Logo
image

এইবাৰ নবীন নগৰত হ্ৰদ নিৰ্মাণ ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ অভিনৱ কৌশল

আমাৰ অসম, ২৩ জুনঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা  দীৰ্ঘদিনীয়া চিৰপৰিচিত  এটা সমস্যা৷ গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ৰাজনৈতিক দলে প্ৰতিবাৰেই চৰকাৰ গঠন কৰি আহিছে৷ ইখনৰ পাছত সিখন চৰকাৰ আহিছে যদিও নিৰ্বাচনত নেতাই দিয়া প্ৰতিশ্ৰুতি পূৰণহে হোৱা নাই গুৱাহাটী মহানগৰীত৷ এক কথাত প্ৰতি বছৰেই অনিল নগৰ, নবীন নগৰবাসীয়ে কৃত্ৰিম বানত জলাকলা খাবলগীয়া হৈ আহিছে৷ আনকি শেহতীয়াকৈ অনিল নগৰ-নবীন নগৰৰ উপৰি গুৱাহাটীৰ আন আন স্থানতো কৃত্ৰিম বানে ভয়াবহ ৰূপ লৈছে৷ অৱশ্যে এইবাৰ গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে অভিনৱ চিন্তা কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে নবীন নগৰত ১০-১৫ বিঘা মাটিত বৃহৎ হ্ৰদ খন্দাৰ পৰিকল্পনা কৰিছে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই নিজ মুখে নবীন নগৰত বৃহৎ হ্ৰদ খান্দি বান সমস্যা সমাধানৰ পৰিকল্পনাৰ কথা ৰাজহুৱা কৰিছে৷ নবীন নগৰত ভূমি অধিগ্ৰহণৰ জৰিয়তে স্থানীয় বাসিন্দাক  উচ্ছেদ চলাই ১০-১৫ বিঘা এলেকা সামৰি হ্ৰদ খন্দাৰ অভিনৱ চিন্তা কৰিলেও মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সহজভাৱে লোৱা নাই গুৱাবাটীবাসীয়ে৷ কৃত্ৰিম বান সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যৰ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশই মুখ্যমন্ত্ৰীয়ে সৎ সদিচ্ছাৰে এই মন্তব্য কৰিছে নে, নে সস্তীয়া প্ৰচাৰ বিচাৰি এনে অভূতপূৰ্ব ঘোষণা কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে৷ কিয়নো বিগত সময়চোৱাত বিজেপি নেতা-মন্ত্ৰীসকলে কেতবোৰ উদ্ভট পৰিকল্পনাৰ কথা ঘোষণা কৰি আহিছে যদিও বাস্তৱত এটাও কাৰ্যকৰী হোৱা নাই৷ তেনে উদ্ভট ঘোষণাৰ দৰেই গুৱাহাটী বান সমস্যা সমাধানৰ বাবে মহানগৰীৰ মাজমজিয়াত হ্ৰদ খন্দা হ’ব বুলি কৈছে নেকি বুলিও প্ৰশ্ন উঠিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গুৱাহাটী মহানগৰ উন্নয়ন সমিতিৰ এজন জ্যেষ্ঠ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি গুৱাহাটীক বানমুক্ত কৰাৰ সদিচ্ছা আছে, তেনেহ’লে নবীন নগৰত হ্ৰদ খন্দাৰ দৰে উদ্ভট পৰিকল্পনা কথা ব্যক্ত নকৰিলেও হ’ব৷ প্ৰথমে গুৱাহাটীৰ মাজেৰে বৈ যোৱা শিল সাঁকো, বোন্দাজান, সৰুচলা, বৰচলা, বাহিনী নৈৰ লগতে ভৰলু নৈৰ অবৈধ বেদখল উচ্ছেদ কৰি খননৰ ব্যৱস্থা কৰক৷ বোন্দাজান পুতি তেওঁৰে মন্ত্ৰীসভাৰ এজন কেবিনেট মন্ত্ৰীয়ে বাসগৃহলৈ যোৱাৰ বাবে নিৰ্মাণ কৰা বৃহৎ পথটো উচ্ছেদ কৰিলেই গুৱাহাটীৰ কৃত্ৰিম বান  বহুখিনি নোহোৱা হৈ পৰিব৷ ইয়াৰ বাবে নবীন নগৰবাসীক উচ্ছেদ কৰি হ্ৰদ নাখান্দিলেও হ’ব৷ উল্লেখ্য যে বিগত সময়ছোৱাত বিজেপি চৰকাৰে মেট্ৰ’ ৰে’ল, টুইন টাৱাৰ নিৰ্মাণ, ব্ৰহ্মপুত্ৰত সাগৰীয় হেলিকপ্টাৰ চলোৱা, ব্ৰহ্মপুত্ৰৰ পাৰত এক্সপ্ৰেছ হাইৱে আৰু পুখুৰী খন্দাৰ লগতে ব্ৰহ্মপুত্ৰৰ তলৰে সুৰংগ পথ নিৰ্মাণৰ দৰে একাধিক প্ৰকল্প ঘোষণা কৰিছিল যদিও আজিলৈকে কোনো এটা প্ৰকল্পই আগনাবাঢ়িল৷ ঠিক সেইদৰে গুৱাহাটীবাসীক ক্ষন্তেকীয়া আশা দেখুৱাৰ নামত নবীন নগৰবাসীক উচ্ছেদ কৰি হ্ৰদ খন্দাৰ কথা ঘোষণা কৰিছে নেকি বুলিও বিভিন্নজনে সন্দেহ প্ৰকাশ কৰা দেখা গৈছে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়–মহানগৰীৰ নবীন নগৰত যদি ১০ বিঘা মাটি অধিগ্ৰহণ কৰি হ্ৰদ এটা নিৰ্মাণ কৰিব পাৰি তেনেহ’লে কৃত্ৰিম বানৰ সমস্যা সমাধান হৈ যাব৷ কি পদক্ষেপ গ্ৰহণ কৰিলে কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব সেয়া সকলোৱে জানে৷ কিন্তু সমাধান কৰিবলৈ আমাৰ সাহস নাই৷ এইবাৰ প্ৰচেষ্টা কৰিম নবীন নগৰৰ মাটিৰ মালিকক পইচা দি ভূমি অধিগ্ৰহণেৰে হ্ৰদ এটা খান্দিব পাৰি নেকি? মই যেতিয়া সৰুতে গুৱাহাটীলৈ আহিছিলো, তেতিয়া সেই অঞ্চলটো ধাননি পথাৰ আছিল৷ আজি তাত মানুহ আহিছে৷ হ্ৰদ খন্দাত অসুবিধা একো নাই৷ ৰাইজে সহযোগ কৰক আৰু আমি মাটিৰ উপযুক্ত ক্ষতিপূৰণ দিম৷ ১০-১৫ বিঘাৰ যদি হ্ৰদ এটা বনাই ল’ব পাৰো, তেনেহ’লে সমস্ত পানী তাতে জমা হ’ব৷ সমস্যা সমাধান হৈ যাব৷