১০ লাখ ভক্তৰে ‘অনুষ্টুপীয়া’ অম্বুবাচী মেলাৰ প্ৰস্তুতি
মুখ্যমন্ত্ৰীয়ে কয় এটা, প্ৰশাসনে আন এটা
আমাৰ অসম, ২১ জুনঃ যেন স্বয়ং মুখ্যমন্ত্ৰীৰে নিৰ্দেশ মানিব নিবিচাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই৷ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত ঘোষণা কৰিছিল যে এইবাৰ কামাখ্যা ধামত অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব৷ নীলাচল পাহাৰত কেৱল ধৰ্মীয় নীতি-নিয়মেৰেহে পালন হ’ব অম্বুবাচী৷ ক’ভিডৰ সময়ত যিদৰে অম্বুবাচী মেলা পতা হৈছিল, এইবাৰো সেইদৰে পতা হ’ব৷ আগৰ দৰে ৰাইজ অম্বুবাচী মেলালৈ আহিব নালাগে৷’ ১৭ জুনৰ মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সম্পূৰ্ণৰূপে আওকাণ আৰু উপেক্ষা কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সোমবাৰে এখন সংবাদমেল আহ্বান কৰি কয় যে এইবাৰ অম্বুবাচী মেলাত প্ৰায় ১০ লাখ ভক্তৰ সমাগম হ’ব৷ অথচ মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতে একেজন উপায়ুক্তই প্ৰেছ বাৰ্তাযোগে কৈছিল যে ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া এইবাৰৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ উদ্যাপন কৰা হ’ব৷ কিন্তু কি কাৰণত ইয়াৰ দুদিন পিছতে উপায়ুক্তজনেনিজৰ পূৰ্বৰ ঘোষণাৰ পৰা আঁতৰি আহি এইবাৰৰ অম্বুবাচী মেলাত প্ৰায় ১০ লাখ লোকৰ সমাৱেশ হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অম্বুবাচীত ৩০ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ বাবে আশ্ৰয় শিবিৰ সাজু কৰা বুলি ঘোষণা কৰাৰ পাছতে বিষয়টোত হস্তক্ষেপ কৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য, শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা মন্দিৰ চৌহদত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহোৎসৱ এইবেলি ক’ভিড পৰিস্থিতিৰ সম্পূৰ্ণ নিৰাময় নোহোৱা প্ৰতিকূল বতৰ, কামাখ্যা মন্দিৰ সংযোগী পথত হোৱা ভূমিস্খলন আৰু মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈকে চলি থকা উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ আনকি অম্বুবাচীত যাতে অধিক ভক্তৰ সমাগম নহয় তাৰ প্ৰতিও দৃষ্টি ৰখা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে কৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ বিপৰীতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত এইবেলি অম্বুবাচীত প্ৰায় ১০ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে বুলিহে কৰা দাবীয়ে দিছপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ফলত ক’ভিডৰ বাবে দুটা বছৰৰ বিৰতিৰ অন্তত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা যে এইবাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত নহয় কাৰ্যতঃ সেয়া নিশ্চিত হৈ পৰিছে৷ উপায়ুক্তই কোৱা ধৰণে যদি আগন্তুক অম্বুবাচীত দেশ-বিদেশৰ ১০ লাখ ভক্তৰ সমাগম হয় তেতিয়া হ’লে এনে প্ৰতিকূল বতৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ আশংকা আছে৷ কিয়নো মুখ্যমন্ত্ৰীয়ে তিনিদিন পূৰ্বে শংকা ব্যক্ত কৰিছিল যে দেশত ক’ভিড পৰিস্থিতিৰ এতিয়াও শাম কটা নাই৷ পশ্চিম বংগত এতিয়াও দৈনিক হাজাৰৰ ঘৰত ক’ভিড ৰোগী চিনাক্ত হৈ আছে আৰু কামাখ্যাত অম্বুবাচীলৈ অহা ভক্তৰ বেছিভাগেই পশ্চিম বংগৰ পৰা আহে৷ সমান্তৰালভাৱে বতৰ বিজ্ঞান বিভাগেও প্ৰতিকূল বতৰ অব্যাহত থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰি কামাখ্যা-পাণ্ডু সংযোগী নৱনিৰ্মিত পথচোৱা ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়াৰ লগতে বৰ্তমান নামনি কামাখ্যাৰ পৰা মন্দিৰ সংযোগী পথচোৱাও বৰষুণৰ পৰিমাণ বৃদ্ধি পালে ভূমিস্খলনৰ কবলত পৰিব পাৰে বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে আশংকা ব্যক্ত কৰি যিকোনো মূল্যৰ বিনিময়ত অম্বুবাচীত ভক্তৰ সমাগম হ্ৰাস কৰি অনুষ্টুপীয়াকৈ অম্বুবাচী অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব দি সকলো পক্ষকে এইক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আহ্বানক সম্পূৰ্ণ অবজ্ঞা কৰি সোমবাৰে অনুষ্ঠিত সংবাদ মেলখনত উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় আমি ১০ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰিছোঁ৷ ইয়াৰ ফলত হ’ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈও জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ আছে৷ ইতিমধ্যে ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰলৈ নিৰ্দিষ্ট ফেৰী বাহন আৰু পৰিবহণ নিগমৰ বাছৰ বাহিৰে সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব৷ সেই পাঁচদিনত পানী যোগান, চাফাইৰ লগত জড়িত আৰু ৰোগী কঢ়িওৱা এম্বুলেন্সসহ আন জৰুৰী সেৱাৰ বাহনহে মন্দিৰলৈ যাব পাৰিব৷ বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু বন্দৰ ঘাট, কামাখ্যা ষ্টেচন চৌহদ আৰু ফাচী বজাৰৰ পুৰণি জে’ল চৌহদত শিবিৰ স্থাপন কৰা হৈছে৷ য’ত প্ৰায় ২০ হাজাৰ ভক্তৰ থকাৰ ব্যৱস্থা কৰা হৈছে৷ এইবেলি প্ৰথমবাৰৰ বাবে মন্দিৰ চৌহদত ভক্তৰ থকা-খোৱাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই৷ তেনেদৰে ক’ভিড পৰীক্ষাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই যদিও কামাখ্যাত থকা ৰাজ্যিক চিকিৎসালয়খনত ১৫খন বিচনা অম্বুবাচীৰ বাবে বিশেষভাৱে সাজু কৰি ৰখা হৈছে বুলি উপায়ুক্তই সদৰি কৰে৷ আনহাতে, সংবাদ মেলত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে কয়– এইবেলি কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈকে দীনেশ গোস্বামী পথচোৱা অম্বুবাচীৰ কেইদিনত পাৰ্কিং নিষিদ্ধ কৰা হৈছে৷ জালুকবাৰীৰ দিশৰ পৰা যান-বাহন লৈ অহা কোনো লোকে কামাখ্যা মন্দিৰলৈ যাব বিচাৰিলে মালিগাঁও বৰিপাৰাত থকা অসম খেলপথাৰত বাহন পাৰ্কিং কৰিব লাগিব৷ ভৰলুৰ দিশৰ পৰা যাব বিচৰাসকলে সোণাৰাম খেলপথাৰত বাহন পাৰ্কিং কৰিব লাগিব৷ তেনেদৰে সংবাদ মেলত গুৱাহাটী পশ্চিম জিলাৰ উপ-আৰক্ষী আয়ুক্ত নৱনীত মহন্তই কয়– অম্বুবাচীৰ কেইদিনত মন্দিৰ চৌহদত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব৷ ইতিমধ্যে মন্দিৰ কমিটীৰ চিচি টিভি কেমেৰাসহ প্ৰায় ৫০০টা চিচি টিভি কেমেৰা সন্দেহজনক লোকৰ গতিবিধি নিৰীক্ষণৰ বাবে সাজু হৈ থাকিব৷ ইফালে, সংবাদ মেলত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আগন্তুক অম্বুবাচীত নিগমৰ ফালৰ পৰা গ্ৰহণ কৰিবলগীয়া চাফ-চিকুণতা, চাফাই কৰ্মী নিয়োগ আদিৰ ব্যাখ্যা দাঙি ধৰে৷






