
কাইলৈৰ পৰা গৰম বন্ধ পৰীক্ষাসূচীক লৈ বিভ্ৰান্তি
আমাৰ অসম, ২৪ জুনঃ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতিলক্ষ্য ৰাখি এইবাৰ শিক্ষানুষ্ঠানসমূহৰ গৰমৰ বন্ধৰ সময় আগুৱাই আনিছে৷ সমাগত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ প্ৰাথমিকৰ পৰা উচ্ছতৰ মাধ্যমিক শ্ৰেণীলৈ গৰমৰ বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে৷ পূৰ্বতে পহিলা জুলাইৰ পৰা গৰমৰ বন্ধ দিয়া হৈছিল যদিও এই বানৰ বাবেই কিছু আগুৱাই দিছে গৰমৰ বন্ধৰ দিন৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৃহস্পতিবাৰে গৰমৰ বন্ধৰ দিন ঘোষণা কৰে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিক্ষামন্ত্ৰীয়ে গৰমৰ বন্ধ ঘোষণা কৰিলেও ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত ৩০ জুন পৰ্যন্ত আভ্যন্তৰীণ পৰীক্ষা অব্যাহত আছে যদিও উক্ত পৰীক্ষাৰ কথা চিন্তা নকৰি আকস্মিকভাৱে গৰমৰ বন্ধ ঘোষণা কৰাত এতিয়া শিক্ষক-অভিভাৱকসকল বিভ্ৰান্তিত পৰিছে৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে– ৰাজ্যৰ প্ৰলয়ংকাৰী বানত বহু বিদ্যালয় বৰ্তমানো বুৰ গৈ আছে৷ বানৰ বাবে জিলাভিত্তিক শিক্ষানুষ্ঠান বন্ধ ৰখাও হৈছে৷ সেয়ে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰমৰ বন্ধ৷ ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰমৰ বন্ধ৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ সকলো শিক্ষানুষ্ঠানতে গৰমৰ বন্ধ হ’ব যদিও মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী পেগুৱে৷ স্বাভাৱিকতেই এতিয়াঅভ্যন্তৰীণ পৰীক্ষা চলি থকা শিক্ষানুষ্ঠানসমূহৰ কতৃৰ্পক্ষই আকস্মিকভাৱে শিক্ষা বিভাগে গৰমৰ বন্ধ ঘোষণা কৰাক লৈ বিমোৰত পৰিছে৷ অৱশ্যে শিক্ষামন্ত্ৰীয়ে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক ২৫ জুনৰ পূৰ্বেই সকলো পৰীক্ষা সমাপ্ত কৰিবলৈ আহ্বান জনালেও শিক্ষক সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধৰ ঘোষণাৰ সন্দৰ্ভত বৃহস্পতিবাৰে মাধ্যমিক শিক্ষা বিভাগৰ সচিবে আনুষ্ঠানিক জাননী জাৰি কৰে৷ অৱশ্যে শিক্ষামন্ত্ৰীয়ে প্ৰাথমিকৰ পৰা উচ্ছতৰ মাধ্যমিক পৰ্যায়ৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানকে গৰমৰ বন্ধ দিয়াৰ বাবে আহ্বান জনালেও শিক্ষা বিভাগে জাৰি কৰা জাননীত বেচৰকাৰী বিদ্যালয়সমূহে গৰমৰ বন্ধ দিয়াৰ সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশ দিয়া নাই৷ ইফালে, মাধ্যমিক শিক্ষা বিভাগৰ সচিবে গৰম বন্ধৰ আনুষ্ঠানিক জাননী জাৰি কৰাৰ পাছ মুহূৰ্ততেই প্ৰতিখন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকে প্ৰধান শিক্ষকসকললৈ পত্ৰ প্ৰেৰণ কৰি গৰমৰ বন্ধৰ সময়ছোৱাতো দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ৰুটিনৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশনাত স্পষ্ট হৈ পৰিছে যে গৰমৰ বন্ধ দিলেও শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নিয়মীয়া পাঠদান অব্যাহত থাকিব৷ ইফালে, গুণোৎসৱৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয়– গুণোৎসৱৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে৷ বানপানী হোৱাৰ বাবে কিছুমান জিলাত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাই৷ কিন্তু, তাতো কিছুদিনৰ পাছত হ’লেও গুণোৎসৱ আৰম্ভ হ’ব৷ পূৰ্বতকৈ এইবাৰ সোনকালে হ’ব গুণোৎসৱ৷ নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰা চিন্তা-চৰ্চা কৰা হৈছে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষকক আন কামত জড়িত কৰা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়– সকলো চৰকাৰী কামেই সকলো চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগে৷ নিৰ্বাচন-অম্বুবাচী মেলাত শিক্ষক জড়িত হোৱাটো কিহৰ বাবে ইমান হাল্লা হৈছে? বহু প্ৰধান শিক্ষকে যে ঘৰত কিবা অনুষ্ঠান থাকিলেই বিদ্যালয় বন্ধ দিয়ে, সেইবোৰত কিয় হাল্লা নহয়? শিক্ষকতাৰ সমান্তৰালভাৱে এল আই চি এজেণ্ট, সাংবাদিকতা, ৰাজনীতিত জড়িত হৈ থকা শিক্ষকৰ তালিকা প্ৰস্তুত কৰা হৈ আছে৷ সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ শিক্ষা মন্ত্ৰীজনে লগতে কয়– প্ৰথম পৰ্যায়ত সকলো শিক্ষকক স্ক্ৰীনিং কৰি থকা হৈছে৷ প্ৰথম এলআইচি এজেণ্টৰ তালিকা ৰাজহুৱা হৈছে৷ আগলৈ আৰু কৰা হ’ব৷ নিয়মৰ বিৰুদ্ধে যোৱাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাৰ সূচী সলনি
ৰাজ্যত চলি থকা বান পৰিস্থিতি আৰু এইক্ষেত্ৰত কেবাখনো জিলাৰ উপায়ুক্তৰ পৰা অহা অনুৰোধৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহৰ নিয়ন্ত্ৰকৰ কাৰ্যালয়ে অহা ২৫ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া স্নাতক ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাৰ সময়সূচীৰ কিছু সালসলনি কৰিছে৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে বৃহস্পতিবাৰে জাৰি কৰা নতুন সূচী অনুসৰি এতিয়া পৰীক্ষা সমূহ এতিয়া ২৯ জুনৰ পৰা অনুষ্ঠিত হ’ব৷ উল্লেখ্য ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা ২১ জুনত বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিৰীক্ষণ কমিটীৰ অনুষ্ঠিত এখন জৰুৰী সভাত স্নাতক ষষ্ঠ ষান্মাষিকৰ পৰীক্ষা সমূহ ২৫ জুনৰ পৰিৱৰ্তে ২৯ জুনৰ পৰা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷