Logo
image

কামাখ্যাৰ দ্বাৰ বন্ধ হ’লেও নাগপুৰীয়া বাবাৰ বাবে আজমলৰ দুৱাৰ খোলা

আমাৰ অসম, ২৩ জুনঃ অম্বুবাচীৰ বাবে শক্তিপীঠ কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ৷ কামাখ্যাৰ দ্বাৰ বন্ধ হ’লেও নাগপুৰীয়া বাবাৰ বাবে আজমলৰ দুৱাৰ খোলা৷ আজমলৰ আমন্ত্ৰণ অবিহনে সাংসদ বদৰুদ্দিন আজমলৰ চ’ৰাঘৰত হঠাৎ উপস্থিত হয় এজন নাগপুৰীয়া বাবা৷ দিনৰ প্ৰায় ১২ বজাত আজমলৰ চ’ৰাঘৰত প্ৰৱেশ কৰে বাবাজনে৷ আনকি আজমলৰ চ’ৰাঘৰত প্ৰৱেশ কৰিবলৈ প্ৰায় ডেৰ ঘণ্টা সময় বাহিৰত অপেক্ষা কৰিবলগীয়া হয়৷ অৰ্থাৎ বদৰুদ্দিন আজমলৰ সাক্ষাৎ পাবৰ বাবে  প্ৰায় ১০.৩০ বজাতে দিছপুৰৰ বিধায়ক আবাসত উপস্থিত হৈছিল বাবাজন৷ বিধায়ক আবাসৰ ‘বি-৬’ অত বুধবাৰে পুৱাৰ পৰাই বাহৰপাতি আছিল সাংসদ আজমল৷ এজন বিশেষভাৱে সক্ষম ব্যক্তিক সাহায্য প্ৰদান কৰিবলৈ বিধায়ক আবাসটোত বাহৰ পাতিছিল সাংসদ আজমলে৷ এই কথা অবগত হৈ কামাখ্যা দৰ্শনলৈ অহা নাগপুৰীয়া বাবাজনে সাক্ষাৎ কৰে ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলক৷ প্ৰায় আধা ঘণ্টা সময় ধৰি বাবাজনৰ সৈতে মত বিনিময় কৰে আজমলে৷ ইফালে বিশেষভাৱে সক্ষম আব্দুল আজিজক সাহায্য প্ৰদানৰ পাছত আজমলে সংবাদ মাধ্যমৰ আগত কয়–গুজৰাটত আকাশ ডাৱৰীয়া হ’লেই কেন্দ্ৰই ৫০০-১০০০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে৷ কিন্তু অসমত বানে ভয়ংকৰ ধাৰণ কৰাৰ পাছতো অসমলৈ মনত নকৰে দিল্লীয়ে৷ ৰাইজক দেখুৱাই উপায়ুক্তক গালি দিলে বন্যাৰ্তই সকাহ নাপায়৷ ৰাজ্যবাসী বানত ককবকাই থকাৰ সময়ত মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভা ভঙা পটাৰ ৰাজনীতিত জড়িত হোৱাটো দুৰ্ভাগ্যজনক৷ এনে এজন মুখ্যমন্ত্ৰীৰ ওচৰত ৰাজ্যবাসীৰ ভৱিষ্যত সুৰক্ষিত নহয়৷ নিৰ্বাচনৰ সময়ত সপ্তাহত দুই-তিনিবাৰ অসমলৈ অহা প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী বানৰ সময়ত কিয় নাহে? কেৱল ফোন বা টুইটক লৈ ৰাজ্যবাসী সন্তুষ্ট নহয়৷ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক মূল ইচ্ছুৰ পৰা দৃষ্টি আঁতৰ কৰাবলৈ মহাৰাষ্ট˜ৰ বিধায়কসকলক লৈ আহিছে৷ শাসকীয় দলটোৰ কোনো বিধায়ক-সাংসদ বন্যাৰ্তৰ কাষলৈ যোৱা নাই৷ এই বিপদৰ সময়ত যদি তেওঁলোক বন্যাৰ্তৰ কাষলৈ নাযায় কেতিয়া যাব? উল্লেখ্য, কিছুদিন পূৰ্বে বঙাইগাঁৱত জলবন্দী হৈ থকা এগৰাকী বৃদ্ধাক নিৰাপদ স্থানলৈ লৈ আহিছিল বিশেষভাৱে সক্ষম ব্যক্তি আব্দুল আজিজে৷ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পাছতে আজমল ফাউণ্ডেশ্বনে তেওঁক চিকিৎসাৰ বাবে ২ লাখ টকাৰ সাহায্য দিয়ে৷

কামাখ্যাত আৰম্ভ অম্বুবাচী

‘আমাৰ অসমঃ মঙলবাৰে মাজনিশাৰে পৰা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে গুৱাহাটী অভিকেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ মাজতে শক্তিপীঠ শ্ৰীশ্ৰীকামাখ্যা দেৱালয় চৌহদত বুধবাৰৰ পৰা কামাখ্যাৰ পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হৈছে অম্বুবাচী৷ অৱশ্যে ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি, প্ৰতিকূল বতৰ, বান আৰু ভূমিস্খলন, নিৰ্মাণৰত অৱস্থাত থকা মালিগাঁও-কামাখ্যাগেট সংযোগী উৰণীয়া সেতুৰ বাবে এইবেলি অম্বুবাচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সকলোপক্ষকে আহ্বান জনাইছিল৷  কিন্তু সেই আহ৩ানক উপেক্ষা কৰি অম্বুবাচীক লৈ উদুলি-মুদুলি হৈ পৰিছে কামাখ্যা দেৱালয় চৌহদ৷  ইতিমধ্যে মঙলবাৰে অম্বুবাচী উপলক্ষে গুৱাহাটীত তিনিটা স্থান ক্ৰমে- ফাঁচিবজাৰৰ পুৰণি কাৰাগাৰ চৌহদ, কামাখ্যা ৰে’ল ষ্টেচন চৌহদ আৰু পাণ্ডুৰ নদী বন্দৰ ঘাটত তিনিটা শিবিৰ, ভূতনাথ মুক্তিধামৰ সমীপত এন জি অ’ৰ উদ্যোগত স্থাপন কৰা শিবিৰত প্ৰায় ২০ হাজাৰ ভক্তৰ সমাগম ঘটিছে৷ আনহাতে, বুধবাৰেও অম্বুবাচীৰ প্ৰথম দিনাও বহিঃ ৰাজ্যৰ পৰা আহিছে প্ৰায় ২০ হাজাৰ ভক্ত৷  ইফালে বুধবাৰে নিশা ৮ বাজি ১৮ মিনিট আৰু ১৮ ছেকেণ্ডত প্ৰবৃত্তি সম্পন্ন হোৱাৰ পাছত কামাখ্যাৰ ৰীতি-নীতি, পৰম্পৰাৰে আৰম্ভ হয় অম্বুবাচী৷  ইয়াৰ পূৰ্বে সন্ধিয়া যাৱতীয় পূজা-অৰ্চনা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়৷  তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ হৈ থকাৰ পাছত ২৪ জুনৰ পুৱা নিবৃত্তি আৰম্ভ হ’ব আৰু কামাখ্যাৰ ৰীতি-নীতিৰে নিত্য পূজা সমাপন কৰাৰ পাছত ভক্তৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ খোলা হ’ব৷ আনহাতে, কামাখ্যা বৰদেউৰী সমাজৰ বৰদেউৰী কবিন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰুদলৈ হিমাদ্ৰি শৰ্মাই জানিবলৈ দিয়া মতে, ক’ভিডৰ পাছত দুবছৰৰ বিৰতিৰ অন্তত এইবেলি অম্বুবাচী আৰম্ভ হৈছে৷ কিন্তু ক’ভিডৰ পূৰ্বৰ বছৰৰ তুলনাত এইবেলি ভক্তৰ সংখ্যা বহু কম৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে ক’ভিডৰ দুবছৰৰ দৰে এইবেলিও কেৱল ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে অম্বুবাচী অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷  যাৰ বাবে প্ৰথমবাৰৰ বাবে কামাখ্যা দেৱালয় চৌহদকে ধৰি নীলাচল পাহাৰত ভক্তৰ বাবে কোনোধৰণৰ থকা-খোৱাৰ ব্যৱস্থা ৰখা হোৱা নাই৷ অম্বুবাচীৰ কাৰ্যসূচীৰ পৰা বাতিল কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান, উদ্বোধনী অনুষ্ঠান৷  ইতিমধ্যে বাহিৰৰ পৰা অহা ভক্তৰ বাবে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদ, কামাখ্যা ৰে’ল ষ্টেচন চৌহদ আৰু ব্ৰহ্মপুত্ৰৰ পাণ্ডু নদী বন্দৰ ঘাটত এটাকৈ মুঠ তিনিটা শিবিৰ স্থাপন কৰা হৈছে৷ য’ত প্ৰায় ৩০ হাজাৰ ভক্তৰ থকাৰ ব্যৱস্থা কৰা হৈছে৷ তিনিওটা শিবিৰৰ পৰা মন্দিৰৰ নামনিলৈ অসম পৰ্যটন উন্নয়ন নিগমে অসম ৰাজ্যিক পৰিবহণ নিগমৰ জৰিয়তে ভক্তক অনা-নিয়া কৰিবৰ বাবে ৮০খন বিনামূলীয়া বাছৰ ব্যৱস্থা কৰা হৈছে৷ তেনেদৰে কামাখ্যাৰ নামনিৰ পৰা মন্দিৰ চৌহদলৈ দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ অহা-যোৱাৰ বাবে ৮ খন ইলেক্ট্ৰনিক বাছ তথা ফেৰী সেৱাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য, এইবেলি দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে বাকী সকলো ভক্তই অম্বুবাচীৰ কেইদিনত মন্দিৰলৈ খোজকাঢ়ি অহা-যোৱা কৰিব৷  লক্ষণীয় বিষয়টো হ’ল ইতিমধ্যে সমবেত হোৱা প্ৰায় ৪০ হাজাৰ ভক্তৰ সৰহখিনিয়ে আহিছে পশ্চিম বংগৰ পৰা৷ তেনেদৰে অহা দুই-তিনি দিনতো পশ্চিম বংগৰ পৰা বহু ভক্ত আহিব৷ কিন্তু পশ্চিম বংগত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা আৰু অম্বুবাচীত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা নথকা বিষয়টোৱে সচেতন লোকসকলক চিন্তিত কৰি তুলিছে৷ ইফালে কামাখ্যা মন্দিৰ চৌহদত সমবেত হোৱা ভক্তসকলে নানা অংগী-ভংগী, বেশ-ভূষাৰে দেবীক আৰাধনা কৰা পৰিলক্ষিত হৈছে৷ আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অম্বুবাচী যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

২৫ জুনলৈ বন্ধ থাকিব শ্ৰীবালাজী মন্দিৰ

আমাৰ অসমঃ অম্বুবাচী উপলক্ষে গুৱাহাটীৰ বেতকুচিস্থিত শ্ৰীবালাজী মন্দিৰ বৃহস্পতিবাৰৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব৷ দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দ্বাৰ ২৪ জুনৰ পুৱা ৮.৩০ বজাত মুকলি কৰি দিয়া হ’ব বুলি পূৰ্ব তিৰুপতি শ্ৰীবালাজী সেৱা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে৷