Logo
image

বুৰ গৈছে বৰাক!এইবাৰ বোকাই পুতি পেলালে শিলচৰমুখী ঘাইপথ

শিলচৰলৈ বিমানেৰে ১.৮ লাখ লিটাৰ পে’ট্ৰল-ডিজেল

আমাৰ অসম, ২১ জুনঃ এফালে বৰাক নৈৰ প্ৰলয়ংকাৰী বান আৰু আনফালে ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা-হাচাওত ভয়ংকৰ ভূমিস্খলন৷ যাৰ পৰিপ্ৰেক্ষিততে বৰাক উপত্যকা এতিয়া বহিঃ বিশ্বৰে যেন যোগাযোগ বিচ্ছিন্ন  হৈ পৰিছে৷ বৰাক নৈৰ বাঢ়নী পানীয়ে সম্প্ৰতি সমগ্ৰ শিলচৰ চহৰখনকে বুৰাই পেলাইছে৷ মথাউৰি ছিঙি বৰাকৰ বাঢ়নী পানী সোমাই অহাত শিলচৰ চহৰৰ প্ৰতিটো পথ, উপ-পথৰ লগতে নাগৰিকৰ বাসগৃহতো এবুকু পৰ্যন্ত বান উঠিছে৷ এই মুহূৰ্তত বৰাকৰ কাছাৰ জিলাৰ পৰিস্থিতি ৰাজ্যৰ ভিতৰতে অধিক উদ্বেগজনক হৈ পৰিছে৷ ইফালে শিলচৰ-গুৱাহাটী সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ত সঘনাই ভূমিস্খলন সংঘটিত হোৱাত বৰাকলৈ যাতায়াত স্তব্ধ হৈ পৰিছে৷ সোমবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেঘালয়ৰ সোণাপুৰ টাৰ্ণেলৰ সন্মুখত পাহাৰৰ পৰা বোকা মাটি বৈ আহি পুতি পেলোৱাত গোটেই দিন ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে৷ অৱশ্যে মেঘালয়-প্ৰশাসনে সন্ধিয়া ভাগলৈ পথটোৱে দি বাহন চলাচলৰ সূচল কৰি তোলে৷ শিলচৰৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিততে কাইলৈ বায়ু সেনাৰ বিশেষ বিমানৰ জৰিয়তে শিলচৰলৈ ৰ লাখ ৮ হাজাৰ লিটাৰ পেট্ৰ’ল-ডিজেল গুৱাহাটীৰ পৰা প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শৰ্মাই ৷ তদুপৰি হেলিকপ্টাৰৰ জৰিয়তে বানাক্ৰান্তৰ মাজত খাদ্য বিতৰণ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ইফালে কাছাৰ প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ কৰি দিছে৷ ইপিনে, প্ৰশাসনে কৰিমগঞ্জ চহৰতো যিকোনো মুহূৰ্ততে বাঢ়নী পানী সোমোৱাৰ সতৰ্কতা জাৰি কৰাত নাগৰিকসকল চিন্তিত হৈ পৰিছে৷ সোমবাৰে কাছাৰৰ সোণাইত এজন আৰু হাইলাকান্দিতো এজন লোকৰ বানত মৃত্যু হয়৷ ইফালে ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ডিমা হাচাও হৈ বৰাকলৈ যোগাযোগ বন্ধ হৈ পৰিছে ৷ ইফালে হাইলাকান্দি জিলাতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ৷ জিলাৰ মাজেৰে বৈ যোৱা তিনিওখন নৈ ধলেশ্বৰী, কাটাখাল আৰু বৰাক ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে৷  বিগত তিনিদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ ইপিনে, কাটাখাল নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ দুই স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত প্লাৱিত হৈছে ৩০খন গাঁও৷ স্থানীয় মোহনপুৰ এলেকাৰ এটা আৰু কালাছেড়া এলেকাৰ আংকাই লংকাই নামৰ ঠাইত মথাউৰি ছিঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিস্তীৰ্ণ অঞ্চল৷ আনহাতে, বৰাক নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্লাৱিত কৰিছে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচগ্ৰাম অঞ্চলৰ এটা বৃহৎ এলেকা৷ ফলত ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বদৰপুৰ ঘাটৰ পৰা ধলেশ্বৰলৈ সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে প্ৰশাসনে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ মাজত যোগাযোগ ব্যাহত হৈছে৷ বদৰপুৰ ঘাট আৰু ধলেশ্বৰ এলেকাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে৷