Logo
image

ইতিমধ্যেই উপস্থিত হ’লহি ২০ হাজাৰ ভক্ত

বান, ক’ভিডৰ মাজতে আজি অম্বুবাচী আৰম্ভ

আমাৰ অসম, ২২ জুনঃ অসমকে ধৰি দেশত ক’ভিড পৰিস্থিতি উন্নত হ’লেও ক’ভিডৰ ভয়াবহতা এতিয়াও আঁতৰ হোৱা নাই৷ আনকি বিগত এটা সপ্তাহত চুবুৰীয়া ৰাজ্য পশ্চিমবংগকে ধৰি মহাৰাষ্ট্ৰত কেবাহাজাৰ ক’ভিড ৰোগী নতুনকৈ চিনাক্ত হোৱাৰ পাছত বহু চিকিৎসা বিশেষজ্ঞয়ো দেশত ক’ভিডৰ চতুৰ্থটো ঢৌ অহাৰ আশংকা ব্যক্ত কৰিছে৷ ইফালে বিগত প্ৰায় ডেৰ সপ্তাহৰো অধিক দিন ধৰি অসমকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপনৈৰ পানী বিপদসীমাৰ ওপৰৰে বৈ থকাৰ লগতে বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ মাজতে  ২২ জুনৰ পৰা নীলাচল পাহাৰৰ শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা মন্দিৰ চৌহদত অনুষ্ঠিত হ’ব অম্বুবাচী৷ ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগকে ধৰি কেবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি, প্ৰতিকূল বতৰ, বান আৰু ভূমিস্খলন, নিৰ্মাণৰত অৱস্থাত থকা মালিগাঁও-কামাখ্যাগেট সংযোগী উৰণীয়া সেতুৰ বাবে এইবেলি অম্বুবাচী অনুষ্টপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে ক’ভিডৰ দুবছৰৰ দৰে এইবেলিও কেবল ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে অম্বুবাচী অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ আহ্বান, গুৰুত্বক নেওচা দি এইবেলি ক’ভিডৰ পূৰ্বৰ বছৰৰ দৰে মহা ধুমধামৰে অম্বুবাচী অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে৷ অম্বুবাচীৰ কাৰ্যসূচীৰ পৰা কেবল বাতিল কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান, উদ্বোধনী অনুষ্ঠান আৰু মন্দিৰৰ চৌহদত ভক্তৰ থকা-খোৱাৰ ব্যৱস্থা৷ তাৰ বাহিৰে বাকীখিনি সামগ্ৰিকভাৱে একেই আছে৷ ইতিমধ্যে বাহিৰৰ পৰা অহা ভক্তৰ বাবে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদ, কামাখ্যা ৰে’ল ষ্টেছন চৌহদ আৰু ব্ৰহ্মপুত্ৰৰ পাণ্ডু নদী বন্দৰ ঘাটত এটাকৈ মুঠ তিনিটা শিবিৰ স্থাপন কৰা হৈছে৷ য’ত প্ৰায় ৩০ হাজাৰ ভক্তই থাকিব পাৰিব৷ তিনিওটা শিবিৰৰ পৰা মন্দিৰৰ নামনি লৈ অসম পৰ্যটন উন্নয়ন নিগমে অসম ৰাজ্যিক পৰিবহণ নিগমৰ জৰিয়তে ভক্তক অনা-নিয়া কৰিবৰ বাবে ৮০ খন বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিছে৷ তেনেদৰে কামাখ্যাৰ নামনিৰ পৰা মন্দিৰ চৌহদলৈ দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ অহা-যোৱাৰ বাবে ৮ খন ইলেক্ট্ৰনিক বাছ তথা ফেৰী সেৱাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য এইবেলি দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে বাকী সকলো ভক্তই অম্বুবাচীৰ কেইদিনত মন্দিৰলৈ খোজকাঢ়ি অহা যোৱা কৰিব লাগিব৷ ইতিমধ্যে তিনিওটা শিবিৰত ভক্তই ভীৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰায় ২০ হাজাৰ ভক্তৰ মন্দিৰ আৰু শিবিৰত সমাগম হোৱা বুলি জানিব পৰা গৈছে৷ কামাখ্যা বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়া মতে মন্দিৰ চৌহদত মঙলবাৰে অৰ্থাৎ অম্বুবাচীৰ আগদিনা কেবাহাজাৰ ভক্তই ভীৰ কৰিছে৷ কিন্তু ক’ভিডৰ পূৰ্বৰ ২০১৯ চনত অম্বুবাচীৰ আগদিনা যিমান ভক্তৰ সমাগম হৈছিল তাৰ তুলনাত এইবেলি মন্দিৰ চৌহদত ভক্তৰ সংখ্যা বহু কম৷ অৱশ্যে সোমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাই অম্বুবাচীৰ কেইদিনত প্ৰায় ১০ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে৷ উপায়ুক্তৰ সম্ভাৱনা যদি বাস্তৱত পৰিণত হয় আৰু মুখ্যমন্ত্ৰীয়ে আশংকা ধৰণে যদি অম্বুবাচীৰ সময়ত পুনৰ বৰষুণ, ভূমিস্খলন হয় তেন্তে অম্বুবাচী কেন্দ্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাটো নিশ্চিত৷ ইফালে এনে পৰিস্থিতিৰ মাজতে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মঙলবাৰে কামাখ্যা ৰে’ল ষ্টেচন চৌহদৰ শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তৰ বিশেষ বাছ সেৱা পতাকা জোকাৰি শুভাৰম্ভ কৰে৷ এই বিশেষ বাছ সেৱা তিনিওটা শিবিৰৰ পৰা ২২-চ্ছ জুনলৈ চলাচল কৰিব৷ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহাপ্ৰৱন্ধক বিজু ডেকাকে ধৰি বিভিন্ন বিভাগৰ কেবাজনো বিষয়া উপস্থিত থাকে৷ ইফালে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দিনৰ ভাগত মন্দিৰ চৌহদত উপস্থিত হৈ অম্বুবাচীৰ প্ৰস্তুতিৰ বুজ লয়৷ মন্ত্ৰী বৰুৱাই মন্দিৰ চৌহদত বৰদেউৰী সমাজ, অম্বুবাচী মেলা পৰিচালনা কমিটী, কামৰূপ মহানগৰ জিলা প্ৰশাসন, গুৱাহাটী মহানগৰ আৰক্ষীকে ধৰি অম্বুবাচীৰ লগত জড়িত বিভিন্ন বিভাগ, কতৃৰ্পক্ষৰ সৈতে যৌথভাৱে বৈঠকত মিলিত হয়৷ বৈঠকত আগন্তুক অম্বুবাচী যাতে সূচাৰুৰূপে সম্পন্ন হয় তাৰ ওপৰত পৰ্যালোচনা কৰা হয়৷ লক্ষণীয় বিষয়টো হ’ল ইতিমধ্যে সমবেত হোৱা প্ৰায় ২০ হাজাৰ ভক্তৰ সৰহখিনিয়ে আহিছে পশ্চিমবংগৰ পৰা৷ তেনেদৰে অহা দুই-তিনি দিনতো পশ্চিমবংগৰ পৰা বহু ভক্ত আহিব৷ কিন্তু পশ্চিমবংগত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা আৰু অম্বুবাচীত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা নথকা বিষয়টোৱে সচেতন লোকসকলক চিন্তিত কৰি তুলিছে৷ ইফালে কামাখ্যা মন্দিৰ চৌহদত সমবেত হোৱা ভক্তসকলে নানা অংগী-ভংগী, বেশ-বেশাৰে দেবীক আৰাধনা কৰা পৰিলক্ষিত হৈছে৷