰাভাই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে নিঃস্বাৰ্থভাৱে যুঁজ দিছিল বুলি উল্লেখ কৰি তেওঁ কয়– সেইবাবে আজিও সমাজে তেওঁৰ বিপ্লৱী সত্ত্বাক স্মৰণ কৰে৷ এখন শোষণমুক্ত সমাজ বিচাৰিছিল ৰাভাই৷ অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ ৰক্ষাৰ বাবে যথেষ্ট কাম কৰিছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাযাবৰী জীৱন কটাইয়ো বহু মূল্যৱান সাহিত্য সৃষ্টি কৰি থৈ গৈছে৷ অসমৰ জনগোষ্ঠী সমূহৰ সমন্বয় আৰু এখন গতিশীল অসম বিচাৰিছিল তেওঁ৷ পৰ্বত-ভৈয়ামক একগোট কৰি সমাজ সচেতন শিল্পীৰ পৰিচয় দিছিল কলাগুৰুৱে৷ ইফালে অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নিজৰ ভাষণত কয় যে– সমাজ শক্তিশালী কৰাৰ স্বাৰ্থত ৰাভাই তুলি লৈছিল বিপ্লৱৰ অস্ত্ৰ৷ সমাজ পৰিৱৰ্তনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি গৈছিল তেওঁ৷ মানুহৰ মুক্তিৰ বাবে সৃষ্টি কৰিছিল অজস্ৰ বিপ্লৱী গীত৷ উল্লেখযোগ্য যে, আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিষ্ণুৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পীক প্ৰদান কৰে ২০২২ বৰ্ষৰ বিষ্ণুৰাভা বঁটা৷ ইয়াৰে কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু সত্ৰীয়া নৃত্যৰ জগতখনৰ সৈতে বিগত পাঁচটা দশকজুৰি ওতঃপ্ৰোতভাৱে জড়িত শাৰদী শইকীয়াক ২০২২ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হয়৷ সেইদৰে ২০২১ বৰ্ষৰ কালিচৰণ সন্দিকৈ ব্ৰহ্ম বঁটা প্ৰাপক ড॰ অনুংলা আয়াৰ, কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰাপক ড॰ নৰেন কলিতা, আজানপীৰ বঁটা আৰু ড॰ অমলেন্দু ভট্টাচাৰ্যক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় বঁটা৷ ইফালে ২০২১ বৰ্ষৰ গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা মৃদুলা বৰুৱাক, ২০২১ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা ইলা বৰগোহাঁইক, ২০২১ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা  লীলাৱতী কুশ্ৰেক, ২০২১ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী বঁটা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক, ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটা ছবিলাল উপাধ্যায়ক, ২০২১ বৰ্ষৰ আহমেদ আলী বাঁশকান্দি বঁটা চৈয়দ ছাদুল্লাক, ২০২১ বৰ্যৰ গণেশ গগৈ বঁটা বংশী বৰাক, ২০২১ বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা হেমন্ত গোঁহাইক আৰু ২০২১ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা  আৰু ননী বৰুৱাক প্ৰদান কৰা হয় ৰাজ্যিক পৰ্যায়ৰ বঁটা৷ আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাপ্ৰাপকক তিনি লাখ টকাৰ অনুমোদন-পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু ফুলৰ থোৰাৰে আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰাপকলৈ দুই লাখ টকাৰ অনুমোদন-পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু ফুলৰ থোৰাৰে সন্মানিত কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিবনুৱা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক তথা উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোণাকন বৰুৱা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু আদিকে ধৰি ভালেকেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে৷ সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷

কলাগুৰু বন্দনাৰে মুখৰ ঊষানগৰী

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত প্ৰাতঃস্মৰণীয় শিল্পীজনক তেজপুৰৰ লগতে তেজপুৰৰ পাশ্বৰ্ৱৰ্তী বিভিন্ন অঞ্চলত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ আজি পুৱা ন বজাত গীত-মাত নৃত্যৰে মুখৰিত হৈ পৰে কলাগুৰুৰ সমাধি সমণ্বয় ক্ষেত্ৰ৷ কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সমাধিত শ্ৰদ্ধাঞ্জলি জনায় শুভাৰম্ভ কৰা সমণ্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ এই কাৰ্যসূচীত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওট, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, অগপৰ ছাত্ৰ সংগঠন ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি মৃণ্ময় বৰুৱা, সংকল্প অসমৰ বিষয়ববীয়া, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মন্ত্ৰী অশোক সিংহল, অসম চৰকাৰৰ এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত বৰ্ষা তালুকদাৰ, তেজপুৰ নগৰ উন্নয়ন কতৃৰ্পক্ষৰ সভাপতি বিৰাজ নাথ, তেজপুৰ ৰাজহ চক্ৰ বিষয়া পংকজ বৰাকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে৷  সমণ্বয় ক্ষেত্ৰৰ আজিৰ এই অনুষ্ঠানতে নৱনিৰ্মিত মুকলি সভাকক্ষটো এক মাংগলিক পৰিৱেশত শুভাৰম্ভ কৰে জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ উদ্বোধনী ভাষণত বিধায়কজনে এই সভাকক্ষই সমাধি ক্ষেত্ৰত অনুষ্ঠান পৰিৱেশন কৰাৰ পথ সূচল কৰিব বুলি কৈ পিতৃৰ জীৱন দৰ্শন স্মৰণ কৰে৷ সমণ্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত সভাপতি পংকজ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানতে কলাগুৰুৰ জীৱন দৰ্শনৰ ওপৰত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই ৰচনা কৰা আৰু আমেৰিকা নিৱাসী কৃষাণু কৌশিকে সুৰ কৰা আৰু কণ্ঠদান কৰা এটি সুন্দৰ গীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে৷ সাংসদ দাসে উন্মোচনী ভাষণত বিষ্ণুপ্ৰসাদ ৰাভাৰ অনন্য প্ৰতিভা আৰু দৰ্শনে যুগে যুগে সকলো শ্ৰেণীৰ জনসাধাৰণক উদ্বুদ্ধ কৰি আহিছে বুলি মন্তব্য কৰে৷ অনুষ্ঠানটো কলাগুৰুৰ গীত-নৃত্যৰে মুখৰিত কৰি তোলে সৃজনী সংগীত মহাবিদ্যালয়, প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালা আৰু ঊষা নগৰৰ নৃত্যশিল্পীৰ আকৰ্ষণীয় নৃত্যই৷ আনহাতে, আজিৰ এই অনুষ্ঠানতে দেশী-বিদেশী পৰ্যটকসকলৰ বাবে অসমীয়া, ইংৰাজী, হিন্দী আৰু বড়ো ভাষাৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষয়ৰ এখন পৰ্যটকৰ হাতপুথি মন্ত্ৰী অশোক সিংঘল,  দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা তেজপুৰ পৌৰসভাৰ সদস্য ড॰ জয় শংকৰ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী কুমুদ বৰঠাকুৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ উপস্থিতিত উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণত আগন্তুক সময়ত সমাধি সমণ্বয় ক্ষেত্ৰ অসমৰেই আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা সদৰি এই হাতপুথিখনে ৰাজ্যখনৰ অন্য প্ৰান্তৰ পৰ্যটকসকলক বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে জনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানতে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, কামাল ৰচিদ আহমেদ, পৱন দাস, অণ্বেষা কাঞ্চন বৰা, অশ্লেষা কৌশিক, বিতোপন বৰা ৰাজশ্ৰী বৰুৱা, মূৰ্চনা শিৱম আদিয়ে গীত পৰিৱেশন কৰাৰ লগতে ৰুবী বৰা আৰু বিকাশ জ্যোতি কলিতাই কবিতা আবৃত্তি কৰে৷ ইপিনে, ইয়াৰ পূৰ্বে পুৱা আঠ বজাত এসময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আধাৰশিলা স্থাপন কৰা তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগণত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ তথা পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা বঁটাপ্ৰাপক বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাই৷ ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাই আঁত ধৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই কলাগুৰুৰ জীৱন-কৃতিৰ ওপৰত আলোকপাত কৰাৰ লগতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আদিয়ে স্মৃতিচাৰণ কৰে৷ অনুষ্ঠানত দক্ষ আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতাই বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰে৷ আনহাতে,  অসম নাট্য সন্মিলন, বিহগুৰি শাখাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩সংখ্যক মৃত্যু তিথি স্থানীয় ‘কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ শাখাৰ সভাপতি নাট্যকাৰ-পৰিচালক গণেশ দাসৰ সভাপতিত্বত আৰু সম্পাদক দিব্যজ্যোতি নাথে আঁত ধৰা শ্ৰদ্ধাঞ্জলি আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন সন্মানীয় লোকে অংশগ্ৰহণ কৰে৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি গণশিল্পীজনৰ বৈচিত্ৰ্যময় জীৱন শৈলীৰ ওপৰত স্মৃতিচাৰণ কৰে—বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰ কুমাৰ শইকীয়া, বিশিষ্ট সমাজকৰ্মী কমলা প্ৰসাদ বৰা, দিলীপ বৰা, শোণিতপুৰ জিলাৰ নাট্য সন্মিলনৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ, শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ দাস, শাখাৰ অন্যতম উপদেষ্টা ৰাণু দেবী, ৰঞ্জন কুমাৰ মহন্ত, পবিত্ৰ বৰা, কাৰ্যকৰী সভাপতি বাবলু কলিতা, উপ-সভাপতিদ্বয় প্ৰৱীণ কটকী, নৃপেন নাথ, সমাজকৰ্মী বিশ্বজিৎ নাথ,  মাৰ্চিদেৱ নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল৷ বিহগুৰি নাট্য সন্মিলন শাখাৰ সংগীত বিভাগৰ ভাস্কৰ মৌনস, ভূপেন নাথ, দীপক বৰা, কৃষ্ণ নাথৰ প্ৰযোজনা আৰু পৰিচালনাত বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইবাটাও চিৰসেউজ গীতত সমৱেত আৰু একক কণ্ঠেৰে পৰিৱেশন কৰা হয়৷ ৰাতুল শইকীয়া, পঙ্কজ কুমাৰ নাথ, চাইকিস্মীতা দাস, হীৰা দেৱী, অবন্তি বৰা, আস্থা দেবী, প্ৰস্তুতি কাকতি আৰু ভায়’লিনা শিৱমে গীতসমূহ পৰিৱেশন কৰে৷ নৱ-প্ৰজন্মৰ দুই প্ৰতিভাৱান যুৱক ক্ৰমে অভিজ্ঞান কৃষ্ণ মহন্তৰ ‘ৰাভাদেৱৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু সংগ্ৰাম’ জ্ঞানাঙ্গ নাথৰ ‘বিষ্ণু সংগীতত বৈপ্লৱিক চেতনাৰ অৱলোকন’, শীৰ্ষক বিষয়বস্তুৰ আধাৰত কথন শৈলীৰ বক্তব্যই সভাগৃহত উপস্থিত ৰাইজৰ হৃদয় স্পৰ্শ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ বিষ্ণু সংগীতৰ আধাৰত দলীয় আৰু একক নৃত্য প্ৰদৰ্শন কৰে আকাংক্ষা দেৱী, গায়ত্ৰী হাজৰিকা, উদেষ্ণা দেৱী আৰু ভাস্বতী শিৱমে৷ একেদৰে, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত নৃত্য-গীত, আবৃত্তিৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বাণিজ্য বিভাগৰ অধ্যাপক ড॰ মনোজ কুমাৰ হাজৰিকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কলাগুৰুৰ আলোকচিত্ৰৰ সম্মুখত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ পলাশ মণি শইকীয়াই৷ অনুষ্ঠানত গীত পৰিৱেশন কৰে ছাত্ৰী দৰ্শিনী হাজৰিকা আৰু দ্বীপাঞ্জলী বসুমতাৰীয়ে৷ নৃত্য পৰিৱেশন কৰে প্ৰীতি শিখা কলিতাই৷ দৰং মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা লগতে ছাত্ৰ-ছাত্ৰীসকলে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ একেদৰে ৫৫নম্বৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ  সভাপতি ৰবীন্দ্ৰ বৰা, উপ-সভাপতি কামেশ্বৰ দাস, সম্পাদক প্ৰশান্ত দাস, সদস্য চিত্তৰঞ্জন পটংগীয়া উপস্থিত থাকে৷ সেইদৰে, তেজপুৰ জিলা কবি সন্মিলন, তেজপুৰৰ আন এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান নটৰাজম কলা মন্দিৰৰ উদ্যোগতো সৈনিক শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ স্থানীয় কলেজিয়েট হাইস্কুল খেলপথাৰৰ কাষত স্থাপিত সৈনিক শিল্পীগৰাকীৰ আৱক্ষ-মূত্তিৰ্ত পুষ্পাঞ্জলি তথা বন্তি প্ৰজ্বলনৰে নটৰাজম কলা মন্দিৰৰ বিষয়ববীয়াসকলে কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ কৰ্মৰাজিৰ স্মৰণ কৰাৰ লগতে তেওঁ জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়৷ ইপিনে, যুগল উচ্ছ মাধ্যমিক বিদ্যালয়ত বণাৰ্ঢ্য কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰা হয়৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্ম্মীৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাভা দিৱসৰ মুকলি সভাত প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে আদৰণি বক্তব্য প্ৰদান কৰাৰ লগতে বক্তব্য প্ৰসংগত তেওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ সকলোকে আহ্বান জনাই যিসকল বৰেণ্য ব্যক্তিৰ ত্যাগ আৰু সৃষ্টিৰ কৰকমলত আজি আমি থিয় দি আছোঁ, তেনে সকলো পুৰুধা ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজি অধ্যয়ন কৰিবলৈ সকলোকে আহ্বান জনায়৷ বিদ্যালয় কতৃৰ্পক্ষ, বিভাগীয় তত্ত্বাৱধায়ক আৰু ছাত্ৰ-সংসদৰ সহযোগত আয়োজিত ৰাভা দিৱসত ‘ছাত্ৰ বিষ্ণুৰাভা’ শীৰ্ষক বিষয়ত বিদ্যালয়ৰ ছাত্ৰী দশম শ্ৰেণীৰ সুস্মিতা দেৱী, মঞ্জিৎ মণ্ডল, অষ্টমৰ উজ্জ্বল বৰুৱা, একাদশৰ হিমাশ্ৰী দাস, মিতালী কেওট, সপ্তমৰ মৃদুল নাথ, বৰষা ডেকা, অষ্টমৰ সৌন্দৰ্য্য বৰা, নৱমৰ শ্ৰীমন্ত নাথ, নিকুমণি দেৱী, ষষ্ঠ শ্ৰেণীৰ ঝৰ্ণা দেৱী আৰু শিক্ষক ভীষ্মকান্ত মাহাতো আৰু সুমন দেৱীয়ে তত্ত্বগধুৰ বক্তৃতা প্ৰদান কৰে৷ কবিতা আবৃত্তিৰে সকলোকে মুগ্ধ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী উদ্দীপনা নাথে৷ ছাত্ৰ-ছাত্ৰীৰ গীত-নৃত্যৰে মুখৰহৈ পৰা অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২২ত সুখ্যাতিৰে যুগল উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী ক্ৰমে- হিৰণ কুৰ্ম্মী, হিমাশ্ৰী মাহাতো, কোকিল বৰা, ত্ৰিনয়ন কেওট, নিশান্ত বড়ো, ভাস্কৰজ্যোতি কুৰ্ম্মী আৰু নেহা বড়োক গামোচা, প্ৰশংসা-পত্ৰ আৰু গ্ৰন্থৰে সন্মানিত কৰা হয়৷ একেদৰে ২০১৯ ত অষ্টম শ্ৰেণীৰ বৃত্তি লাভ কৰাসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা মান-পত্ৰ আৰু পাঁচ হাজাৰ টকাৰ স্থায়ী জমাপত্ৰ প্ৰদান কৰা হয়৷ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, শুভাকাংক্ষী তথা অভিভাৱক পদ্মকান্ত বড়ো, ভাৰতী দেৱী, প্ৰাক্তন প্ৰধান শিক্ষক দুলাল নাথ আদি উপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন প্ৰধান শিক্ষক লীলা নাথ, সমাজসেৱক দেৱেন গোস্বামীয়ে চমু বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত ভিতালী দাস, ৰক্তিমা বৰা, নিশিতা বৰাৰ দলে বিষ্ণুৰাভাৰ গীতত নৃত্য পৰিৱেশন কৰে৷ সেইদৰে তেজপুৰৰ হিন্দী মাধ্যমৰ ৰাষ্ট্ৰভাষা বিদ্যালয়, তেজপুৰৰ তৰুণ অসম সংঘ, অসমীয়া ক্লাব, বাণ থিয়েটাৰ, অৰিন্দম নাট্য বিদ্যালয় আদিয়েও গীতে-মাতে কলাগুৰুক স্মৰণ কৰে৷