Logo
image

শিলচৰত দুমহলীয়া ঘৰতো সোমাইছে পানী

ৰাজ্যত বানত পুনৰ ৭জনৰ মৃত্যু

আমাৰ অসম, ২৪ জুনঃ উজনি-নামনিৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰাকৰ বান বিভীষিকাৰ এতিয়া অন্ত পৰা নাই৷ বৰাকৰ তিনিওখন জিলাতে বাঢ়নী পানীৰ প্ৰকোপ প্ৰতিমুহূৰ্ততে বৃদ্ধি পাইছে৷ কাছাৰৰ শিলচৰ চহৰৰ ন-ন অঞ্চল বৰাক নৈ বানৰ কবলত পৰিছে৷ শিলচৰৰ পৰিস্থিতি অধিক শোচনীয়া হৈ পৰাই নহয়, ঠায়ে ঠায়ে নাগৰিকৰ বাসগৃহৰ দুই-মহলা পৰ্যন্ত পানী উঠা পৰিলক্ষিত হৈছে৷ চহৰখনৰ মাজেৰে বৈ যোৱা বৰাক নৈ বাঢ়নী পানীয়ে মথাউৰি ছিঙি শিলচৰ টাউনত প্ৰৱেশ কৰি নৈৰ গতি পথকে এক প্ৰকাৰ সলনি কৰি দিছে৷ ফলত প্ৰলয়ংকাৰী বানে শিলচৰ চহৰত মহাপ্ৰলয়ৰ সূচনা কৰিছে৷ ইপিনে চহৰখনৰ প্ৰতিঘৰ লোকৰ বাসগৃহতে পানী সোমোৱাত ভয়ংকৰ দুৰ্যোগৰ সন্মুখিন হোৱা নাগৰিকসকলক ভুৱনেশ্বৰৰ পৰা অহা এন ডি আৰ এফৰ দলে উদ্ধাৰ কৰিবলৈ গৈ দিশহাৰা হৈ পৰিছে৷ ইফালে বৰাকৰ বান বিধবস্ত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানীৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ লাগিছে বানাক্ৰান্তৰ৷ বান পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে হেলিকপ্টাৰৰ পৰা নাগৰিক ঘৰৰ চাদলৈ খাদ্য সামগ্ৰীৰ টোপোলা নিক্ষেপ কৰিবলগীয়া হৈছে৷ একেদৰে কৰিমগঞ্জ আৰু হাইলাকান্দিৰো পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ দুয়োখন জিলাতে বানে কালৰূপ ধাৰণ কৰাই নহয়, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত বৰাকত আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে বৰাকবাসী এতিয়া চিকিৎসাৰ সংকটত ভুগিছে৷ হাস্পতালসমূহ পানীত বুৰ যোৱাত বানাক্ৰান্তই চিকিৎসা বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে৷ বুধবাৰে পানীৰ মাজত এখন ৰিক্সাত এটা মৃতদেহ লৈ এজন ব্যক্তিয়ে ঘূৰি ফুৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰেও ৰাজ্যৰ  ৩০খন জিলাৰ ৪,৫৩৬খন গাঁও পানীৰ তলতে বুৰ গৈ আছে৷ বানৰ বাবে গৃহহীন হৈ পৰিছে ৪৫ লাখ লোক৷ চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ২ লাখ ৮৫ হাজাৰ বানাক্ৰান্তই৷ ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত মৃত্যু হয় ৭জন লোকৰ৷ বজালীত এজন, বৰপেটাত ২জন, কাছাৰত এজন, ধুবুৰীত এজন আৰু তামুলপুৰত এজন লোকৰ মৃত্যু হৈছে৷ বানৰ বাবে নাগৰিকেই নহয়, জীৱ-জন্তুসমূহৰো খাদ্যৰ নাটনিয়ে দেখা দিছে৷  বেঁকী নৈৰ পানী কিছু পৰিমাণে কমিছে যদিও বৰপেটা জিলাৰ জনীয়া সমষ্টিত হাজাৰ হাজাৰ লোক এতিয়াও জলবন্দী৷ ঘৰৰ মুধচলৈকে পানী উঠাত বিভিন্ন ঠাইত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ-কণ ল’ৰা-ছোৱালীৰ লগতে পশুধনো৷ যদিও বানপীড়িতই ওখ ঠাই নাইবা পথত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে কিন্তু শিবিৰে শিবিৰে আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে৷ শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা আদিৰ ব্যৱস্থা নথকা শিবিৰসমূহত দেখা দিছে বেমাৰ আজাৰে৷ কিন্তু এই সমস্যাসমূহৰ প্ৰতি বৰপেটা জিলা প্ৰশাসনৰ তথা জনীয়াৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলামে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ ইফালে বানপানীৰ বাবে গুৱাহাটী-হাজো পথ বন্ধ কৰি দিছে প্ৰশাসনে৷ আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা গাভৰু নদীয়ে ব্যাপক গৰাখনীয়াৰ সৃষ্টি কৰিছে৷ নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে মিছামাৰীৰ বঙালগাঁও আৰু থেকেৰাজুলি গাঁৱৰ বহুলোকৰ মাটি-ভেটি তথা কৃষক ৰাইজৰ শ-শ বিঘা কৃষিভূমি৷ শেহতীয়াকৈ নৈখনৰ বুকুত জাহ গৈছিল পাঁচটা পৰিয়ালৰ মাটি-ভেটি৷ দৰিদ্ৰ ৰাইজে লাভ কৰা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহও জাহ গ’ল নৈৰ বুকুত৷ নৈপৰীয়া একাংশ ৰাইজে উপায়বিহীন হৈ নিজে সাজি উলিওৱা পকীগৃহ নিজৰ হাতেৰে ভাঙি সম্প্ৰতি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷ শিলচৰৰ পাছতে এইবাৰ ভাবুকি নামিছে নগাঁও চহৰলৈকে৷ বিগত ৫ দিনত ন ন অঞ্চল প্লাৱিত কৰিছে কলং নৈৰ বাঢ়নী পানীয়ে৷ কপিলী নৈৰ বাঢ়নী পানীয়ে কামপুৰ, দক্ষিণপাট, ৰহা, ননৈ আদি অঞ্চল প্লাৱিত কৰাৰ পিছত এতিয়া কলঙে সংহাৰী ৰূপ লৈছে নগাঁৱত৷ নগাঁৱৰ আয়ুসৰেখা স্বৰূপ শান্ত-সমাহিত কলঙৰ বুকুৰে উজাই বৈছে কপিলীৰ পানী৷ বাগ্‌সা জিলাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জালাহ ৰাজহ চক্ৰৰ অধীনস্থ ৩নং বাৰাপেটাত বানাক্ৰান্তৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী আৰু মমবাতি একাংশ লোকে বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কবলত পৰাৰ সময়তে মৰিয়নিত চিৰাখাটি নৈৰ তাণ্ডৱ দেখা গৈছে৷ খৰস্ৰোতা সোঁতে উটুৱাই নিলে নৈৰ ওপৰত থকা পকী দলঙৰ এটা অংশ৷ পকী দলঙৰ এটা অংশ উটুৱাই নিয়াত সীমান্তৱৰ্তী দুলাল বৰুৱা পথত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ নিশা নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত খৰস্ৰোতা নৈৰ পানীয়ে উটুৱাই নিয়ে দলংখন৷ ইফালে নগাঁৱৰ বৰঘাট বাইপাছত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী বাগৰাত যাতায়াতত সমস্যাই দেখা দিছে৷ বান বিভীষিকাৰ মাজতে ধেমাজিত সংঘটিত হৈছে এটা শোকাৱহ ঘটনা৷ ধেমাজিৰ মাছখোৱাত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো৷ গন্ধীয়া নৈৰ বাঢ়নী পানীত পৰি মৃত্যু দুই কণমানি ভগ্নীৰ৷  কণমানি দুটিয়ে খেলি থাকোঁতে হঠাৎ গন্ধীয়া নৈত পৰে৷ কণমানি দুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসায়লতে মৃত্যু হয় কণমানি দুটিৰ৷ মৃত কণমানি দুজনী ক্ৰমে জিনামণি পাৱ আৰু অঞ্জুমণি পাৱ বুলি জানিব পৰা গৈছে৷ ইফালে মৰিগাঁৱৰ দুই যুৱকে দিলে সাহসিকতাৰ পৰিচয়৷ দুই যুৱকে বীৰত্ব দেখুৱাই প্ৰাণ ৰক্ষা কৰিলে দুই কণমানি শিশুৰ৷ বৃহস্পতিবাৰে মৰিগাঁও শংকৰদেৱ নগৰত সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো৷ বাঢ়নী পানীৰ সোঁতে দুই কণমানি শিশুক উটুৱাই নিয়া প্ৰত্যক্ষ কৰে ওচৰতে জাল মাৰি থকা দুই যুৱকে৷ সময় বিনষ্ট নকৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যুৱক দুজনে পানীত জাপ দিয়ে আৰু দুই কণমাণিক উদ্ধাৰ কৰে৷ উদ্ধাৰকাৰী যুৱক দুজনৰ নাম ক্ৰমে দিপুল আৰু অনন্ত৷ দুই যুৱকৰ সাহসিকতাক প্ৰশংসা কৰিছে একাংশই৷ জটিল বানপৰিস্থিতিৰ মাজতে আজি আন এটা শোকাবহ ঘটনা সংঘটিত হয় বৰপেটা চহৰত৷ বানত ডুবি থকা নিজৰ ঘৰৰ ইনভাৰ্টাৰ খুলিবলৈ গৈ মৃত্যুক সাৱটিলে ২৪ বছৰীয়া এজন যুৱকে৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা চহৰৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত গায়ন হাটীত৷ কৰুণভাৱে মৃত্যুক সাৱটি লোৱা যুৱকজন জ্যোতিকেশ গায়ন বুলি জনা গৈছে৷ চিৰাং জিলাৰ বিজনীৰ শিয়ালমাৰীত বৃহস্পতিবাৰে সমনীয়াৰ সৈতে দুলানী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ৷ নিহত ছাত্ৰজনক বঙাইগাঁও জিলাৰ গোসাঁইগাঁৱৰ নিৱাসী অটোচালক জয়ন্ত দাসৰ পুত্ৰ মুনীন্দ্ৰ দাস [১৩] বুলি চিনাক্ত কৰা হৈছে৷ মৃত মুনীন্দ্ৰ দাস দক্ষিণ বিজনী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল৷ বিদ্যালয়ত পৰীক্ষা দি উভতি অহাৰ পাছত সমনীয়াৰ সৈতে দুলানী নৈত গা-ধুই থাকোঁতে পানীত ডুব যায় ছাত্ৰজন৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে নৈৰ বুকুৰ পৰা ছাত্ৰজনক মৃত অৱস্থাত উদ্ধাৰ কৰে৷

বৰপেটাত দুটি শিশুৰ সলিল সমাধি

বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়া আৰু কাৰাইখাইতি গাঁৱত দুটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, মৈৰাদিয়া গাঁৱৰ নজমুল হকৰ পাঁচ বছৰীয়া পুত্ৰ হাছানুৰ ইছলামৰ পানীত পৰি মৃত্যু হয়৷ ঘৰৰ ওচৰতে খেলি থকা অৱস্থাত হঠাৎ শিশুটি পানীত পৰি নিখোজ হয়৷ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি অৱশেষত ঘৰৰ কাষতে থকা বাঢ়নী পানীৰ পৰা শিশুটিক উদ্ধাৰ কৰে৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিশুটিক এখন বাইকেৰে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷ ইপিনে কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতিতো আন এটি শিশু বানত ডুবি মৃত্যু হৈছে৷ প্ৰাপ্ত তথ্য মতে, গাঁওখনৰ আনোৱাৰ হুছেইনৰ ছবছৰীয়া পুত্ৰ হাছিবুল ইছলামে ঘৰৰ নিচেই কাষতে বাঢ়নী পানীত পৰি মৃত্যু হয়৷ স্থানীয় লোকে শিশুটিৰ মৃতদেহ পানীত ওপঙি থকা দেখি পৰিয়ালৰ লোকক খবৰ দিয়াত হুৱা-দুৱা লাগে৷ পাছত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷ এটা দিনতে দুটিকৈ শিশু পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলবাসীক শোকাকুল কৰি তুলিছে৷ অন্যহাতে, কামৰূপ জিলাৰ নগৰবেৰাৰ ভখুৰাদিয়াত ছেলিমা আক্তাৰ নামৰ ১২ বছৰীয়া কিশোৰী এগৰাকী জলজলী নৈত গা ধুবলৈ গৈ পানী ডুব যায়৷ ওচৰৰ মাছমৰীয়া এজনে ঘটনাটো প্ৰত্যক্ষ কৰি ডুব যোৱা কিশোৰীজনীক উদ্ধাৰ কৰাৰ পাছতে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ সম্প্ৰতি কিশোৰীগৰাকীৰ চিকিৎসা অব্যাহত আছে আৰু তাই বিপদমুক্ত বুলি ব্যক্ত কৰিছে চিকিৎসকে৷ দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে কিশোৰীগৰাকীৰ৷

ডবকাত যমুনা নৈত পুনৰ উটি গ’ল মহিলা

পুনৰ ডবকাৰ যমুনা নৈত এগৰাকী মহিলা নিখোজ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডবকা নগৰৰ মণ্ডল বজাৰত থকা যমুনা নৈৰ ঘাটত মুখ, হাত ধুই থাকোঁতে পানীত পৰি উটি যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷ মহিলাগৰাকীৰ নাম নমিতা দেৱনাথ বুলি জানিব পৰা গৈছে৷ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলিত উপস্থিত হয় ডবকা আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দল৷ মহিলাগৰাকীক উদ্ধাৰৰ বাবে প্ৰায় দুঘণ্টা যমুনানৈত  এছডিআৰএফ বাহিনীয়ে অভিযান চলাই যদিও কোনো শুং-সূত্ৰ উলিয়াব নোৱাৰি বিফল হয়৷ নমিতা দেৱনাথৰ ঘৰ ডবকা মিকিৰআটি হাৱগাঁৱৰ গুটি গাঁৱত বুলি জানিব পৰা গৈছে৷ কেইবছৰমান পূৰ্বে মহিলাগৰাকীৰ স্বামী শিবু দেৱনাথেও একেটা স্থানত পৰি মৃত্যু ঘটিছিল৷ মহিলাগৰাকীৰ এগৰাকী কন্যা মানসিক বিকাৰগ্ৰস্ত, এটি ৯ বছৰীয়া পুত্ৰ সন্তানো আছে, দীৰ্ঘ বহু বছৰৰ পৰা কঠিন বেমাৰত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী, অত্যধিক আৰ্থিক অনাটনত ভুগিছিল বুলি জানিব পৰা গৈছে, আজি নদীত উটি যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে, কণমানি পুত্ৰ সন্তানটিক চোৱা-চিতা কৰা কোনো নাই৷

সৰুক্ষেত্ৰীত বানত উটি গ’ল যুৱক

বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি সামান্য উন্নতি হৈছে৷ ইয়াৰ মাজতে এজন লোক বানত উটি গৈ মৃত্যু হয়৷ মৃত লোকজন সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ পাৰাহকুছি গাঁৱৰ দিলীপ কলিতাৰ পুত্ৰ লাচিত কলিতা [২৬] বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে আবেলি লাচিত কলিতাই মৰিপুৰৰ ভগা কালভাৰ্ট এটাৰ ওচৰত ৰৈ থকা অৱস্থাত কিবাপ্ৰকাৰে দ পানীত পৰি যায়৷ ঘটনাৰ আকস্মিকতাত অঞ্চলটোত হুৱা-দুৱা লাগে যদিও লাচিতক বিচাৰি পোৱা নগ’ল৷ কালি এছ ডি আৰ এফৰ দলে অঞ্চলটোত অভিযান চলাই সন্ধিয়া লাচিতৰ মৃতদেহ মৰিপুৰৰ [মেধিট্টাৰী] পথাৰত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ ইফালে, সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি আজি কিছু সুস্থিৰ হৈছে যদিও বন্যাৰ্ত লোকসকলে আশ্ৰয় শিবিৰতে আশ্ৰয়গ্ৰহণ কৰি থাকিবলৈ বাধ্য হৈছে৷ কিয়নো, কিছুসংখ্যক লোকৰ ঘৰৰ ভিতৰৰ পানী শুকাবলৈ লৈছে যদিও বাসপোযোগী হ’বলৈ হয়তো আৰু দুই-চাৰিদিনৰ প্ৰয়োজন হ’ব৷ আনহাতে, বিগত সাত দিন ধৰি আশ্ৰয় শিবিৰত বৃহৎসংখ্যক লোকে আশ্ৰয়গ্ৰহণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত শিবিৰসমূহৰ পৰিৱেশ কদৰ্যময় হৈ পৰিছে৷ যাৰ বাবে আশ্ৰিত লোকসকলৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা পৰিলক্ষিত হৈছে৷ আজিও সৰুক্ষেত্ৰী সমষ্টিৰ লোক নিৰ্মাণৰ পথসমূহত ঠাইবিশেষে তিনি-চাৰি ফুটপৰ্যন্ত পানী বাগৰিয়ে আছে৷ বিশেষকৈ সৰ্থেবাৰী-পাঠশালা, সৰ্থেবাৰী-টিহু, সৰ্থেবাৰী-বৰপেটা পথেৰে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে৷ কাজেই, সমগ্ৰ অঞ্চলটো বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ আশ্ৰয় শিবিৰসমূহৰ কিছু কিছু স্থানত পৰ্যাপ্ত পৰিমাণে খাদ্য-সামগ্ৰী যোগান নোপোৱাৰ অভিযোগ উঠিছে৷