Logo
image

উদ্ধৱৰ পতন অভিকেন্দ্ৰ গুৱাহাটী

১০ দিনৰ পূৰ্বেই গুৱাহাটীত প্ৰস্তুতি, প্ৰকাশ পাইছিল ‘আমাৰ অসম’ত

আমাৰ অসম, ২৩ জুনঃ ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপটৰ৷ শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি নিশাটোৰ ভিতৰতে বিসম্বাদৰ সূচনা কৰা শিৱসেনাৰ আগশাৰীৰ নেতা তথা মন্ত্ৰী একনাথ সিন্দেই এতিয়া মহাৰাষ্ট্ৰ চৰকাৰলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি৷ এই বিসম্বাদৰ ফলত প্ৰায় পতন ঘটাৰ উপক্ৰম হৈছে উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰ৷ সকলোতকৈ ডাঙৰ কথাটো হৈছে ‘আমাৰ অসমে’ দহ দিন পূৰ্বে অনুমান কৰাৰ দৰেই মহাৰাষ্ট্ৰৰ প্ৰৱল প্ৰতাপী উদ্ধৱ চৰকাৰৰ পতনৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী৷ কাৰ্যতঃ দিল্লীত বিজেপিৰ বৰঘৰত ৰচিত চিত্ৰনাট্য অনুসৰিয়েই বুধবাৰে পুৱাই শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত উপস্থিত হয় ৪০ জনকৈ শিৱসেনাৰ বিধায়ক৷ চুৰাটৰ মেৰিডিয়ান হোটেলৰ পৰা এই নেতাসকলক গুৱাহাটীলৈ অনাৰ প্ৰসংগ মঙলবাৰে নিশাটোৰ পৰাই সংবাদ মাধ্যমৰ বাবে হৈ পৰে ‘টি আৰ পি’ কেক৷ একাংশ সংবাদ মাধ্যমে মঙলবাৰে মাজনিশা স্পাইচ জেটৰ বিশেষ বিমানেৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বাগী বিধায়কসলক আনি গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেল পোৱাবহি বুলি বাতৰি প্ৰকাশ কৰিছিল যদিও বুধবাৰে শেষ নিশাহে বিসম্বাদী বিধায়কসকলক লৈ বিশেষ বিমানখনে চুৰাটৰ পৰা উৰা মাৰে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ একাংশ সাংসদ মন্ত্ৰী তথা বিধায়ক মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়কসকলক আদৰিবৰ বাবে মঙলবাৰে উজাগৰি নিশা পাৰ কৰে৷ স্বয়ং মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেষ নিশা ৰেডিশ্বন ব্লু হোটেলত বাহৰ পাতি হোটেলৰ সমস্ত দিশ তদাৰক কৰাৰ লগতে পুৱা ৫.৩০ বজাত বিধায়কসকল আহি পোৱাৰ আগে আগেহে হোটেলৰ পৰা প্ৰস্তান কৰে৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিজেপিৰ সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক সুশান্ত বৰগোহাঞিয়ে একনাথ সিন্দেকে ধৰি বিধায়কসকলক বিমানবন্দৰৰ পৰা আদৰি আনে৷ ৰাজ্য চৰকাৰৰ পৰিবহণ বিজেপিৰ এছ টি চিৰ মাৰ্চিডিজ বাচত বিসম্বাদী বিধায়কসকলক নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰেডিশ্বন ব্লু হোটেললৈ অনা হয়৷ ৰেডিশ্বন ব্লু হোটেলত বিজেপি দলৰ কেইজনমান নেতাৰ বাহিৰে এতিয়া পৰুৱা এটাও সোমাব নোৱৰা পৰিৱেশ ৰচনা কৰা হৈছে৷ লক্ষণীয় যে দহ দিন পূৰ্বে ‘আমাৰ অসমত’ গুৱাহাটীৰ পৰা চৰকাৰ পতনৰ প্ৰস্তুতি সন্দৰ্ভত এক বাতৰি প্ৰকাশ পাইছিল৷ অৱশ্যে আমাৰ অসম চৰকাৰ পতন ঘটাবলৈ যোৱা ৰাজ্যখন ঝাৰখণ্ড বুলি অনুমান কৰিছিল যদিও সেয়া মুৰকত ঝাৰখণ্ডতকৈ ৰাজনৈতিক দিশত বহু গুৰুত্বপূৰ্ণ মহাৰাষ্ট্ৰহে যে হ’ব সেয়া সোমবাৰে নিশা একনাথ সিন্দেৰ নেতৃত্বত ৪০ জনকৈ বিধায়কে চুৰাটলৈ উৰা মৰাৰ পূৰ্বে কোনেও কল্পনা কৰিব পৰা নাছিল৷ লক্ষণীয় গুৱাহাটীত উপস্থিত হোৱাৰ পাছত একনাথ সিন্দেই সাংবাদিকৰ আগত দাবী কৰিলে যে তেওঁলোকহে আচল শিৱসেনা৷ দলীয় আভ্যন্তৰিন বিসম্বাদে জুৰুলা কৰা শিৱসেনাৰ প্ৰমুখ উদ্ধৱ থাকৰেই এনে সংকটাপন্ন পৰিস্থিতিৰ পৰা উপশম পাবলৈ বুধবাৰে সন্ধিয়া এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছিল যদিও গুৱাহাটীত বাহৰ পাতি থকা একনাথ সিন্দেই এই বৈঠক অবৈধ আখ্যা দিয়ে৷ সিদ্ধেই টুইটাৰত লিখে যে শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে দায়িত্ব দিয়া সুনীল প্ৰভুৰ নিযুক্তি অবৈধ৷ উল্লেখ্য বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে সিন্দেই লগতে কৈছিল যে ‘‘বালা চাহেব ঠাকৰেৰ শিৱসেনা তেওঁলোকে এৰি যোৱা নাই আৰু কেতিয়াও এৰি নাযায়৷ বালাচাহেব ঠাকৰেৰ আদৰ্শৰ পৰা দল কক্ষচ্যুত হোৱা বুলিও তেওঁ অভিযোগ কৰে৷ ইয়াৰ মাজতে উদ্ধৱ থাকৰেই একনাথ সিন্দেক মুখ্যমন্ত্ৰী হ’বলৈ প্ৰস্তাৱ দিছিল যদিও সেই প্ৰস্তাৱ সিন্দেই প্ৰত্যাখান কৰাব বুলিও জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে সিন্দেই গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপাললৈ তেওঁৰ সমৰ্থনত থকা ৩৫জন বিধায়কৰ এখন তালিকা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে বিমান বন্দৰত সাংবাদিকৰ আগত দিয়া ভাষ্যত সিন্দেই তেওঁৰ লগত গুৱাহাটীলৈ ৪০ জন বিধায়ক অহা বুলি দাবী কৰাৰ লগতে আৰু বিধায়ক গুৱাহাটীলৈ আহিব বুলি কৈছিল৷ কাকতালীয়ভাৱে বুধবাৰে সংকটমোছনৰ বাবে মহাৰাষ্ট্ৰলৈ যোৱা কংগ্ৰেছ নেতা কমল নাথে আহ্বান জনোৱা কংগ্ৰেছ বিধায়নী দলৰ বৈঠকত আঠজনকৈ বিধায়ক উপস্থিত নাছিল৷ মহাৰাষ্ট্ৰৰ বিধায়কৰ গুৱাহাটীৰ হোটেল ৰাজনীতিক লৈ অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বিজেপিৰ নেতাসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে শিৱসেনাৰ বিধায়ক গুৱাহাটীৰ হোটেললৈ অহাৰ বাবে জি এছ টি বাঢ়িব৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে অম্বুবাচী মেলা চাবলৈহে আহিছে মহাৰাষ্ট্ৰৰ শিৱসেনা বিধায়কসকলে৷ বিমান বন্দৰত শিৱসেনাৰ বিধায়কক আদৰিবলৈ শেষ নিশা বোন্দাপৰ দিয়া বিধায়ক সুশান্ত বৰগোহাইৰ মতে চিনাকি বিধায়কক মাত দিবৰ বাবেহে তেওঁ বিমান বন্দৰলৈ আহিছে৷ ইফালে, নিশা পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ শিৱসেনাৰ আৰু চাৰিজন বিধায়ক বুধবাৰে নিশা গুৱাহাটীৰ ৰেডিস্বন ব্লু হোটেল আহি পায়৷ তেওঁলোক হৈছে ক্ৰমে– চন্দ্ৰকান্ত পাটিল, যোগেশ কাদম, মঞ্জুলা গকিট আৰু গোলাব ৰাও পাটিল৷ বৃহস্পতিবাৰে দিনৰ ভাগত আৰু ছয়জন বিধায়ক গুৱাহাটীলৈ আহিম বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে৷ ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই নিশা মুখ্যমন্ত্ৰীৰ আসন খালী কৰা বুলিও জানিব পৰা গৈছে৷