Logo
image

অইল ইণ্ডিয়াৰ গুৱাহাটী কাৰ্যালয়ৰ আধাৰশিলা

আমাৰ অসম,২৩ জুনঃ মহানগৰীৰ বামুণীমৈদামত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অইলৰ প্ৰতিষ্ঠান দুটাৰ আধাৰশিলা স্থাপন কৰে৷ এই উদ্দেশ্য অইলে বামুণীমৈদামত আয়োজন কৰা এটা অনুষ্ঠানত আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটীত অইল ইণ্ডিয়াৰ এটা কাৰ্যালয়ৰ বহু দিনৰ পৰা প্ৰয়োজন আছিল৷ সেয়েহে চৰকাৰে কাৰ্যালয়টো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টন দিছে৷ কাৰ্যালয়টোৰ লগতে দক্ষতা বিকাশ প্ৰতিষ্ঠানটো নিৰ্মাণ কৰোঁতে প্ৰায় ২০০ কোটি টকা ব্যয় হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়– আজি এটা শুভ দিন৷ আজি সপোনক বাস্তৱত ৰূপ দিবলৈ লোৱা হৈছে৷ আধাৰশিলা স্থাপন অনুষ্ঠানতে অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য পৰিচালন সঞ্চালৰক সুশীল মিশ্ৰইমুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ চেক প্ৰদান কৰে৷ উল্লেখ্য,১০ মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰোঁতে ৩ বছৰ সময়ৰ প্ৰয়োজন হ’ব৷ অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় মহানগৰীৰ নাৰেংগীত থকাৰ লগতে বামুণীমৈদামত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত পৰিসৰ বৃদ্ধি পাব বুলি সদৰি কৰিছে৷ তদুপৰি দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব৷ পাঁচ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া দক্ষতা বিকাশ প্ৰতিষ্ঠানখনে প্ৰধানমন্ত্ৰীৰ ‘স্কিল ইণ্ডিয়া’ৰ সপোনক বাস্তৱায়িত কৰিব বুলিও আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে৷