Logo
image

মঞ্চ-পৰ্দা এৰি বন্যাৰ্তৰ কাষত অভিনেত্ৰী

আমাৰ অসম, ২৪ জুনঃ অসমৰ বান দুৰ্যোগৰ সময়ত সহায়ৰ বাবে হাত আগবঢ়াইছে বলীউডৰ একাংশ শিল্পীয়ে৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বলীউডৰ শিল্পী-কলাকুশলীয়ে আৰ্থিক বৰঙণি আগবঢ়োৱাৰ পাছত এইবাৰ অসমৰ শিল্পীসকলো যেন বাদ পৰি ৰোৱা নাই৷ অসমৰ সংগীত শিল্পীৰ পৰা অভিনয় শিল্পীলৈ বহুজনে বানপীড়িতসকলৰ কাষত থিয় দিয়া দেখা গৈছে৷ অসমৰ শিল্পীসকলে বান বিধবস্ত অঞ্চলত ৰাইজৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰিছে৷ অভিনেত্ৰী বৰষাৰাণী বিষয়া, প্ৰস্তুতি পৰাশৰ, আইমী বৰুৱা আৰু কণ্ঠশিল্পী দীপলিনা ডেকা, সীমান্ত শেখৰকো সাহায্য বিতৰণ কৰা দেখা গৈছে৷ ২০ জুনত অভিনেত্ৰী বৰষাৰাণীয়ে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা পাঁচ শতাধিক পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ কৰে৷ একেটা দিনতে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও পাঠশালা, সৰুপেটা, ভৱানীপুৰকে ধৰি বানে তাণ্ডৱ চলোৱা পাঁচটা স্থানৰ দুৰ্ভগীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ বানপীড়িতসকলৰ সহায় কৰাত ৰৈ থকা নাই জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা৷ দীপলিনা ডেকায়ো ৰঙিয়াৰ বালাগাঁও, ইউচুফ নগৰ, শান্তিপুৰ আদি স্থানত স্বেচ্ছাসেৱী সংগঠন উদয়ন সংঘৰ সহযোগত দুই শতাধিক বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ ইফালে, অভিনেত্ৰী আইমী বৰুৱায়ো বৃহস্পতিবাৰে জাগীৰোডত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে৷ অভিনেত্ৰীগৰাকীয়ে জাগীৰোডৰ বৰখাল আৰু পলাশগুৰিৰ লগতে ধৰমতুল বিষ্ণু মন্দিৰৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ আনহাতে, গায়ক তথা বিজেপি নেতা সীমান্ত শেখৰে বুধবাৰে নলবাৰীত বানাক্ৰান্তৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে৷ অৱশ্যে বিজেপি নেতাজনে ভোকাতুৰ ৰাইজক সাহাৰ্যৰ নামত কেৱল এবটল পানী আৰু এপেকেট চীপ্‌ছ বিতৰণ কৰা বুলিহে ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে৷

জাগীৰোডৰ বানাক্ৰান্তৰ কাষত আইমী বৰুৱা

ৰাজ্যৰ ৩২খন জিলা আক্ৰান্ত হৈছে বানত৷ জাগীৰোড সমষ্টিতো বানাক্ৰান্ত অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে হাজাৰ হাজাৰ বানাক্ৰান্তই৷ বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বানাক্ৰান্তৰ কাষত ঠিয় দিছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা৷ আজি জাগীৰোডৰ বৰখাল আৰু পলাহগুৰিৰ আশ্ৰয় শিবিৰত থকা বানপীড়িতসকলৰ মাজত চিৰা, চেনি, বিস্কুট, খোৱাপানীৰ বটল আদি নিজাববীয়াকৈ যোগান ধৰে অভিনেত্ৰীগৰাকীয়ে৷ আনহাতে, সাংবাদিকৰে হোৱা বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে কষ্টকৰ সময়ত বানাক্ৰান্তসকলক সকাহ দিয়াৰ প্ৰয়াস কৰিছোঁ যদিও সেয়া পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি যিয়ে যেনেকৈ পাৰে তেনেকৈ বানাক্ৰান্তসকলক সহায় কৰিবলৈ আহ্বান জনায়৷

বানাক্ৰান্তৰ কাষত তেজপুৰৰ মিলিজুলি মহিলা সমিতি

বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ-প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰীকে ধৰি সাহায্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক অনুষ্ঠানেও বান আক্ৰান্তসকলৰ কাষ চাপি কিঞ্চিৎ সাহায্য সামগ্ৰী প্ৰদানেৰে সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ মাজতে কালি তেজপুৰৰ মিলি জুলি মহিলা সমিতিৰ তৰফৰ পৰা খোলাকুটি কছাৰী গাঁও অঞ্চলৰ প্ৰায় ডেৰ শতাধিক আৰু পুঠিমাৰী বাবুভেটি অঞ্চলৰ প্ৰায় শতাধিক বানপীড়িত পৰিয়ালক বিভিন্ন খাদ্যবস্তত যেনে চিৰা, চেনি, গাখীৰ, খোৱাপানী বিস্কুট আদি প্ৰদান কৰে৷  মিলিজুলি মহিলা সমিতিৰ সভানেত্ৰী  বিনু শইকীয়া আৰু সম্পাদিকা ইনু দাসৰ লগতে মিলিজুলি মহিলা সমিতিৰ সদস্যাসকলে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে পাঁচখনকৈ গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য প্ৰদান কৰি অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলক কিঞ্চিৎ সকাহ প্ৰদান কৰে৷