Logo
image

কৰ্তব্যৰত আৰক্ষীসহ ২৪ ঘণ্টাত ১১জনৰ মৃত্যু, ৰাজ্য দিশহাৰা

বানৰ সংহাৰ ক্ৰমশঃ গুৰুতৰ, ভাগি পৰিছে চৰকাৰী কাঠামো

মৃত ৮২জনলৈ বৃদ্ধি

আমাৰ অসম, ২১ জুনঃ প্ৰলয়ংকৰী বানে অসমক যেন মৃত্যুৰ উপত্যকালৈ পৰ্যৱসিত কৰিছে৷ ৰাজ্যৰ চাৰিওফালে এতিয়া পানী আৰু পানী৷ বলীয়া বানৰ মাজত মাথোঁ মৃত্যুৰ আৰ্তনাদ আৰু দুৰ্ভগীয়া বানাক্ৰান্তৰ চিৎকাৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ বানৰ সংহাৰ ৰূপ৷ বৰাক উপত্যকাকো বানে জলবন্দী কৰি বহিঃবিশ্বৰে এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে৷ বিশেষকৈ ভূটানৰ  কুৰিশ্বু বান্ধৰ পানীয়ে সমগ্ৰ নামনি অসমতে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ একেদৰে কাৰ্বি-লাংপিং আৰু খানডং বান্ধৰ পানীয়ে মধ্য অসমৰ কামপুৰ-হোজাই আদি অঞ্চলক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে৷ ৰঙানদী আৰু ডিক্ৰং বান্ধৰ লগতে অৰুণাচলৰ পৰা বৈ অহা পানীয়ে উত্তৰ-অসমক বুৰাই পেলাইছে৷ উজনি অসমতো বানৰ তাণ্ডৱ ৰূপ দেখা পোৱা গৈছে৷ বৰাকৰ বাঢ়নী পানীত কাছাৰকে ধৰি তিনিওখন জিলাই জলমগ্ন হৈ পৰিছে৷ চলিত বৰ্ষৰ বান আৰু ভূমিস্খলনত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যাই ৮২ জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত মৃত্যু হৈছে ১১ জন লোকৰ৷ তদুপৰি এই পৰ্যন্ত বাঢ়নী পানীয়ে উটুৱাই নিয়া আন ৮ জন লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ সোমবাৰে আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আৰু শিশু পৰ্যন্ত বানত কৰুণ মৃত্যুক আঁকোৱালি লৈছে৷ ইয়াত ভিতৰত কাছাৰৰ সোণাইত এজন, দৰঙৰ মঙলদৈ, দলগাঁও আৰু ছিপাঝাৰত ৩ জন, ডিব্ৰুগড়ৰ চাবুৱাত এজন,  হাইলাকান্দিত এজন, হোজাইত এজন, কামৰূপৰ ৰঙিয়াত এজন, লখিমপুৰৰ কদমত এজন আৰু নগাঁৱৰ কলিয়াবৰত ২ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে৷ তদুপৰি শিলচৰত এজন, মঙলদৈত এজন, উত্তৰ গুৱাহাটীত এজন, ৰঙিয়াত এজন, তামুলপুৰত এজন আৰু ওদালগুৰিত দুজন লোক বানত সন্ধানহীন হৈ আছে৷ কামপুৰত নিশা কৰ্তব্য পালন কৰিবলৈ গৈ পানীত ডুব গৈ মৃত্যু মুখত পৰে কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ৷ ইফালে দৰঙৰ বৰথেকেৰাবাৰীত বানত পৰি মৃত্যুক সাৱটি লয় গোবিন্দ বৰা নামৰ এজন যুৱক খেলুৱৈয়ে৷ মৃত গোবিন্দ বৰা আছিল ৰাজ্যিক  পৰ্যায়ৰ এজন সুদক্ষ ভলীবল খেলুৱৈ৷ মঙলদৈৰ পুনিয়াৰ পটালচিং পাৰত মহেন্দ্ৰ বৰুৱা নামৰ বানত মৃত্য হোৱা এজন অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ তদুপৰি বাঢ়নী পানীয়ে উটুৱাই নিয়া মহিবুল হক নামৰ এজন যুৱকৰো মৃতদেহ সোমবাৰে উদ্ধাৰ হয়৷ ইফালে, সোমবাৰে মৰিগাঁও জিলাৰ পাতিদৈয়াত বানত মৃত্যু হয় দুগৰাকী কিশোৰীৰ৷ মৃত কিশোৰীদ্বয় ৰিম্পী দেউৰী আৰু চুনু পাটৰ বুলি চিনাক্ত কৰা হৈছে৷ ইফালে ১৬ জুনত হোজাই যোগীজান বজ্ৰপুৰত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন ছিৰাজুল হকৰ মৃতদেহ উদ্ধাৰ হয় যদিও আনোৱাৰা বেগম আৰু চালিমা খাতুন নামৰ শিশু দুটিৰ মৃতদেহৰ বৰ্তমানেও সন্ধান ওলোৱা নাই৷ ইফালে ৰঙিয়াত চেপ্তিত বান চাবলৈ গৈ পানীত উটি যোৱা হিমাংশু দাস নামৰ ছাত্ৰজনৰ দেওবাৰে মৃতদেহ উদ্ধাৰ হয়৷ অৱশ্যে বাঢ়নী পানীয়ে উটুৱাই নিয়া আন এজন ছাত্ৰ জুমন দাসৰ বৰ্তমানো সন্ধান নাই৷ চৰকাৰী তথ্য মতে সোমবাৰে ৰাজ্যৰ  ৩২ খন জিলাৰ ৫,৪২৪ খন গাঁও পানীত বুৰ গৈ আছে৷ বানত ক্ষতিগ্ৰস্ত হৈছে ৪৭ লাখ ৭২ হাজাৰ ১৪০ জন লোক৷ গোৱালপাৰা, ধুবুৰী, গুৱাহাটী, তেজপুৰ আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ যোৱাৰ লগতে কপিলী, বেকী, পাগলাদিয়া আৰু পুঠিমাৰী নৈৰ জলস্তৰো বিপদসীমাৰ বহু ওপৰে ফেনে- ফোটোকাৰে বৈ আছে৷ ইপিনে, ৰাজ্যজুৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণ আৰু বানৰ বাবেই  দৰং, নলবাৰী, কাছাৰকে ধৰি কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ একমাত্ৰ পথটো বাঢ়নী পানীয়ে খহাই নিয়াত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বানৰ বাবেই কাছাৰ আৰু হাইলাকান্দিত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে৷ ইফালে, কলং নৈৰ পানীয়ে নগাঁও আৰক্ষী ছাউনী বুৰাই পেলোৱাৰ লগতে শতাধিক গাঁও জলমগ্ন কৰি তুলিছে৷ ইফালে হেল নৈ পানীয়ে পাণবাৰীত গড়কাপ্তানি পথৰ এটা অংশ ছিঙি নিয়াত কেইবাখনো গাঁও পানীত বুৰ গৈছে৷ ৰহাতো বৰপানী নৈ পানীয়ে ছিঙি নিয়ে এটা মথাউৰি৷ বানৰ বাবেই ৰঙিয়া-ৰঙাপাৰা সংযোগী ৰে’ল পথ বন্ধ হৈ পৰাত আৱদ্ধ হৈ পৰে ৰাজধানী এক্সপ্ৰেছ৷ বানৰ বাবে কামৰূপ এক্সপ্ৰেছ আৰু চেন্নাই এক্সপ্ৰেছকে ধৰি প্ৰায় ২০ খন ৰে’লৰ চলাচল বন্ধ কৰি দিছে ৰে’ল কতৃৰ্পক্ষই৷ উত্তৰ-গুৱাহাটী লেঙা-কুৰুৱা সংযোগী মথাউৰিত ননৈ নৈৰ পানীয়ে খহাই নিয়াত হাহাকাৰ লাগিছে ৰাইজৰ৷ ইপিনে, এসপ্তাহ ধৰি সমগ্ৰ নামনি অসম জলমগ্ন হৈ থকাৰ লগতে পানীত বৰ গৈ আছে বৰপেটা সত্ৰ৷ উজনি অসমৰ দিচাংমুখতো বাঢ়নী পানীৰে বুৰাই পেলাইছে বহু গাঁও৷ ইপিনে, সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উপায়ুক্তসকলৰ সৈতে বান পৰিস্থতিৰ পৰ্যালোচনা বৈঠকত অংশ লয়৷