Logo
image

বৰাক বিপৰ্যস্ত

আমাৰ অসম, ২৩জুনঃ বৰাকৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ বৰাক নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ শিলচৰ চহৰখনকে এসপ্তাহ ধৰি বুৰাই ৰাখিছে৷ কাছাৰ জিলাত বানৰ প্ৰকোপ অলপো হ্ৰাস নোপোৱাত শিলচৰ চহৰত ঠায়ে ঠায়ে নাগৰিকৰ বাসগৃহৰ দুমহল পৰ্যন্ত পানী উঠা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্তক উদ্ধাৰৰ বাবে এছডিআৰএফৰ লগতে এনডিআৰএফৰ ১০৫ জনীয়া দল মোতায়ন কৰিছে যদিও বহু লোকৰ ঘৰৰ চাদ-টিঙৰ মুধচতে দিন ৰাতি পাৰ কৰা দেখা গৈছে৷ বিশেষকৈ ৰুগীয়া তথা বয়সস্থ লোকসকলে ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হৈছে৷ চহৰখনৰ দোকান-বজাৰ পানীত বুৰ গৈ থকাত খাদ্য-সামগ্ৰীৰ নাটনিয়ে চূড়ান্ত ৰূপ লৈছে৷ এবটল খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰিব লগা হোৱাত প্ৰশাসন অসহায় হৈ পৰিছে৷ ইফালে, হাস্পতালসমূহো পানীত বুৰ যোৱাত চিকিৎসা বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ শিলচৰত মৃতদেহ সৎকাৰ কৰিবলৈও ঠাইৰ অভাৱে দেখা দিছে৷ ফলত বুধবাৰে এজন বৃদ্ধৰ মৃত্যু হোৱাৰ পাছতেই সৎকাৰৰ বাবে ঠাই বিচাৰি নাপাই মৃতদেহটো এখন নাৱত তুলি আৰক্ষীক চমজাই দিয়ে পৰিয়ালৰ লোকে৷ বুধবাৰে কলৰ ভূৰত এজন অসুস্থ ৰোগীক লৈ চিকিৎসাৰ বাবে আত্মীয়ই চহৰৰ মাজমজিয়াত অসহায়ভাৱে ঘূৰি ফুৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ বুধবাৰে শিলচৰৰ ইটাখোলাৰ স্বামীজী ৰোডত সুনীল দেৱনাথ [৫১] নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফৰ দলে৷ ইফালে, কৰিমগঞ্জতো বানে ভয়ংকৰ ৰূপ লৈছে৷ কৰিমগঞ্জৰ অন্নপূৰ্ণা ঘাটত জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ জিলাখনৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে৷ আনকি প্ৰশাসনে শিক্ষানুষ্ঠানত স্থাপন কৰা আশ্ৰয় শিবিৰো বানত একাকাৰ হৈ পৰিছে৷ বাংলাদেশ সীমান্তৰ বহু বিঅ’পি পানীত বুৰ গৈছে৷ জিলাখনৰ লংগাই আৰক্ষী চকী বৰ্তমান পানীৰ মাজত৷ বদৰপুৰত বাঢ়নী পানীয়ে এটা মথাউৰিৰ ২০ মিটাৰপৰ্যন্ত ছিঙি নিয়াত হাহাকাৰ লাগিছে বানাক্ৰান্তৰ৷ এনে প্ৰেক্ষাপটত বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে কাইলৈ বৰাকত উপস্থিত হ’ব মুখ্যমন্ত্ৰী৷ ইফালে, ক্ৰমাৎ জটিল হৈ পৰিছে হাইলাকান্দি জিলাৰ বান পৰিস্থিতি৷ বলিয়া বানে জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰণ কৰিছে কালৰূপ৷ হাইলাকান্দি জিলাত প্ৰলয়ংকৰী বানে আটাইতকৈ অধিক প্লাৱিত কৰিছে আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল৷ আলগাপুৰ সমষ্টিৰ মাজেৰে যোৱা ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৭ ঠাইত বানপানীয়ে ঘাইপথ প্লাৱিত কৰাৰ ফলত বন্ধ কৰি দিয়া হৈছে যান-বাহনৰ চলাচল৷ বিদ্যালয়, হাস্পতাল সকলোতে মাথোঁ পানী আৰু পানী৷ আলগাপুৰ সমষ্টিৰ কালীনগৰ এলেকাত থকা সৰোজিনী অসামৰিক হাস্পতালত সম্পূৰ্ণৰূপে বুৰ গৈছে পানীৰ তলত৷ হাস্পতালখনৰ ভিতৰেৰে এতিয়া বৈছে বৰাক নৈৰ বাঢ়নী পানী৷ এনে অৱস্থাত হাস্পতাল গৃহ এৰি পথৰ ওপৰতে ৰোগীৰ চিকিৎসা কৰিবলগীয়া হৈছে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে৷ ঘাইপথৰ কাষতে থকা এক ওখ ঠাইৰ দোকানৰ বাৰাণ্ডাত ৰোগীক সেৱা আগবঢ়াইছে চিকিৎসা কৰ্মীসকলে৷ গুৰুতৰভাৱে অসুস্থ হোৱা ৰোগীসকলক এম্বুলেন্সৰ জৰিয়তে অন্য ঠাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷

শিলচৰত অভাৱনীয় পৰিস্থিতি

আমাৰ অসমঃ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বৃহস্পতিবাৰ দিনৰ ১১ বজাত শিলচৰত উপস্থিত হ’ব৷  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনতে শিলচৰৰ উপায়ুক্ত কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব৷ পাছত শিলচৰৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিব তেওঁ৷ ইপিনে কাছাৰত বানপীড়িতসকলৰ মাজত চৰকাৰী বান সামগ্ৰী আৱণ্টন আৰম্ভ হৈছে৷ বানপীড়িতসকলৰ বাবে অনা বান সামগ্ৰী শিলচৰ চহৰৰ ৰংপুৰ আঙ্গাৰজুৰ এলেকাত আত্মসাতৰ অভিযোগত আজি চাৰিজন ব্যক্তিক আটক কৰিছে শিলচৰ আৰক্ষীয়ে৷ খবৰ পাই ঘটনাস্থলীত আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ তদুপৰি, অভিযুক্তক উচিত শাস্তি দিয়া হ’ব বুলি ৰাইজক আশ্বস্ত কৰে তেওঁ৷ ইপিনে বৰাক নদীৰ পানী লাহে লাহে কমিছে যদিও শিলচৰ চহৰৰ সত্তৰ শতাংশ এলেকা পানীৰ তলত৷ নাগৰিকৰ খোৱাপানীসহ খাদ্যৰ অভাৱ হৈছে৷ চহৰখনৰ বেতুকান্দি খালৰ পাৰৰ বৰাক নদীৰ মথাউৰিৰ শ্লুইছ গেটৰ সমীপৰ ঠাই ৰাইজে কাটি দিয়াৰ বাবে চহৰখন বানৰ কৱলত পৰিছে বুলি জানিব পৰা যায়৷ যোৱা বাৰিষাৰ সময়ত চহৰখনৰ পৰা পানী ওলাই যোৱাৰ বাবে ৰাইজে মথাউৰি কাটি দিছিল৷ কিন্তু পাছলৈ নদীৰ পানী বাঢ়ি যোৱা উক্ত ঠাইৰে পানী প্ৰৱেশ কৰি শিলচৰ চহৰ ডুবাই পেলোৱাত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷