Logo
image

যোগবলত ৩০ ঘণ্টা পানীত ওপঙি থাকিল বাবুল, কুলদীপ

আমাৰ অসম, ২২ জুনঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ব্যতিক্ৰমী ক্ৰীড়া শৈলীৰে উজ্বলি উঠিল গুৰু-শিষ্য৷ পানীত উপঙি একেৰাহে ৩০ ঘণ্টা ধৰি যোগাসন কৰি অভিলেখ গঢ়িলে গুৰু বাবুল গুৰুং আৰু শিষ্য কুলদ্বীপ শইকীয়াই৷ সন্তৰণবিদ তথা সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কুলদ্বীপ শইকীয়াই সোমবাৰে পুৱা দহ বজাৰ পৰা গুৱাহাটীৰ সৰুসজাইৰ ছুইমিং পুলত আৰম্ভ কৰে যোগাসন৷ দুয়োজন গুৰু-শিষ্যই সোমবাৰৰ পুৱা দহ বজাৰ পৰা মঙলবাৰৰ বিয়লি ৪ বজালৈ পানীত উপঙি যোগাসন কৰি অভিলেখ ৰচনা কৰে৷ গুৰু-শিষ্যই এই যোগাসনৰ জৰিয়তে আছাম বুক অৱ ৰেকৰ্ডছত স্থান পায়৷  আনহাতে বাবুল গুৰুং আৰু কুলদ্বীপ শইকীয়াই এছিয়ান বুক অৱ ৰেকৰ্ডছ, লিমকা বুক অৱ ৰেকৰ্ডছ আৰু ইউনিভাৰ্ছেল বুক অৱ ৰেকৰ্ডছৰ বাবে আবেদন কৰিব বুলিও জানিবলৈ দিছে৷ গুৱাহাটী সৰুসজাইৰ ড॰ জাকিৰ হুছেইন সাঁতোৰ প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ বাবুল গুৰুঙে শিষ্য কুলদ্বীপৰ সৈতে ৩০ ঘণ্টা পানীত উপঙি যোগাসন কৰা কাৰ্যক অভূতপূৰ্ব বুলি অভিহিত কৰিছে ক্ৰীড়াপ্ৰেমীয়ে৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও বাবুল গুৰুঙে ১০ বছৰীয়া শিষ্য কস্তুৰী গগৈৰ সৈতে ভাৰত মহাসাগৰত সাঁতুৰি ৰেকৰ্ড গঢ়িছিল৷ অসমৰ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙৰ সৈতে শ্ৰীলংকাৰ মানাৰ দ্বীপৰ পৰা চলিত বৰ্ষৰ ২৯ মাৰ্চৰ পুৱা ১ বজাত সাঁতোৰ আৰম্ভ কৰি ৩০ মাৰ্চৰ বিয়লি ২.৫০ বজাত তামিলনাডুৰ আৰ্চুল মুলাইত উপস্থিত হৈছিল কস্তৰী গগৈ৷ মুঠ ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সাঁতোৰ বাবুল গুৰুঙে ১৩ ঘণ্টা ৫০ মিনিটত সম্পন্ন কৰাৰ বিপৰীতে কস্তুৰী গগৈক ৪ মিনিট বেছি সময় লাগিছিল৷ সাঁতুৰি থকাৰ সময়ত দুয়োজনে সাগৰত শক্তিশালী ঢৌ, জেলী ফিচৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ লক্ষণীয়ভাৱে এতিয়ালৈ কোনো দহ বছৰীয়া কন্যাই এই দুঃসাহসিক সাঁতোৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই৷ কস্তুৰীয়ে এই সফলতাৰ জৰিয়তে গিনীজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷